৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com November 27 / 2022:-

1. বিদ্যাছিং লেকথেৰ পৰিয়ালক ৫ লাখ টকাৰ এককালীন সাহাৰ্য্য ৰাজ্য চৰকাৰৰ।
বিদ্যাছিং লেকথেৰ নামেৰে নামকৰণ হ’ব কাৰ্যালয়।
কাৰ্যালয়ৰ চৌহদত লেকথেৰ প্ৰতিমূৰ্তি স্থাপনৰ ঘোষণা মন্ত্ৰী যোগেন মহন্তৰ৷
লগতে বিদ্যাছিঙৰ পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

2. “মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব আৰু এটা অসম ভৱন। অসমতো মহাৰাষ্ট্ৰ ভৱন নিৰ্মাণৰ বাবে আবণ্টন দিয়া হ’ব ভূমি”- একনাথ সিন্দেৰে বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।

3. বুদ্ধিজীৱী, চিন্তাবিদ, সমালোচক ড° হীৰেন গোহাঁইক ‘প্রজ্ঞা-সাধক’ উপাধি প্রদান।
টিয়কৰ অনিৰ্বান সাংস্কৃতিক গোষ্ঠীয়ে প্ৰদান কৰে এই সন্মান।
অনুষ্ঠানত “বুদ্ধিজীৱীসকলৰ ভূমিকা” নামেৰে এখন আলোচনাচক্ৰও হয়।

4. ৰাজ্যৰ ক্রিকেটপ্রেমী সকলৰ বাবে সুখবৰ।
বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এদিনীয়া ক্রিকেট মেচ।
জানুৱাৰী মাহত ভাৰত আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হব খেলখন।
১ জানুৱাৰীত BCCI ৰ এটা দলে পৰ্যবেক্ষণ কৰিব ষ্টেডিয়ামখন।
ইতিমধ্যে গ্ৰাউণ্ডৰ কাম আৰম্ভ কৰিছে অসম ক্ৰিকেট সন্থাই।

5. মুকলি হ’ল অসম-মেঘালয়ৰ মাজত যান-বাহনৰ চলাচল৷
৬ দিন ধৰি স্তব্ধ হৈ আছিল দুই ৰাজ্যৰ যাতায়াত৷
যান-বাহন চলাচলত অনুমতি প্ৰদান কৰিলে প্ৰশাসনে। যোৰাবাটেৰে মেঘালয়লৈ চলিছে বাহন৷

6. তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব মমতা বেনাৰ্জী।
মমতা বেনাৰ্জীৰ আগন্তুক ভ্ৰমণক লৈ মেঘালয়ত ব্যাপক চৰ্চা।
১২ ডিচেম্বৰত মেঘালয়ত উপস্থিত হব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
মুক্ৰং হিংসাত্মক ঘটনাৰ সুযোগ লোৱাৰ চেষ্টা মুখ্যমন্ত্ৰী গৰাকীৰ।

7. “মুখ্যমন্ত্ৰীৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবে মেঘালয়ত সৃষ্টি হৈছে সমস্যাৰ”- মন্তব্য ভূপেন বৰাৰ।

8. শিলচৰত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক৷
২৮ নৱেম্বৰত শিলচৰলৈ ৰাওনা হব মুখ্যমন্ত্ৰীসহ আন মন্ত্ৰীসকল।
২৯ নৱেম্বৰত শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
এই কেবিনেট বৈঠকক লৈ আশাবাদী বৰাকবাসী৷

9. আলফা স্বাধীনক ধন দি গ্ৰেপ্তাৰ হ’ল সোণাৰিৰ ৩ জন ব্যৱসায়ী৷
সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ ব্যৱসায়ী- মনোহৰ ঠাকুৰ, লাল বাহাদুৰ ঠাকুৰ, কাদেৰ শ্বাহক।
ধৃত নগা যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হয় ব্যৱসায়ী কেইজন।

10. চট্টিশগড়ত মাওবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান।
আৰক্ষী-CRPFৰ সৈতে মাওবাদীৰ ভয়াৱহ সংঘৰ্ষ।
সংঘৰ্ষত নিহত হয় ৬ জনকৈ মাওবাদী।
চট্টিশগড়ৰ বিজাপুৰৰ পোমৰা বনাঞ্চলত চলিছিল এই অভিযান।
বনাঞ্চলখনত বাহৰ পাতি আছিল মাওবাদীৰ এটা বিশাল দলে।
ঘটনাস্থলীৰ পৰা ৰাইফল, বিস্ফোৰক জব্দ কৰিছে আৰক্ষী-CRPFএ।

11. গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷
দুৰ্ঘটনাত নিহত হয় এজন বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় দুজন লোক৷
বাইক আৰু চুইফ ডিজেয়াৰ বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।

12. নতুন দিল্লীত NEIFTৰ সংবাদমেল ।
১১ডিচেম্বৰত অনুষ্ঠিত হ’ব চেলিব্ৰেটিং নৰ্থ ইষ্ট।
অনুষ্ঠানত উঃ-পূঃৰ বস্ত্ৰ উদ্যোগ আৰু হস্তশিল্প প্ৰদৰ্শন হব।
সংগীতানুষ্ঠান পৰিৱেশন কৰিব জুবিন গাৰ্গে।
এই অনুষ্ঠানৰ সবিশেষ জনালে বিক্ৰম ৰায়মেধীয়ে।

13. গুজৰাটত বলিছে নিৰ্বাচনী বতাহ।
প্ৰতিটো দলৰ শীৰ্ষ নেতৃত্বই চলাইছে তীব্ৰ প্ৰচাৰ অভিযান।
উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৮৯ টা সমষ্টিত অনুষ্ঠিত হব এই নিৰ্বাচন।
নিৰ্বাচন বাবে প্ৰচাৰ চলাইছে প্ৰতিটো ৰাজনৈতিক দলে।

14. ঘোষণা হ’ল অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচনী ফলাফল।
সভাপতি পদত জয়ী নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, সাধাৰণ সম্পাদক পদত ত্ৰিদীপ কোঁৱৰ, উপ-সভাপতি পদত ৰাজদ্বীপ ওজা, কোষাধ্যক্ষ পদত চিৰঞ্জীৱ লাংঠাছা, যুটীয়া সম্পাদকৰ পদত ৰাজেন্দ্ৰ সিং, এপেক্স কাউন্সিলৰ সদস্য পদত জয়ী অনুপম দাস।
১ ডিচেম্বৰত এই ৬ জনীয়া কমিটীয়ে ল’ব দায়িত্ব।

15. “বসুন্ধৰাৰ নামত চৰকাৰে মাটি বনিয়াক গতাব বিচাৰিছে।
জনগোষ্ঠীয় আন্দোলনসমূহক বিপথে পৰিচালিত কৰি আছে”- মন্তব্য ড° হীৰেণ গোহাঁইৰ।

16. “অসমৰ মুখ্যমন্ত্ৰী কেৱল প্ৰচাৰত ব্যস্ত।
অসমৰ মানুহৰ সুৰক্ষাক লৈ চিন্তিত নহয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা”- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

17. শিৱসাগৰৰ গেমন দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
মালবাহী ট্রাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
থিতাতে নিহত হয় এহাল যুৱক-যুৱতী।
নিহত যুৱকজন শেনচোৱা গাৱৰ মইনা বুলি চিনাক্ত কৰিছে আৰু নিহত যুৱতী গৰাকীৰ নাম পুজা।
পথৰ দুৰাৱস্থাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

18.শিলচৰৰ উদাৰবন্দত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।
ট্ৰাকৰ পিছফালে দ্ৰুতবেগী অটোৰ খুন্দাত থিতাতে নিহত হয় ২৫ বছৰীয়া দেবু দাস।
নিহত অটোচালক দেবু দাসৰ ঘৰ শিলচৰৰ চেংকুৰী ৰোডত বুলি জানিব পৰা গৈছে।

19. গোৱালপাৰা জিলাৰ চোটিপাৰাত দুদিনীয়া কাৰ্যসূচীৰে ১০০ ঢোল ৱাংগালা উৎসৱ৷
গাৰো সাংস্কৃতিক মঞ্চ আৰু গাৰো ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই উৎসৱৰ৷

20. ডিব্ৰুগড়ত চহৰত মৰাথান দৌৰ প্ৰতিযোগিতা।
প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে বহু শতাধিক প্ৰতিযোগীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ স্বৰ্গীয় কৈলাশনাথ শৰ্মাৰ সোঁৱৰণত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *