Mising Autonomous Council .
বেঙেনা আমাৰ স্বাস্থ্যৰ বাবে যিমান উপাকাৰী ঠিক সিমানেই অপকাৰীও ।
বেঙেনাত বহু পুষ্টিতত্ব থাকে।
বেঙেনা খালে বহু বেমাৰ হয় আৰু বহু নিৰাময়ো হয়।
গতিকে,
জানো আহক বেঙেনা খালে শৰীৰত কি কি অপকাৰ হয়।
1. আপোনাৰ যদি পেটৰ কোনো সমস্যা আছে তেন্তে বেঙেনা খোৱা পৰিহাৰ কৰক।
অত্যধিক খালে ইয়াৰ ফলত আপোনাৰ পেটৰ বিষ, গেছ, বদহজম আৰু বমিৰ দৰে সমস্যা হ’ব পাৰে।
2. গৰ্ভাৱস্থাৰ সময়ত আপুনি বেঙেনা খোৱা পৰিহাৰ কৰা উচিত।
দৰাচলতে গৰ্ভধাৰণৰ সময়ত বেঙেনা খোৱাটো গৰ্ভজাত কেঁচুৱাৰ বিকাশৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
3. হতাশাত ভুগি থকা ব্যক্তিয়ে বিভিন্ন ধৰণৰ ঔষধ গ্ৰহণ কৰে।
এই ক্ষেত্ৰত, যদি তেওঁলোকে বেঙেনা খাই, তেনেহ’লে সেই ঔষধবোৰৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে।
4. আপোনাৰ যদি চকু সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে বেঙেনা নাখাব।
ইয়াক সেৱন কৰিলে আপোনাৰ সমস্যাটো আগৰ তুলনাত অধিক বৃদ্ধি হ’ব পাৰে।
5. আপোনাৰ যদি এলাৰ্জি আছে আজিয়ে বেঙেনা খোৱা পৰিহাৰ কৰক।
এলাৰ্জী থকা মানুহে বেঙেনা খালে সমস্যা আৰু বৃদ্ধি হ’ব পাৰে
6. ৰক্তহীনতা ৰোগীয়ে বেঙেনা খাব নালাগে।
পোৰা বেঙেনাৰ পিটিকাকণ আপুনি বাৰু কেনে পাই ? কমেণ্ট কৰি জনাব ।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে আজিয়ে বেঙেনা ত্যাগ কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
Mising Autonomous Council .
ধন্যবাদ।
News Editor Sangita Dutta R News India 24
