৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com January 18/2023:- 

1. দিল্লীৰ পৰা ৰাজ্যৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
দিল্লীৰ আছাম হাউছৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মন্ত্ৰী কেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

2. ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা।
১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ নিৰ্বাচন।
মেঘালয় আৰু নাগালেণ্ডৰ ২৭ ফেব্ৰুৱাৰীত হ’ব নিৰ্বাচন।
মাৰ্চৰ ২ তাৰিখে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।
সংবাদমেলযোগে ঘোষণা নিৰ্বাচন আয়োগৰ।

3. নতুন দিল্লীত উপস্থিত KLOৰ অধ্যক্ষ জীৱন সিংহ।
চোৰাংচোৱা সংস্থাৰ কাৰ্যালয়ত ৰখা হৈছে KLOৰ অধ্যক্ষগৰাকীক।
কটকটীয়া নিৰাপত্তা বেষ্টনীত আছে জীৱন সিংহ।
শান্তি আলোচনাৰ বাবে মূল সূতিলৈ KLOৰ অধ্যক্ষগৰাকী।

4. ‘চিনেমাক লৈ অনাহকত মন্তব্য নকৰিব’।
বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত এই সকীয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

5. অৰ্ণমাই বৰা হত্যাকাণ্ডত হোৱা গাফিলতি স্বীকাৰ DGPৰ।
‘২০১৭ত সংঘটিত ঘটনাত 120(B) ধাৰা লগোৱা হোৱা নাছিল’।
আৰক্ষীৰ গাফিলতি স্বীকাৰ কৰিলে ভাস্কৰজ্যোতি মহন্তই।
ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নঘটাবলৈ সকীয়নি DGPৰ।
উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব আৰক্ষী।

6. নিউজিলেণ্ডৰ বিৰুদ্ধে হায়দৰাবাদৰত অনুষ্ঠিত এদিনীয়াত অভিলেখ সৃষ্টি কৰিলে ভাৰতীয় ক্ৰিকেটাৰ শুভমন গীলে।
বিৰাট কোহলি আৰু শিখৰ ধাৱানৰ অভিলেখ ভংগ কৰি ১৮টা ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰা দ্ৰুততম ভাৰতীয় হিচাপে পৰিগণিত হ’ল ক্ৰিকেটাৰগৰাকী।

7. নাজিৰাৰ শিমলুগুৰিৰ দৰিকিয়াল গাঁৱত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অসম ভাওনা মহোৎসৱ ২০২৩।
ভাওনা মহোৎসৱ উপলক্ষ্যে হৰি নামৰ ধ্বনিৰে মুখৰিত পৰিছে গাঁওখনৰ শংকৰদেৱ-মাধৱদেৱ ক্ষেত্ৰ।

8. আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ।
স্ব-মূল্যায়নেৰে আৰম্ভ হৈছে প্ৰথম দিনৰ কাৰ্যসূচী।
মাজবাট শিক্ষাখণ্ডৰ মানুহমাৰী প্ৰাথমিক বিদ্যালয়তো অনুষ্টিত হৈছে গুণোৎসৱ।

9. গুৱাহাটীত উপস্থিত সংসদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ সংসদীয় সমিতি।
সাংসদ ভূৱনেশ্বৰ কলিতাৰ নেতৃত্বত চাংসাৰিত ১৪ সাংসদৰ দল।
দলটিয়ে বুজ লয় AIIMSৰ কামৰ অগ্ৰগতি।

10. মহানগৰীৰ গেম ভিলেজত অঘটন।
প্ৰশিক্ষণৰ বাবে অহা সদ্যনিযুক্তিপ্ৰাপ্ত এজন আৰক্ষী কনিষ্টবলে বাছি ল’লে চৰম পন্থা।
গেম ভিলেজৰ A2 ব্লকৰ চতুৰ্থ মহলাৰ ৪০৩ নম্বৰত কোঠাত উদ্ধাৰ কৰা হৈছে চিৰাঙৰ ৰমেন সূত্ৰধৰৰ মৃতদেহ।
1st APBnত কৰ্মৰত আছিল ৰমেন সূত্ৰধৰ নামৰ কনিষ্টবল গৰাকী।

11. হাজোত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক।
২৩টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী ইদুল আলী আৰু আনোৱাৰ আলী।
অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।

12. গুৱাহাটীত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
প্ৰথমে এখন স্কুটীৰ পৰা ড্ৰাগছ উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ কৰা হয় মণ্টু ৰহমান নামৰ সৰবৰাহকাৰীটোক।
পিছত মণ্টুৰ ঘৰত অভিযান চলাই পুনৰ ড্ৰাগছৰ লগতে গ্ৰেপ্তাৰ কৰে মণ্টুৰ ভাতৃ মিণ্টু ৰহমানকো।

13. “কংগ্ৰেছ দলটো এটা প্ৰাইভেট কোম্পানী।
ইয়াত কথা কোৱাৰ অধিকাৰ মালিকৰহে থাকে।
গতিকে কৰ্মচাৰী ভূপেন বৰাৰ কথা কোনে শুনিব”- মন্তব্য জয়ন্তমল্ল বৰুৱাৰ।

14. ভেকচিনৰ পৰা হোৱা ক্ষতিৰ বাবে বদৰুদ্দিন আজমলে জগৰীয়া কৰিলে কেন্দ্ৰীয় চৰকাৰক।
লগতে ক’ভিড ভেকচিন লৈ মৃত্যু হোৱা প্ৰতিজনৰ বিপৰীতে ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে AIUDFপ্ৰধান বদৰুদ্দিন আজমলে।

15. কৰ বিভাগৰ অৰ্থনৈতিক অনুসন্ধান বিভাগৰ অভিযান।
চাংসাৰি আৰু বাইহাটাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গুটখা।
GST কাউন্সিলে জব্দ কৰিলে ৯০০ বস্তা গুটখা।
চালানবিহিন ভাৱে আনিছিল ৯০০ বস্তা গুটখা।
আৰক্ষীয়ে আটক কৰিছে গুটখা সৰবৰাহকাৰী ১২ জনকৈ লোক।

16. সোণাৰিৰ নামতোলাত আৰক্ষীৰ অভিযান।
অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে।
লগতে দুই মহিলাসহ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

17. লাহোৱালৰ ঘোঘোৰাজান চাহ বাগিচাৰ সমীপত বৃহৎ জুৱাখেল।
পুৱাই আড্ডাত লাহোৱাল আৰক্ষীৰ অভিযান।
চাৰিজন জুৱাৰীক আটক লাহোৱাল আৰক্ষীয়ে।
জুৱাৰী কেইটাৰ পৰা তিনিখন মটৰ চাইকেল, চাৰিটা কুকুৰা আৰু নগদ ৩ হাজাৰ টকা জব্দ কৰিছে।

18. চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হয়।
উত্তেজিত ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক।
টুকৰাফৰেষ্ট গাঁৱত ৰাইজৰ প্ৰহাৰত নিহত হয় হানিফ আলী।
এগৰাকী মহিলাৰ ঘৰত যুৱকজনৰ প্ৰৱেশক লৈ ক্ষুব্ধ ৰাইজ।
হাত-ভৰি বান্ধি হানিফক ওৰে নিশা প্ৰহাৰ উত্তেজিত হয় ৰাইজ।
আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যুৱকজনক।
চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় হানিফ আলীৰ।
ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে এজনক আটক কৰে আৰক্ষীয়ে।
ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

19. তেল অৱৰোধ কাৰ্যসূচীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলিত শ্বহীদ হৈছিল কুমুদ গগৈ, নৃপেন বড়ো, অজিত নেওগ আৰু নগেন ডেকা।
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ঔদ্যোগিক অঞ্চলৰ প্ৰৱেশদ্বাৰৰ সন্মুখত অনুষ্ঠিত হৈছে স্মৃতিচাৰণ অনুষ্ঠান।

20. আজি সোণাপুৰত মুকলি হ’ল বেংক অফ বড়োদাৰ আন এটা শাখা ।
শাখাটোৰ জৰিয়তে স্থানীয় ৰাইজক বিভিন্ন ক্ষেত্ৰত ঋণ প্ৰদান কৰি উপকৃত কৰিব বুলি উল্লেখ কৰে ।

Mising Autonomous Council
Mising Autonomous Council.

 

Leave a Reply

Your email address will not be published. Required fields are marked *