৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com December 10/2022:- 

1. আজি বিশ্বনাথত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
বিশ্বনাথ জিলাত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত প্ৰায় ৪২৩ কোটি টকা ব্যয়সাপেক্ষ ১৯টা অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
“বিহালীত এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি” মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে পীযুষ হাজৰীকা, পল্লৱলোচন দাস, বিধায়ক ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল ।

2. গোৱাৰ পানাজিত শ্বহীদ দিৱস উদযাপন।
গোৱাৰ অসমীয়া সমাজ, Assam Society of GOAৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷
অনুষ্ঠানত অংশগ্ৰহন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

3. বালিপাৰা ফাউণ্ডেছনৰ উদ্যোগত Eastern Himalayan Naturenomics Forum।
১১-১৩ ডিচেম্বৰলৈ ঢাকাত অনুষ্ঠিত হ’ব এই বিশেষ কাৰ্যসূচী।
Forumৰ মূল থীম হৈছে ‘পাৰিপাৰ্শ্বিকতাই অৰ্থনীতি’। ১২ ডিচেম্বৰত মুখ্য অতিথি হিচাপে অনুষ্ঠানত অংশ ল’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

4. গোৱাত উপস্থিত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল।
১১ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে উন্মোচন কৰিবলগীয়া আয়ূৰ্বেদিক শিক্ষা প্রতিষ্ঠানখন পৰিদৰ্শন কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।
‘আয়ূৰ্বেদৰ এই নতুন শিক্ষা প্রতিষ্ঠানে ভাৰতীয় চিকিৎসা ব্যৱস্থাত এক নতুন মাত্রা প্রদান কৰিব বুলি আশাবাদী কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল।
মাজুলী আৰু গোৱালপাৰাতো অনুৰূপ দুখন শিক্ষা প্রতিষ্ঠান স্থাপন কৰা হ’ব বুলিও মন্তব্য কৰে কেন্দ্রীয়মন্ত্রীগৰাকীয়ে।

5. আজি অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ জন্মদিন।
শিৱসাগৰ, দেৰগাঁও, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰা হয় ভাষাৰ ওজাৰ জন্মদিন।
তেওঁৰ প্রতিমূৰ্তিত বন্তি প্রজ্বলন, ফুলৰ মালা অৰ্পণৰ লগতে তেওঁৰ কৰ্মৰাজি সুঁৱৰি শ্রদ্ধাঞ্জলি জনাই।

6. “ৰাজনীতি বাদ দি কবি হোৱাৰ মন মেলিছে ভূপেন বৰাই।
শুভেচ্ছা জনাইছোঁ তেওঁ সফল হওঁক”- মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

7. “আপৰ পাৰিষদক কিনিবলৈ বিজেপি নেতাৰ অফাৰ।
৫০লাখ পৰ্যন্ত অফাৰ আহিছে আপৰ পৰিয়ালৰ।
কাৰোবালৈ ১০লাখৰ অফাৰ, আন কাৰোবালৈ ৫০ লাখ অফাৰ”- জয়ী হোৱা আপৰ পাৰিষদলৈ আহ্বান অৰবিন্দ কেজৰিৱালৰ।

8. দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰধান মোহন ভাগৱত।
মহানগৰীৰ হাজংবড়ীত অনুষ্ঠিত RSSৰ ‘প্ৰেৰণা’ শিবিৰত অংশগ্ৰহণৰ বাবে আহিছে মোহন ভাগৱত।
ভাগৱতৰ আগমনক লৈ এতিয়া RSSৰ অসমৰ কাৰ্যকৰ্তাৰ সমান্তৰালকৈ বিজেপিৰ নেতা-কৰ্মীও ব্যস্ত হৈ পৰিছে।

9. গপাক পথাৰত জিলা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত শস্য চপোৱা অনুষ্ঠান ।
আনুষ্ঠানিকভাৱে শালি ধান চপোৱাৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ।
ধেমাজিত মিনি হাৰ্ভেষ্টাৰত উঠি ধান কাটিলে শিক্ষামন্ত্ৰী গৰাকীয়ে।

10. জনপ্ৰিয় অভিনেত্ৰী বীণা কাপুৰৰ মৃত্যু।
সম্পত্তিৰ বিবাদৰ বাবে পুত্ৰই হত্যা কৰাৰ অভিযোগ।
মঙলবাৰৰ নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল অভিনেত্ৰীগৰাকী।
এই সন্দৰ্ভত গোচৰ দিয়াৰ পাছতে জুহু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুত্ৰ শচীন কাপুৰ, তেওঁলোকৰ ঘৰত বন কৰা পুৰুষ লালুকুমাৰ মণ্ডলক।
শচীনে প্ৰথমে বেটেৰে মাকৰ মূৰত আঘাত কৰি মৃতদেহ নদীত পেলাই দিয়া বুলি উল্লেখ কৰে আৰক্ষীয়ে।

11. হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু।
সুখবিন্দৰ সিং সুখুৰ নাম প্ৰস্তাৱ হিমাচল কংগ্ৰেছৰ।
বিধায়িনী দলৰ বৈঠকত নাম প্ৰস্তাৱ।
উপ-মুখ্যমন্ত্ৰী হ’ব মুকেশ অগ্নিহোত্ৰী।
প্ৰস্তাৱত অনুমোদন কংগ্ৰেছ হাইকমাণ্ডৰ।
কাইলৈ দিনৰ ১১ বজাত হব শপত গ্ৰহণ অনুষ্ঠান।

12. গুৱাহাটী প্ৰেছ ক্লাৱত চুটি ছবি ‘মানুহে মানুহৰ বাবে’ প্ৰদৰ্শন কৰা হয়।
অংগ দানৰ সজাগতাৰ আধাৰত নিৰ্মান কৰা হৈছে ছবিখন।
ছবিখনৰ কাহিনী GMCHৰ জেষ্ঠ চিকিৎসক ডাঃ শশাংক বৰুৱাৰ ।
গোৱালপাৰাৰ সৈনিক স্কুলৰ ১৯৮১-৮৮ বৰ্ষৰ ছাত্ৰসকলৰ উদ্যোগত নিৰ্মান কৰে ছবিখন।

13. ভাৰতীয় অলিম্পিক এছ’চিয়েচনৰ সভাপতিৰ পদ দখল কৰা প্ৰথমগৰাকী মহিলা হল “পি টি ঊষা” ।

14. কামৰূপ জিলা উপায়ুক্ত ৰ্কীতি জল্লীয়ে দিনজোৰা কাৰ্যসূচীৰে ছয়গাঁৱৰ বাতাহিদিয়া চৰাঞ্চল পৰিভ্ৰমণ কৰে।
পৰিভ্ৰমণ কালত চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ প্ৰসূতি কক্ষ শুভ উদ্বোধন কৰে উপায়ুক্ত গৰাকীয়ে।

15. চিৰাঙৰ চাপাগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইক আৰু বলেৰৰ মাজত মুখামুখি সংঘৰ্ষ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী দুজন।
ঘটনা সংঘটিত হোৱাৰ পাছতে দুয়োজনকে হাস্পতাল লৈ যোৱা হয়।

16. অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ- বদল৷
APS উৎপল বায়নক SP (SECURITY1) to CM হিচাপে নিযুক্ত হয়৷
পূৰ্বে গুৱাহাটীৰ DCP (BORDER) হিচাপে নিয়োজিত আছিল উৎপল বায়ন৷
APS বিষয়া বেদান্ত প্ৰকাশ বৰকটকী কাহিলিপাৰাৰ SBOলৈ বদলি হয়।
পূৰ্বে SP (SECURITY1) to CM হিচাপে নিযুক্ত আছিল বৰকটকী৷
APS বিষয়া সুমন চক্ৰৱৰ্তী SP (SECURITY3) to CM হিচাপে নিযুক্ত হয়।
পূৰ্বে দক্ষিণ শালমৰা-মানকাচৰৰ 26th AP(IR)Bnত কমাণ্ডেণ্ট হিচাপে আছিল চক্ৰৱৰ্তী৷

17. তিনিচুকীয়াত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে প্ৰায় ৩০ লক্ষ্যাধিক হেৰ’ইন।
জব্দকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় কোটি টকা হব বুলি জানিব পৰা গৈছে।

18. বইটামাৰীত তিনিদিনীয়াকৈ আৰম্ভ কৰা হৈছে নাথ যৌগী যুৱ মহোৎসৱ।
আজি প্ৰথম দিনটোত মহোৎসৱৰ সংস্কৃতি শোভাযাত্ৰা মুকলি কৰে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে।

19. মিজোৰামত জ্বলিল বাৰ্মিজ চুপাৰি ভৰ্তি ৭খন ট্ৰাক।
জামুৱাঙত শাৰী শাৰীকৈ ৰখাই থোৱা অৱস্থাত ট্ৰাকত দুৰ্বৃত্তৰ অগ্নিসংযোগ কৰে।
ম্যানমাৰৰ পৰা সৰবৰাহ কৰোতে চুপাৰি ভৰ্তি ট্ৰাক কেইখন জ্বলালে দুষ্কৃতিকাৰীয়ে।

20. অসম-অৰুণাচল সীমান্তত পুনৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
ৰাছিয়াত নিৰ্মিত SKS ছেমি অট’মেটিক ৰাইফল,এটা পিষ্টল উদ্ধাৰ কৰা হৈছে।
মাজবাটৰ ২ নং চিকাৰী দাংগাত উদ্ধাৰ কৰা হৈছে এই মৰণাস্ত্ৰখিনি।

 

Mising Autonomous Council
Mising Autonomous Council.

 

Leave a Reply

Your email address will not be published. Required fields are marked *