1. আজি বিশ্বনাথত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
বিশ্বনাথ জিলাত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত প্ৰায় ৪২৩ কোটি টকা ব্যয়সাপেক্ষ ১৯টা অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
“বিহালীত এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি” মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে পীযুষ হাজৰীকা, পল্লৱলোচন দাস, বিধায়ক ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল ।
2. গোৱাৰ পানাজিত শ্বহীদ দিৱস উদযাপন।
গোৱাৰ অসমীয়া সমাজ, Assam Society of GOAৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷
অনুষ্ঠানত অংশগ্ৰহন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
3. বালিপাৰা ফাউণ্ডেছনৰ উদ্যোগত Eastern Himalayan Naturenomics Forum।
১১-১৩ ডিচেম্বৰলৈ ঢাকাত অনুষ্ঠিত হ’ব এই বিশেষ কাৰ্যসূচী।
Forumৰ মূল থীম হৈছে ‘পাৰিপাৰ্শ্বিকতাই অৰ্থনীতি’। ১২ ডিচেম্বৰত মুখ্য অতিথি হিচাপে অনুষ্ঠানত অংশ ল’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
4. গোৱাত উপস্থিত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল।
১১ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে উন্মোচন কৰিবলগীয়া আয়ূৰ্বেদিক শিক্ষা প্রতিষ্ঠানখন পৰিদৰ্শন কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।
‘আয়ূৰ্বেদৰ এই নতুন শিক্ষা প্রতিষ্ঠানে ভাৰতীয় চিকিৎসা ব্যৱস্থাত এক নতুন মাত্রা প্রদান কৰিব বুলি আশাবাদী কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল।
মাজুলী আৰু গোৱালপাৰাতো অনুৰূপ দুখন শিক্ষা প্রতিষ্ঠান স্থাপন কৰা হ’ব বুলিও মন্তব্য কৰে কেন্দ্রীয়মন্ত্রীগৰাকীয়ে।