৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com November 19/2022:-

1. আজি অৰুণাচলত নৱনিৰ্মীত ড’নি প’ল এয়াৰপ’ৰ্ট উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৬৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বিমান বন্দৰটো।
‘এই বিমান বন্দৰে পাহাৰীয়া ৰাজ্যখনক অনন্য মাত্ৰা প্ৰদান কৰিব’ বুলি আশাবাদী অৰুনাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু।
আইন মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকে এই অনুষ্ঠানত

2. নলবাৰীৰ চান্দকুছিৰ বৰ আজাৰাত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ।

3.আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মবাৰ্ষিকী৷
দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জনালে ইন্দিৰা গান্ধীক৷
ভাৰত জোড়োৰ মাজতে মধ্য প্ৰদেশত ৰাহুল গান্ধীয়ে জনালে শ্ৰদ্ধাঞ্জলি৷

4. ২৪ ডিচেম্বৰত নলবাৰীত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক বৈঠক।
সেইদিনাই ঘোষণা কৰা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল।

5. অসম সাহিত্য সভাৰ ড° ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা সংগীতশিল্পী ঊষা মংগেশকাৰলৈ।
২২ নৱেম্বৰত গুৱাহাটীত প্ৰদান কৰা হব এই বিশেষ বঁটা।

6. ‘বন বিভাগৰ বিষয়া কৰ্মচাৰীক কাটি টুকুৰা-টুকুৰ কৰিবলৈ নিৰ্দেশ’ -মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ।

7. বিশিষ্ট সাহিত্যিক, গীতিকাৰ আৰু জীৱনীকাৰ বাবুল দাসৰ দেহাৱসান।
হেলথ চিটী হস্পাতালত চিকিৎসাধীন হৈ আছিল।
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সাহিত্যিক গৰাকী।

8. আজি জনপ্রিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ ওপজা দিন।
‘বয়সৰ কথা সুধিলে মই গান গাব নোৱাৰিম, জুবিনতকৈ এদিনৰ সৰু মই~ ওপজা দিনত নিজৰ অনুভৱ ব্যক্ত কৰিলে চিৰসেউজ শিল্পী দ্বীপেন বৰুৱাই।

9. আজি ভ্ৰাম্যমানৰ প্ৰবীণ নেপথ্য কণ্ঠশিল্পী তথা ব্ৰজনাথ শৰ্মা বঁটা বিজয়ী দশৰথ দাসৰ ৮১ সংখ্যক ওপজা দিন ।
বজালীৰ বাঘমাৰাত শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰে।
জন্মদিনৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

10. “ৰাজনীতিৰ নামত ধৰ্মান্তৰকৰণ ভাল কথা নহয়”- মন্তব্য বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

11. ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
ৰখাই থোৱা ট্রাকত প্রচণ্ড খুন্দা মাৰে এখন বাহনে।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন ব্যক্তি- যদুমণি শেনচোৱা, দেৱৰাজ সোণোৱাল।

12. “অসমৰ খিলঞ্জীয়া নাগৰিকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হব লাগে”- মন্তব্য লুৰীণজ্যোতি গগৈৰ।

13. বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বাবে প্ৰস্তুতি তুংগত।
অসমৰ পৰা দিল্লীলৈ ৰূপত লাচিত দিৱসৰ ব্যাপক কাৰ্যসূচী।
নতুন দিল্লীত ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লাচিত দিৱস।
লাচিতৰ নাটকৰ আখৰাত ব্যস্ত বিধায়কৰ পৰা উপায়ুক্তলৈ সকলো।

14. “দেশে-বিদেশে 3G, 4G, 5G চলে, কিন্তু অসমত চলে ZG”- মন্তব্য জুবিন গাৰ্গৰ।

15. চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন।
নাজিৰাৰ মেকিপুৰ চাহ বাগিচা খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে অধিৱেশন‌।
অধিবেশন লৈ উখল-মাখল পৰিৱেশ গণেশ চন্দ্ৰ কুৰ্মী সমন্বয় ক্ষেত্ৰ।
ৰাজ্যৰ ১৫ খন জিলাৰ কেইবা হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে।

16. অসম সাহিত্য সভাৰ নিৰ্বাচনত ৰিগিঙৰ প্রসংগ পোহৰলৈ অহাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ।
সাহিত্য সভাক কলংকিত কৰা কাণ্ডৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰিলে সভাপতি কুলধৰ শইকীয়াই।
“অভিযোগ প্ৰমাণিত হলে শাস্তি হব দুই কৰ্মকৰ্তাৰ।

17. প্ৰবীণ অভিনেত্ৰী টবশ্বুম গোভিলৰ দেহাৱসান।হৃদৰোগত আক্ৰান্ত হৈ ৭৮ বছৰ বসয়ত শেষনিশ্বাস ত্যাগ কৰে মুম্বাইত।
মেৰা ছুহাগ, মাঝধৰ, বড়ী বেহেন, দিদাৰ, স্বৰ্গ আদি ছবিত অভিনয় কৰিছিল টবশ্বুমে।
দূৰদৰ্শনৰ জনপ্ৰিয় অনুষ্ঠান ‘ফুল খিলে হ্যে গুলছন গুলছন’ৰ আঁত ধৰিছিল টবশ্বুমে।

18. শুৱালকুছিৰ পাট কাপোৰৰ নামত বহিঃৰাজ্যৰ পাট কাপোৰৰ দপদপনি।
একাংশ অসাধু ব্যৱসায়ীয়ে গ্রাহকক মিছা কথাৰে বিক্রী কৰি আহিছে শুৱালকুছিৰ বুলি বহিঃৰাজ্যৰ পাট কাপোৰ।
অৱশেষত সচেতন গ্রাহকৰ তৎপৰতাত পোহৰলৈ আহিছে সমগ্র ঘটনা।

19. শুকুৰবাৰে দক্ষিণ আমেৰিকাৰ দেশ পেৰুত সংঘটিত হয় এক ভয়ানক বিমান দুৰ্ঘটনা।
পেৰুৰ লিমা আন্তঃৰাষ্ট্রীয় বিমান বন্দৰত উৰা মাৰিবলৈ লোৱাৰ সময়তে যাত্রীবাহী বিমান এখনে মহটিয়াই নিয়ে দুখনকৈ অগ্নি নিৰ্বাপক গাড়ী।
থিতাতে নিহত হয় দুজন অগ্নি নিৰ্বাপক কৰ্মী।

20. গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্রাগছ জব্দ কৰা হৈছে।
প্রায় ১ কিলোগ্রাম হেৰ’ইন জব্দ GRPৰ।
ৰাজধানী এক্সপ্ৰেছ যোগে সৰবৰাহ কৰিছিল হেৰ’ইনখিনি।
ইয়াৰ বজাৰ মূল্য ৫ কোটি টকা।
হেৰ’ইন সৰবৰাহত জড়িত ৩ জনক আটক কৰে GRP এ।

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *