সৰিয়হ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰি।
সৰিয়হ খালে আমাৰ দেহৰ বহু বেমাৰ নাশ হয়।
সৰিয়হৰ বৈজ্ঞানিক নাম –Brassica .
সৰিয়হত প্ৰটিন, কাৰ্বহাইড্ৰেট, এন্টিঅক্সিডেন্ট, কলেষ্টৰল, ভিটামিন- এ, ভিটামিন- চি , ভিটামিন- কে, ভিটামিন-ই, প’টেচিয়াম, চ’ডিয়াম, কেলচিয়াম,আইৰণ, মেংগানিজ, মেজনেচিয়াম, ক’পাৰ,জিংক, ফচফৰাচ, চালফাৰ, চেলেনিয়াম, কেৰটিন-বি আদি পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক সৰিয়হত কি কি ঔষধী গুন আছে-
1. চুলি সৰা, অকালতে পকা, উফি হোৱা, চুলি ছুটি আদিত সৰিয়হৰ তেল অতি উপকাৰি ।
2. সৰিয়হ পিহি শালমইনা হোৱা স্থানত লগালে শালমইনাৰ দাগ অতি সোনকালে আঁতৰে।
3. নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত সুফল পোৱা যায়।
4. টোপনি কম হলে-নেমুৰ ৰস আৰু সৰিয়হৰ তেল মিহলাই ভৰিত ঘঁহিলে টোপনি ভাল হয়।
5. তলপেটত সৰিয়হৰ তেলেৰে মালিচ কৰিলে-শৌচ খুলুচা হয়।
6. ক’লা সৰিয়হৰ আঞ্জা কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।
7. দাঁতত হালধীয়া দাগ পৰিলে-নিমখ, চৌদাখাৰ, নেমু টেঙাৰ ৰস আৰু সৰিয়হ মিহলাই ঘঁহিলে দাঁত পৰিষ্কাৰ হয়।
8. মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হলে সৰিয়হ পিহি গৰম কৰি পেটত লগালে আৰাম পোৱা যায়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে সৰিয়হৰ তেল খাওঁক আৰু নিৰোগী হৈ থাকক।
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
News Editor Sangita Dutta R News India 24
