অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বঁটা ৰংবং তেৰাঙৰ জীৱন যাত্ৰাঃ

আজি ১৩ জানুৱাৰী অৰ্থাৎ ১৯৩৭ চনৰ আজিৰ দিনটোতে কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ লাংবুদিংপিত কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি ৰংবং তেৰাং জন্ম হৈছিল।
তেখেত হৈছে অসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ।
তেওঁৰ পিতৃৰ নাম ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাপী।
তেওঁ লংকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি অসমীয়া বিষয়ত সন্মানসহ স্নাতক সন্মান লাভ কৰিছিল।
১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰিছিল।
ডিফু চৰকাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে স্থায়ী কৰ্মজীৱনৰ পাতনি মেলিছিল।
সেই পদৰ পৰা ২০০২ চনৰ ৩০ ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে।
১৯৬৬ চনত তেওঁ কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৬৬ চনৰ পৰা ১৯৮৩ চনলৈ এই সুদীৰ্ঘ সময়লৈ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰিছিল।
অসমীয়া ভাষা, সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ ধেমাজি অধিবেশন, ২০১০ বৰ্ষত বৈঠালাংছু বিশেষ বাৰ্ষিক অধিবেশন আৰু দেৰগাঁও অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
ৰংবং তেৰাঙৰ জীৱনৰ আদৰ্শ ব্যক্তি আছিল জাতিৰ পিতা মহাত্মা গান্ধী।
ৰংবং তেৰাঙে পাহাৰ ভৈয়ামৰ মাজৰ একতাৰ জৰীডাল অধিক কটকটীয়া কৰাত দৃঢ় পদক্ষেপ লৈছিল।
কাৰ্বি সমাজৰ পৰা কিছুদিন আঁতৰি থাকিও কাৰ্বি আংলঙৰ জলবায়ু, নদ-নদী, পৰ্বত-পাহাৰ আদি প্ৰাকৃতিক পৰিবেশৰ লগত নিজকে খাপখুৱাই পাহৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক কিদৰে শিক্ষিত কৰিব পাৰি তাৰ বাবে চিন্তা কৰিছিল।
কেৱল সাহিত্যই সাধনাৰেই নহয় শিক্ষকতাৰে কাৰ্বি আংলং আৰু অসমৰ সমাজ জীৱনত বিশেষ ভাবে প্ৰভাব পেলোৱা ৰংবং তেৰাং সকলো বয়সৰ ব্যক্তিৰ বাবে প্ৰেৰণাৰ উৎস।
১৯৬৭ চনত “কাজিৰ হান্সেপী“ৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
১৯৮৯ চনত ভাৰত চৰকাৰে “পদ্মশ্ৰী বঁটা” ৰে সন্মানিত কৰে।
১৯৮১ চনত “অসম প্ৰকাশন পৰিষদ বঁটা”।
১৯৮১ চনত “বিষ্ণুৰাভা বঁটা”।
২০০৮ চনত “মাধৱদেৱ বঁটা”।
২০০৯ চনত “চ্যু-কা-ফা বঁটা”।
২০২২ চনত কটন বিশ্ববিদ্যালয়ে “ডি-লিট উপাধি” প্ৰদান কৰে।
তেখেতে বিশেষকৈ অসমীয়া আৰু কাৰ্বি ভাষাত সাহিত্য ৰচনা কৰিছিল।
ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দুবাৰকৈ তেখেতক অৰ্পণ কৰিছিল।
তেখেতে অসমীয়া সাহিত্যলৈ বহুত অৱদান আগবঢ়াই –
উপন্যাসঃ কাৰ্বিলাম তাছাস,
জাক হেৰুওৱা পক্ষী, ৰংমিলিৰ হাঁহি, নীলা আৰ্কিড,
ক্ৰান্তিকালৰ অশ্ৰু, মিৰবিন,
লাংছলিয়েটৰ ক্ৰাক্ৰুং, বন ফৰিঙৰ গীত, স্মৃতিৰ পাপৰি,
সমন্বয় প্ৰবাহ ইত্যাদি।
ব্যাকৰণ সংকলন সমূহঃ কাৰবি লামকুৰ, কৰ্বি অসমীয়া পাঠ,
কাৰ্বি লামতাছাম, দলা আলুন
গণনাপুথি, কাৰবি কালাখা আকিতাপ ।
অনুবাদক গ্ৰন্থঃ
শ্ৰীমদ্ভাগৱতগীতা।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta R News India 24