সন্মিলিত গণশক্তি অসম দলৰ ১৭ ত্বম প্ৰতিষ্ঠা দিৱস।

Spread the love

উজনি মাজুলী মিলন সংঘ প্ৰাংগনত সন্মিলিত গণশক্তি অসম দলৰ ১৭ ত্বম প্ৰতিষ্ঠা দিৱস পালন।

উজনি মাজুলী ব্লক সমিতিৰ অন্তৰ্গত ৮ খন পঞ্চায়তৰ ৮ খন পতাকা আৰু ব্লক সমিতিৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱস উদযাপন।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উজনি মাজুলী ব্লক সন্মিলিত গণশক্তি অসম দলৰ তিনিবছৰীয়া কাৰ্যকালৰ শেষত পঞ্চম ত্ৰি-বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধিমুলক সভা অনুষ্ঠিত হয় ৷
সভাখন আত ধৰে সন্মিলিত গণশক্তি অসম দলৰ উজনি মাজুলী ব্লক সমিতিৰ সম্পাদক দিলিপ বৰাই। সভাপতিত্ব কৰে সন্মিলিত গণশক্তি অসম উজনি মাজুলী ব্লক সমিতিৰ সভাপতি দেৱজিৎ পাতিৰে।
সভাখন উদ্বোধন কৰে সন্মিলিত গণশক্তি অসম দলৰ সাংগঠনিক সম্পাদক নিলকান্ত দলেয়ে।

কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক পুৰুষোত্তম দলেয়ে প্ৰতিনিধি সকলক উদ্দেশ্যি দলৰ অতীত আৰু বৰ্তমান দলৰ স্থিতি সম্পৰ্কে বক্তব্য আগবঢ়াই ৷

সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে।
যেনে-

১/ সন্মিলিত গণশক্তি, নাৰীশক্তি ,কৃষকশক্তি আৰু শ্ৰমিক শক্তি অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিটো পঞ্চায়ত সমিতিক দলীয় কামত আত্মনিয়োগ কৰা।

২/ দলৰ সংবিধানত সন্নিৱিষ্ট কৰ্মসূচীৰ আধাৰত ৰাজনৈতিক কৰ্মসূচী যেনে – কৃষক সমস্যা, শ্ৰমিক সমস্যা, শিক্ষা ব্যৱস্থা, ভূমি ব্যৱস্থা, স্বাস্থ্য সমস্যা, যাতায়ত ব্যৱস্থা, হস্ততাঁত বস্ত্ৰ শিল্পৰ উন্নয়ন, ৰেচম শিল্প, কুটিৰ শিল্প, কৃষি উন্নয়ন, মীন পালন , পশুপালন, অৰ্থনৈতিক স্বাৱলম্বীতা, দক্ষতা বিকাশ আদি বিষয়সমূহ বিস্তৃত ৰূপত আলোচনা কৰা।

৩/ সন্মিলিত গণশক্তি আৰু ইয়াৰ ভাতৃ সংগঠন সমূহক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে নীতি নীষ্ট নেতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিটো পঞ্চায়ত ভিত্তিত কৰ্মশালা অনুষ্ঠিত কৰা।

৪/ সন্মিলিত গণশক্তি দলৰ বিভিন্ন পৰ্যায়ত নিৰ্বাচিত জন প্ৰতিনিধি সকলে জনগণৰ স্বাৰ্থক উৰ্দ্ধত ৰাখি দায়বদ্ধতাৰে কাম কাজ কৰা আদি।

উল্লেখ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জেংৰাই গাওঁ পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য মিনাৰাম পেগুৱে সন্মিলিত গণশক্তি দলৰ নীতি আদৰ্শত আকৃষ্ট হৈ সভাস্থলিতে সন্মিলিত গণশক্তি দলত যোগদান কৰে ৷

প্ৰতিনিধি সভাৰ অন্তত উজনি মাজুলী সন্মিলিত গণশক্তি অসম দলৰ তিনিবছৰীয়া কাৰ্যকালৰ বাবে সভাপতি চাপ্পল দলে, কাৰ্যকৰী সভাপতি নিলকান্ত দলে, উপসভাপতি ক্ৰমে অমিয় সোনোৱাল, ৰাকেশ পাতিৰ , খগেশ্বৰ মিলি, মহেন্দ্ৰ নাথ আৰু ভাস্কৰ পেগু, সম্পাদক ক্ৰমে দিলিপ বৰা , ৰমেন শইকীয়া, দুলাল শইকীয়া আৰু অৰুণ নৰহক লৈ ৬৬ জনীয়া উজনি মাজুলী ব্লক সন্মিলিত গণশক্তি অসমৰ নতুন কমিটি খন গঠন কৰে ।

সভাত কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰেমধৰ দলে, দেবকান্ত দলে, উজনি মাজুলী সন্মিলিত গণশক্তি অসম দলৰ ক্ৰমে হৰিপ্ৰসাদ পেগু, চাপ্পল দলে, ভাস্কৰ দেউৰী, ৰাকেশ পাতিৰ, বিদ্যাৱতী পাতিৰ, সুৰ্য্য দলে, দিলিপ বৰা, উজনি মাজুলী ব্লক সন্মিলিত গণশক্তি অসম দলৰ প্ৰতিষ্ঠাপক সভাপতি সুৰেশ বট্টকে ধৰি প্ৰায় তিনিশ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

 

News Editor Sangita Dutta Reports R News India 24 Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *