৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com January 15/2023:-
1. ভোগালী বিহুৰ পুৱাই চিৰিয়াখানাত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
‘এতিয়াৰে পৰা চিৰিয়াখানাৰ জীৱ- জন্তুৰ দায়িত্ব ল’ব পাৰিব সাধাৰণ ৰাইজে’ – বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
গুৱাটীস্থিত চিৰিয়াখানাখনক নতুন ৰূপত সজাই তোলাৰো পৰিকল্পনাৰ কথা ক’লে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, পি চি চি এফ (বন্যপ্ৰাণী) এম কে যাদৱ ।
2. জাগীৰোড সমষ্টিৰ অন্তৰ্গত জোনবিলৰ পাৰত আয়োজিত কৰা হৈছে ঐতিহাসিক জোনবিল মেলা। আগন্তুক ১৯ জানুৱাৰী তাৰিখৰ পৰা ২১ জানুৱাৰী তাৰিখলৈ অনুষ্ঠিত হব লগা জোনবিল মেলাৰ স্থলীত উপস্থিত হৈ মেলাৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী পিযুষ হাজৰিকাই।
উক্ত মেলাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।
3. নিৰাপত্তা বিধি উলংঘা কৰি ৰাষ্ট্ৰপতি দৌপদী মূৰ্মুৰ ভৰি স্পৰ্শৰ চেষ্টা কৰা ৰাজস্থানৰ অভিযন্তাক নিলম্বন।
৪ জানুৱাৰীত পালিত অনুষ্ঠিত হোৱা স্কাউট গাইড জাম্বোৰীৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল ৰাষ্ট্ৰপতি মূৰ্মু।
মুখ্য অভিযন্তা প্ৰশাসন জল যোগান বিভাগে ১২ জানুৱাৰীত কনিষ্ঠ অভিযন্তা আম্বা ছিউলৰ বাবে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে।
4. টিহুৰ হাৰিভাঙাৰ কলীয়া গোঁসাই মন্দিৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মাঘ বিহুৰ দিনটোতেই কলীয়া গোসাঁই মন্দিৰত আশীস ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
লগতে মন্দিৰৰ উদ্যোগত হোৱা বিশেষ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।
5. তেলেংগনাবাসীয়ে আজি এটা ডাঙৰ উপহাৰ লাভ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আজি পুৱা ১০ বাজি ৩০ মিনিটত চেকেন্দ্ৰাবাদৰ পৰা বিশাখাপট্টনমলৈ সংযোগী ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লৰ ফ্লেগ অফ কৰে।
এই কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু তেলেংগানাৰ ৰাজ্যপাল টি সৌন্দৰৰাজন চেকেন্দ্ৰাবাদ ষ্টেচনত উপস্থিত থাকে।
6. নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা।
পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই ঘটনা।
ৰানৱেতে জ্বলি যায় বিমানখন।
বিমানখনত আছিল ৬৮ জন যাত্ৰী।
লগতে আছিল ৪জন ক্ৰু মেম্বাৰ।
দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল YETI এয়াৰ লাইনছৰ।
কাছকি জিলাত পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।
অব্যাহত আছে উদ্ধাৰ অভিযান।
7. লখিমপুৰ বাণিজ্য মহাবিদ্যালয় পৰিদৰ্শন কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
লগতে শিক্ষানুষ্ঠানখনৰ নৱনিৰ্মিত এটা ছাত্ৰী নিৱাসৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
8. হঠাৎ অসুস্থ হয় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন।
বুকুৰ বিষ অনুভৱ কৰাত বিধায়কগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।
9. উদুলি-মুদুলি নগাঁৱৰ কলঙৰ বাকৰি ।
পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ১১০তম সদৌ নগাঁও ভোগালী বিহু উৎসৱ।
আজি পুৱাই মেজি প্ৰজ্বলন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই।
10. গণেশগুৰিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।
লতাশিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত।
উৰণীয়া সেতুত তীব্ৰ বেগত খুন্দা মাৰে বলেৰ’ বাহনখনে।
গুৰুত্বৰ ভাৱে আহত হৈছে OC নিতুল দাস আৰু গাড়ীচালক অমিত দাস।
11. ৰাজ্যৰ একাংশ আমোলা বিষয়াৰ ওপৰত কঠোৰ মুখ্যমন্ত্ৰী।
জৰুৰীভাৱে জাননী প্ৰৰণ কৰিছে চৰকাৰে।
মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে এতিয়াৰে পৰা কোনো আমোলাই ল’ব নোৱাৰিব ছুটী।
ৰাজ্যৰ বাহিৰলৈ যাবৰ বাবেও ল’ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি।
12. টংলাত স্বাগতম সংঘৰ উদ্যোগত ভোগালী বিহুৰ সোণালী জয়ন্তী।
ওদালগুৰিৰ টংলাৰ ৰূপাখাটবাসী ৰাইজৰ উদ্যোগত বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে।
উৰুকাৰ পুৱাৰেপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে ভোগালী বিহুৰ সোণালী জয়ন্তী।
13. গুৱাহাটীৰ চাংসাৰিস্থিত AIIMS ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন।
দিনজোৰা কাৰ্যসূচীৰে শুকুৰবাৰে উদযাপন কৰে প্ৰথম প্ৰতিষ্ঠা দিৱস।
বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী মুকলি কৰে সঞ্চালক অশোক পৌৰাণিকে।
14. মহানগৰীকে ধৰি ৫ স্থানত CBIৰ বৃহৎ অভিযান।
অতিৰিক্ত মাণ্ডলিক প্রবন্ধকসহ ৭ জনক গ্রেপ্তাৰ কৰে।
CBIৰ দলটোৱে উদ্ধাৰ কৰে নগদ ৪৭ লাখ টকা।
বহু ঠাইত এই চক্ৰটোৰ অভিযান অব্যাহত আছে।
15. পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত টাউন ক্লাবৰ উদ্যোগত ভোগালী বিহু উদযাপন।
পুৱা টাউন ক্লাৱৰ হৈ মেজি প্ৰজলন কৰে পাঠশালা টাউন ক্লাৱৰ মুখ্য উপদেষ্টা আৰু NKTVৰ CMD নিপন কুমাৰ তালুকদাৰে।
16. মিজোৰামত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰা হৈছে।
এখন বলেৰ’ বাহনৰ পৰা জব্দ কৰা হৈছে ৪০টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ।
17. “বিহুৰ মূল পৰম্পৰাটো হ’ল, বিহু সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ উৎসৱ।
বিহু কেৱল কৃষিভিত্তিক উৎসৱ”- মন্তব্য বিধায়ক অখিল গগৈৰ।
18. আমেৰিকাৰ আৰ ব’নি গেব্ৰিয়েলৰ শিৰত ২০২২ বৰ্ষৰ Miss Universe ৰ খিতাপ।
নিউ অৰলেণ্ডত অনুষ্ঠিত ৭১ সংখ্যক Miss Universe প্ৰতিযোগিতাখনিত প্ৰায় ৮০ গৰাকী বিশ্ব সুন্দৰীক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে গব্ৰিয়েলে।
উল্লেখ্য যে, ২০২১ বৰ্ষৰ এই প্ৰতিযোগিতাতে ভাৰতৰ হাৰনাজ সান্ধুয়ে লাভ কৰিছিল Miss Universe খিতাপ।
19. উৰুকাৰ নিশাই দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা।
শিক্ষামূলক ভ্ৰমণলৈ যোৱা শিক্ষাৰ্থীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল বাছখন।
দুৰ্ঘটনাত আহত হয় প্ৰায় ১৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী।
আহত শিক্ষাৰ্থীক উদ্ধাৰ কৰি দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
গুৱাহাটীৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত হয় বাছখন।
বহতী হাইস্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ গৈছিল বাছখন।
শিক্ষক-শিক্ষয়িত্ৰীসহ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল বাছখনত।
দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS01 GC3833।
20. সীমান্তৱৰ্তী এলেকা জাগুনত হাতী-মানুহৰ সংঘাত।
টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা ওলোৱা বনৰীয়া হাতীৰ জাকে লাখাপ চাংখে নামৰ এগৰাকী লোকক আক্ৰমণ কৰে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন।