ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ‘ভাৰত ৰত্ন’ ইন্দিৰা গান্ধীৰ জীৱনযাত্ৰাঃ

Spread the love

ইন্দিৰা গান্ধীৰ জন্ম হৈছিল ১৯১৭ চনৰ ১৯ নবেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ আনন্দ ভৱনত।

তেওঁ ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল।

তেওঁৰ পিতৃ আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু মাতৃ কমলা নেহৰু।

ইন্দিৰা মাক সৰুকালতেই ঢুকোৱাইছিল।

দেউতাকৰ মৰম-স্নেহতে তেওঁ ডাঙৰ দীঘল হৈছিল।

ৰবীন্দ্ৰনাথ ঠাকুৰে সৰুতে ইন্দিৰাক নাম দিছিল প্ৰিয়দৰ্শিনী।

তেওঁৰ ককাকৰ নাম আছিল মতিলাল নেহৰু।

সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল।

ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল।

সেইসময়ত আনন্দ ভৱন কংগ্ৰেছৰ প্ৰধান কাৰ্য্যালয় আছিল।

১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মুৰব্বী বিষয়া ‘ফিৰোজ গান্ধীৰ’ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল।

ইন্দিৰা গান্ধী দুটি সন্তান আছিল- সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধী।

প্ৰথমে গুজৰাটী বিদ্যালয় এখনত শিক্ষা আৰম্ভ কৰি পাছত শান্তিনিকেতনলৈ যায়।

১৯৩৪ চনত মোম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পাছ কৰি বিশ্বভাৰতীত ভৰ্তি হয়।

১৯৩৪ চনত শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ তত্ত্বাৱধানত সংগীত-নৃত্যকলা সাধনাৰ শিক্ষা লাভ কৰে।

তেওঁ ১৯৩৫ চনত অধ্যয়নৰ বাবে চুইজাৰলেণ্ডলৈ যায়।

তাৰ পিছত তেওঁ ১৯৩৬ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰে।

নানা অসুবিধাত তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে।

তদুপৰি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ, বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, বিশ্বভাৰতীৰ শিক্ষা, ব্ৰিটিছ শ্ৰমিক পাৰ্টি আৰু ছাত্ৰ আন্দোলনৰ লগত স্থাপন হোৱা সম্পৰ্কৰ অভিজ্ঞতাও ভবিষ্যত জীৱনৰ সমাজবাদী আদৰ্শৰ ভেটি স্বৰূপ আছিল।

১৯৩৭ চনত ইন্দিৰা গান্ধী নিৰ্বাচনৰ কামত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে।

১৯৩৮ চনত তেওঁক কংগ্ৰেছৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল।

তাৰ পিছত কংগ্ৰেছ মহিলা শাখাৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত হয়।

কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সংসদী পৰিষদ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰো তেওঁ সভানেত্ৰী আছিল।

ইন্দিৰা গান্ধী বিভিন্ন বৃহৎ অনুষ্ঠানৰ সৈতে জড়িত আছিল।

বাল সহযোগ, কমলা নেহৰু বিদ্যালয়, বাল ভৱন, ভাৰতীয় শিশু কল্যাণ সন্থাৰ সভানেত্ৰীৰ উপৰিও আন্তৰ্জাতিক শিশু কল্যাণ সন্থাৰো তেওঁ উপ-সভানেত্ৰী আছিল।

তদুপৰি তেওঁ কেন্দ্ৰেীয় সমাজ উন্নয়ন সমিতি, সৰ্বভাৰতীয় হস্তশিল্প সমিতি, ৰাষ্ট্ৰীয় ঐক্যসাধন সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগ আৰু সাংস্কৃতিক উন্নয়ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল।

১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়।

১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্য হয় আৰু আকৌ গুলজাৰিলাল নন্দা ভাৰতৰ প্ৰধানমন্ত্ৰী হয়।

গুলজাৰিলালৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী।

১৯৬৭ চনৰ ১২ মাৰ্চত চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ ইন্দিৰা গান্ধী দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।

১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু হোৱাত উপৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লয়।

তেওঁ কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল।

তেওঁৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত “ভাৰত ৰত্ন” উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।

১৯৭২ চনত ‘কৃষি দেৱী ছেৰেছ’ , ১৯৫৩ চনত ‘মাতৃ’,
১৯৭৩ চনত ‘ৰাষ্ট্ৰনেত্ৰী’ পুৰস্কাৰ লাভ কৰে।

ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

১৯৮৪ চনৰ ৩১ অক্টোৱৰত তেওঁৰ মৃত্যু হয়।

তেখেতৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজী সদায় অতুলনীয় হৈ থাকিব।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24 Sangita Dutta R News India 24

 

Leave a Reply

Your email address will not be published. Required fields are marked *