৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com January 14/2023:- 

1. আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা কৰোনাত আক্ৰান্ত হৈছে।
পৰেশ বৰুৱাৰ দেহত ধৰা পৰিছে অ’মিক্ৰন BF7 ভেৰিয়েণ্ট।

2. ‘উৰুকাত মদ খাব লাগিব বুলি কোনো কথা নাই, ভোগালী উদযাপন কৰিলে ভেলাঘৰত মদ খাব লাগিব বুলি কি কথা আছে’- মন্তব্য মন্ত্ৰী পৰিমল শুল্কবৈদ্যৰ।

3. ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে খোজ কাঢ়ি থাকোতেই হৃদৰোগত আক্ৰান্ত হয় সাংসদ সন্তোষ সিং চৌধুৰীৰ।

4. ‘‘আ‌মি অ‌ৰি‌‌‌জিনেল ছাত্ৰসন্থা বহুত পুৰনা।
মই পা‌ব্লি‌চি‌টি একেবাৰে ভাল নাপাওঁ।’’
বজালীত অনুষ্ঠানৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মন্তব্য।

5. ইছলামধৰ্মী লোকৰ বাবে সুখবৰ।
নিৰ্মাণ কৰা হ’ব 3D মছজিদ।
বিশ্বৰ প্ৰথমটো 3D মছজিদ নিৰ্মাণ কৰা হ’ব ডুবাইত।
২০২৫ ভিতৰত নিৰ্মাণকাৰ্য সম্পন্ন হব এই মছজিদৰ।

6. ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এ আৰ ৰেহমানৰ সংগীতানুষ্ঠান।
ভিডিঅ’ কনফাৰেন্সযোগে সাংবাদিকৰে মত বিনিময় কৰে।
মত বিনিময়ত ড° ভূপেন হাজৰিকাৰ স্মৃতি সুঁৱৰিলে এ আৰ ৰেহমানে।

7. GMCHৰ লেব’ৰেটৰী টেকনিচিয়ানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম কৰ্মচাৰী প্ৰসন্ন বৈশ্য।
তেজৰ দালালৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় প্ৰসন্ন বৈশ্য।

8. দেশৰ প্ৰথমগৰাকী মুছলমান যুৱতী হ’ব যুঁজাৰু বিমান পাইলট।
ছানিয়া মিৰ্জাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা।

9. মহানগৰীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
JCP পাৰ্থ সাৰথি মহন্ত, ADCP কল্যাণ পাঠকৰ নেতৃত্বত অভিযান।
দিছপুৰৰ বৰাক লজৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন।
আটক কৰা হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰীক।

10. কাহিলীপাৰাৰ জটিয়াত বিধ্বংসী অগ্নিকাণ্ড।
পেট্র’ল পাম্পৰ ওচৰৰ এটা বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হৈছে।
জুইত বিস্ফোৰণ হয় তিনিটাকৈ চিলিণ্ডাৰ।
ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন।

11. ৰূপহীহাটৰ শালপাৰাত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এজন লোকৰ বাসগৃহ।
এডাল মমবাতিৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ড।

12. ‘অধিক মূল্যত মাছ-মাংস লোৱা ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা’
‘নীৰিক্ষণৰ কাৰণে প্ৰতিখন বজাৰলৈ গৈছে GMC ৰ এটা দল’- মন্তব্য অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া।

13. কাজিৰঙাত শোকাৱহ পথ দুৰ্ঘটনা।
প্ৰাণ গ’ল একেটা পৰিয়ালৰে ৩জনকৈ লোকৰ।
নিহত লোক কেইজন- আগনেশ কৰ্মকাৰ, ছিকন্দৰ কৰ্মকাৰ, জগন্নাথ কৰ্মকাৰ।
গুৰুতৰভাৱে আহত আন এটা পৰিয়ালৰ দুজন লোকো।
দ্ৰুতবেগী কয়লাভৰ্তি ট্ৰাকে মহটিয়াই নিয়ে আটাইকে।
কাজিৰঙাৰ হাতীখুলিত সংঘটিত হয় এই দুৰ্ঘটনাটো।

14. ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠতো সমাগত ভোগালী বিহু উপলক্ষে উখল- মাখল পৰিৱেশ।
এইবেলিও মাঘ বিহু উপলক্ষে বিমানবন্দৰ চৌহদত দুটাকৈ মেজিঘৰ নিৰ্মাণ কৰা হৈছে।
মেজিঘৰ দুটা ক্ৰমান্বয়ে যাত্ৰীৰ আগমন কক্ষ আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সজাই পৰাই তুলিছে।

15. মহানগৰীৰ লালগণেশত লোমহৰ্ষক ঘটনা।
ইটাৰে বুকুত আক্ৰমণ কৰাত মৃত্যু হয় এজন লোকৰ।
১০ জানুৱাৰীত দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘাত লাগিছি। আজি হাস্পতালত মৃত্যু হয় মুন্না ৰয় নামৰ লোকজনৰ।
ঘটনা সন্দৰ্ভত ৩ জন অভিযুক্ত আটক কৰে ফটাশিল আৰক্ষীয়ে।

16. অসমৰ অগ্ৰণী পৰ্যটন উদ্যােগী দেৱজিৎ গগৈৰ দেহাৱসান।
গােৱাত ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয় লখিমপুৰৰ দেৱজিৎ গগৈৰ।
মৃত্যুৰ সময়ত তেখেতৰ বয়স ৪৭ বছৰ।

17. গহপুৰৰ অৰুণাচল সীমান্তত গুলীচালনা।
অৰুণাচলৰ দুৰ্বৃত্তৰ গুলীত আহত হয় অসমৰ খৰিকটীয়া।
সীমান্তৰ হেলেম চাপৰিত খৰিকটীয়ালৈ লক্ষ্য কৰি গুলীচালনা।
অৰুণাচলীৰ গুলীত আহত হয় পানীৰাম ফানচুৰ।
ইটানগৰৰ আৰ কে মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ পানীৰামক।
ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।

18. দিছপুৰত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।
দিছপুৰ শিৱ মন্দিৰৰ সমীপত এখন হোটেলত চলিছিল অভিযান।
এই অভিযানকালতে আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইনখিনি।

19. চন্দ্ৰপুৰৰ পাণবাৰীৰ ঐতিহাসিক গৰৈমাৰী বিলত সমূহীয়া মত্স্য চিকাৰ।
মাঘ বিহুৰ উৰুকাত বিলখনত পৰম্পৰাগতভাৱে মাছ ধৰে ৰাইজে।
নিশা সমূহীয়াভাৱে সেই মাছেৰে একেলগে ভোজভাত খায় গাঁওবাসীয়ে।
একেলগে বিলত নামে প্ৰায় ৮ হাজাৰ লোকে।

20. মুখ্যমন্ত্ৰীলৈ মাছৰ উপহাৰৰ জোৱাৰ উঠিছে।
আজি মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে ১৩.৫ কেজি ওজনৰ ভকুৱা মাছ, ১০.৫ কেজি ওজনৰ চিতল মাছ আৰু চুঙা পিঠা বিহুৰ উপহাৰ দিলে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *