বন্ধাকবি কেনেকৈ খালে এই মাৰাত্মক ৰোগৰ পৰা বাচিব পাৰি জানো আহক।
বন্ধাকবি আমাৰ শৰীৰৰ বাবে উপকাৰী।
বন্ধাকবি খালে আমাৰ দেহৰ বহুকেইটা মাৰাত্মক বেমাৰ নিৰাময় হয়।
বন্ধাকবি কেঁচাই, ভাজি, চুপ, চাটনি কৰিও খোৱা হয়।
আপুনি বাৰু কেনেকৈ বন্ধাকবি খাই ভাল পায়?
বন্ধাকবিৰ বৈজ্ঞানিক নাম brassica obracealinn .
জানো আহক বন্ধাকবিত কি কি ঔষধী গুণ আছে-
1. কৰ্কট ৰোগ হলে বন্ধাকবি খাব লাগে।
2. মূৰৰ বিষ, বুকুৰ ধপধপনি আদিত বন্ধাকবি খালে সুফল পোৱা যায়।
3. কোষ্ঠকাঠিন্য হ’লে বন্ধাকবি সিজাই খালে সুফল পোৱা যায়।
4. বন্ধাকবি খালে দাঁত আৰু হাড়ৰ গঠন মজবুত হয়।
5. বন্ধাকবি খালে চকুৰ দৃষ্টি শক্তি বাঢ়ে।
6. বন্ধাকবিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।
7. বন্ধাকবিয়ে শৰীৰৰ তেজ পৰিষ্কাৰ কৰে।
8. পাকস্থলীত ঘা হ’লে বন্ধাকবি খালে নিৰাময় হয়।
9. গৰল ৰোগ, দাঁতৰ পায়োৰিয়া ৰোগ, ব্ৰংকাইটিছ ৰোগত বন্ধাকবি উপকাৰী।
10. বন্ধাকবি খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে বন্ধাকবি খাওঁক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
কাংকান কায়োম - R News India 24