ক’লা নিমখ কিয় খাব লাগে ? ক’লা নিমখে কি কি ৰোগ নিৰাময় কৰে জানে নে ? - R News India 24
Skip to content
ক’লা নিমখ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
ক’লা নিমখ খালে বহু বেমাৰ নিৰাময় হয়।
ক’লা নিমখত পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম, ছালফাৰ, জিংক আদি পুষ্টিকৰ উপাদান থাকে।
জানো আহক ক’লা নিমখ খালে আমাৰ কি কি উপকাৰ হয় –
ক) ক’লা নিমখ খালে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে আৰু শৰীৰটো সতেজ কৰি ৰাখে।
খ) ক’লা নিমখ খালে হজম শক্তি উন্নত কৰে, শৰীৰৰ কোষবোৰক পুষ্টি প্ৰদান কৰে আৰু হাড়বোৰ শক্তিশালী কৰে।
গ) কলা নিমখে ওকালি অহা, এচিডিটি বা কোষ্ঠকাঠিন্যৰ দৰে সমস্যা নাইকিয়া কৰে।
ঘ) ক’লা নিমখে হৃদযন্ত্ৰ সবল আৰু ৰোগমুক্ত কৰি ৰখাত সহায় কৰে।
ঙ) ডায়েবেটিচ ৰোগীসকলে কলা নিমখ খাব লাগে।
কলা নিমখে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে।
চ) ক’লা নিমখ খালে শুকান ছাল সতেজ আৰু মসৃন কৰি উজ্জ্বলতা বৃদ্ধি কৰে ।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে ক’লা নিমখ খাওঁক আৰু নিৰোগী হৈ থাকক।
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta R News India 24
