৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 29/2022:-
1. আজি শিলচৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই বৈঠক।
অৰুণোদয় আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত বৈঠকত।
অৰুণোদয় আঁচনিত নতুনকৈ সংলগ্ন কৰা হ’ব ১০,৫৭,৫১৬গৰাকী।
৩১ মাৰ্চৰ ভিতৰত নতুন হিতাধিকাৰী সংলগ্নৰ সিদ্ধান্ত।
আবেদনৰ প্ৰক্ৰিয়া অহা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।
কেবিনেট বৈঠকত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
2. অসমৰ দ্বিতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী, ৰামায়ণী সাহিত্যৰ বিশিষ্ট পণ্ডিত, প্ৰসিদ্ধ সাহিত্যিক, ঔপন্যাসিকা মামণি ৰয়ছম গোস্বামীৰ আজি একাদশ মৃত্যুবাৰ্ষিকী।
ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
3. গুৱাহাটীত হ’ব ৩খন নতুন উৰণ সেতু।
ডাউন টাউন হাস্পতালতৰ সন্মুখত হ’ব এখন, ফটাশিল-গড়চুক পথত হ’ব দ্বিতীয়খন উৰণ সেতু,
কুমাৰপাৰা-ফটাশিল পথত হ’ব তৃতীয়খন সেতু।
কাছাৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
4. ২০২১ চনৰ ২৯ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে অনিমেষ ভূঞাৰ মৃত্যু হৈছিল।
একাংশ উন্মত্ত লোকৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল অনিমেষে।
আজি এবছৰ পাৰ হল অনিমেষৰ।
বৰ্বৰ ঘটনা সংঘটিত হোৱা স্থানতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই।
5. দেউৰী পিপল্ছ জাষ্টিছ ফ’ৰামৰ উদ্যোগত ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব জননেতা ভীমবৰ দেউৰীৰ মৃত্যু দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান।
উক্ত অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, লেখক ময়ূৰ বৰাক প্ৰদান কৰা হব ভীমবৰ দেউৰী বঁটা-২০২২ ।
লগতে সংগ্ৰামী নেত্ৰী হিচাপে ভীমবৰ দেউৰী যুৱ বঁটা প্ৰদান কৰা হ’ব অঞ্জলি দৈমাৰীক।
6. নলবাৰী বাসীলৈ ভাল খবৰ।
৬ ডিচেম্বৰৰ পৰা নলবাৰীত আৰম্ভ হ’ব কেইবাটাও প্ৰকল্প- নতুন উপায়ুক্ত কাৰ্যালয়, ষ্টেডিয়াম, চহৰ আধুনিকীকৰণৰ কাম আৰম্ভ হ’ব।
7. “কোনো শৈক্ষিক প্ৰতিষ্ঠানত ৰেগিং আমি সহ্য নকৰোঁ, নিশাই SPক ৰেগিঙত জড়িত ছাত্ৰক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিলোঁ।
ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলা নিশ্চয় আছে”- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
8. ‘মেঘালয়ৰ ভূমিত অসমক কাম-কাজ কৰিবলৈ দিয়া নহ’ব’ মুক্ৰ’ক মেঘালয়ৰ বুলি দাবী মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ।
9. অৰুণোদয়ৰ সুবিধা লাভ নকৰা মহিলাৰ বাবে সুখবৰ।
“৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া”।
“বিধৱা মহিলাই প্ৰতিমাহে লাভ কৰিব ১২৫০ টকা”।
ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
10. কেৰালাত ৬৫সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন অসমৰ হৃদয় হাজৰিকাৰ।
ফাইনেল খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাই হৃদয়ক ১৬-৮ পইণ্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক লাভ কৰে ।
11. “নিজৰ সতীৰ্থক এনেদৰে অত্যাচাৰ কৰাটো কোনোমতে গ্ৰহণযোগ্য নহয়।”
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙক লৈ মন্তব্য – কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
12. “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মিছা কথা কোৱাৰ নায়ক ”
প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেৰ।
13. শিৱসাগৰৰ হালোৱাটিঙত আৰক্ষীৰ অভিযান।
জব্দ কৰে প্রায় ৩৬টন বার্মিজ চুপাৰিভৰ্তি ট্ৰাক।
কলকাতালৈ সৰবৰাহৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন লগতে ৪ টাকৈ সৰবৰাহকাৰীক আটক কৰে।
14. মহানগৰীত জব্দ কৰা হৈছে ৩.৫ কোটি টকা মূল্যৰ গাঞ্জা।
ত্ৰিপুৰাৰ পৰা সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি।
যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত এটা দলে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।
আৰক্ষীয়ে ৪ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
সৰবৰাহকাৰী কেইটা বিহাৰৰ বুলি জানিব পৰা গৈছে।
15. মাজুলীৰ বনগাঁৱত অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত শৰীৰচৰ্চা কেন্দ্ৰ মুকলি৷
কেপিটেল ফিটনেছ চেন্টাৰ ‘ইউনিচেক্স’ নামৰ শৰীৰচৰ্চা কেন্দ্ৰটো শুভ উদ্বোধন কৰে বিধায়ক ভুবন গামে৷
16. মহানগৰীৰ বেলতলাত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ মুকলি।
বিধায়ক তথা অসম ক্ৰিকেট সন্থাৰ নৱ নিযুক্ত সভাপতি তৰংগ গগৈয়ে মুকলি কৰে বেলতলা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰটো।
17. বোকাজানত ডিলাইত ১ কোটি টকাৰ কানি জব্দ কৰে।
এখন ট্ৰাকৰ ইঞ্জিনত লুকুৱাই আনিছিল কানিখিনি।
ডিলাই আৰক্ষীৰ জালত পৰিছে দুই সৰবৰাহকাৰীক।
জব্দকৃত কানিখিনিৰ ওজন প্ৰায় ১৮ কিলো।
দুই সৰবৰাহকাৰীৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে।
18. গুৱাহাটীত বিস্তৰ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়।
গড়চুকত ৫০০ কেজি গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মনীষ কুমাৰ, দীনবন্ধু কুমাৰ, সঞ্জয় কুমাৰ, নবীন কুমাৰক।
জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩.৫ কোটি টকা।
19. মহানগৰীৰ ISBTৰ গেৰেজৰ পৰা চোৰ কৰিলে এখন বাছ।
AR-20-1378 নম্বৰৰ বাছখন মেৰামতি কৰিব দিছিল নার্জাৰী গেৰেজত।
বিজয় গুপ্তাৰ কাৱাৰীৰ পৰা ISBT আৰক্ষীয়ে জব্দ কৰে বাছখনৰ ভগ্নাংশ খিনি।
বাছ চুৰিত জড়িত ২জনক আটক কৰে আৰক্ষীয়ে ।
20. ডিগবৈৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
নিমিষতে জুইত জাহ যায় ১৫ টাকৈ বাসগৃহ লগতে বহু মূল্যৱান সা-সামগ্ৰী।
অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত অগ্নিনিৰ্বাৰক বাহিনীৰ।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।