বিশিষ্ট উদ্ভিদ বিজ্ঞানী অৰ্চনা শৰ্মাৰ জীৱনযাত্ৰাঃ

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

অৰ্চনা শৰ্মা এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী আছিল।
কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডিএছচি ডিগ্ৰী লাভ কৰা দ্বিতীয় গৰাকী মহিলা হ’ল অৰ্চনা শৰ্মা।

অৰ্চনা শৰ্মাৰ জন্ম হৈছিল ১৯৩২ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰৰ পুনেত।
তেওঁ প্ৰাৰম্ভিক শিক্ষা ৰাজস্থানত গ্ৰহণ কৰিছিল।
তেওঁ বিকানেৰত বিজ্ঞান স্নাতক ডিগ্ৰী লাভ কৰি উচ্চশিক্ষাৰ বাবে কলকাতালৈ যায়।
১৯৫১ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
১৯৫৫ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰে।
১৯৬০ চনত কোষ বংশগতিবিজ্ঞান, মানৱ বংশগতি আৰু পৰিৱশীয় উৎপৰিৱৰ্তনৰ ওপৰত গৱেষণা কৰি ডিএছচি ডিগ্ৰী লাভ কৰে।
কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডিএছচি ডিগ্ৰী লাভ কৰা অৰ্চনা শৰ্মা দ্বিতীয় গৰাকী মহিলা।

১৯৬৭ চনত শৰ্মাই কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।
১৯৭২ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কোষ উচ্চ অধ্যয়ন আৰু ক্ৰম’জম গৱেষণা কেন্দ্ৰত বংশগতি বিজ্ঞানৰ অধ্যাপক পদত অধিষ্ঠিত হয়।
১৯৮১ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী পদলৈ পদোন্নতি লাভ কৰে।
তেওঁৰ তত্ত্বাৱধানত প্ৰায় ৭০ গৰাকী গৱেষকে কোষ বংশগতি, মানৱ বংশগতি আৰু পৰিৱেশীয় উৎপৰিৱৰ্তনৰ গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰিছে।

তেওঁ বিশেষকৈ অযৌন প্ৰজনন কৰা উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়ন, প্ৰাপ্ত বয়স্ক কোষকেন্দ্ৰৰ আৱেশিত কোষ বিভাজন, উদ্ভিদৰ বিভিন্ন কলাৰ পলিটেনিৰ শ্ৰেণীবিভাজন, সপুষ্পক উদ্ভিদৰ কোষৰ ভিত্তিত শ্ৰেণীবিভাজন আৰু পানীত আৰ্চেনিকৰ প্ৰভাৱ অধ্যয়নৰ বাবে জনাজাত।

তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা গৱেষণা পৰিষদ, ভাৰত চৰকাৰৰ পৰিৱেশ বিভাগ, বৈদেশিক বৈজ্ঞানিক উপদেষ্টা কমিটি ইত্যাদিৰ লগত জড়িত আছিল।
তেওঁ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ মানৱক্ষমতা উন্নয়ন টাস্ক ফৰ্চৰ অধ্যক্ষৰ পদটো অধিষ্ঠিত আছিল।
তেওঁ আঁচনি প্ৰস্তুতকৰণৰ বিভিন্ন কমিটিৰ অংশ আছিল।

তেওঁ শান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী বিজ্ঞানী অৰুণ কুমাৰ শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।
তেওঁক “ভাৰতীয় কোষবিজ্ঞানৰ পিতৃ” বুলিও অভিহিত কৰা হয়।

বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেখেতে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

তেখেতৰ সন্মান সমূহ হৈছেঃ

১৯৮৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মভূষণ” প্ৰদান কৰে।

১৯৭৫ চনত ‘শান্তি স্বৰূপ ভাটনাগৰ বঁটা’ ।

১৯৭২ চনত ‘জগদীশ চন্দ্ৰ বসু বঁটা’ ।

১৯৮৪ চনত বীৰবল চাহানী পদক ।

১৯৮৩ চনত ‘এফআইচিচিআই বঁটা’ ।

১৯৭৭ চনত ‘ভাৰতীয় বিজ্ঞান একাডেমীৰ ফেল’শ্বিপ’ ।

১৯৯৫ চনত ‘জি.পি. চেটাৰ্জী বঁটা’ ।

১৯৯৫ চনত ‘এছ.জি. সিনহা বঁটা’ ।

২০০৮ চনৰ ১৪ জানুৱাৰী তাৰিখে অৰ্চনা শৰ্মাৰ মৃত্যু হয়।

Mising Autonomous Council
Mising Autonomous Council . 

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *