১৮৭৭-১৮৮০ চনৰ ভিতৰত আনন্দৰাম বৰুৱাই তিনিটা খণ্ডত ‘English-Sanskrit Dictionary’ প্ৰণয়ন কৰে। প্ৰথম খণ্ড প্ৰকাশ হয় ১৮৭৭ চনত তেওঁ বৰ্ধমানত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত। দ্বিতীয় খণ্ড ‘Higher Sanskrit Grammar’ প্ৰকাশ হয় ১৮৭৮ চনত গোৱালপাৰাত কৰ্মৰত সময়ত। আনহাতে তৃতীয় খণ্ড ‘Ancient Geography of India’ প্ৰকাশ পায় ১৮৮০ চনত। ১৮৮৭ চনত তেওঁৰ আন এখন মূল্যবান গ্ৰন্থ ‘Companion to Sanskrit-reading undergraduates of the Calcutta University’ প্ৰকাশ হয়। সেই বছৰতে ‘মহাবীৰ চৰিতম্’ প্ৰকাশ হয়। ইয়াৰোপৰি ‘সৰস্বতী কথাভৰণম্, ‘নামলিংগানুশসন’, ‘Compilations of a comprehensive dictionary of all Dialects of Bengal’ আদি গ্ৰন্থ ৰচনা কৰে।
অসম চৰকাৰে এখেতৰ সন্মানৰ্থে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱাসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা প্ৰৱৰ্তন কৰিছে।
এই বঁটা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰা হয়।
শিক্ষাৰ্থীসকলে নগদ ধন নাইবা লেপটপ (পূৰ্বে কম্পিউটাৰ) লাভ কৰে।
গুৱাহাটীৰ চানমাৰীত অৱস্থিত এখন উৰনীয়া সেতু “আনন্দৰাম বৰুৱা সেতু”ৰ নাম দিয়াৰ উপৰিও অসমৰ অনেক বাট পথ, শৈক্ষিক প্ৰতিষ্ঠান, ছাত্ৰ-ছাত্ৰী নিবাস, উদ্যান আদি তেখেতৰ নামত নামেৰে নামকৰণ কৰা হৈছে।
১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে তেখেত মৃত্যু হয়।
অসমৰ গৌৰৱ এই জনা মনীষীয়ে সংস্কৃত ভাষা-সাহিত্যলৈ যি অমূল্য অৱদান আগবঢ়াই থৈ গৈছে, সেইয়া সঁচাই অতুলনীয়।