কবি, গীতিকাৰ, শিক্ষাবিদ কেশৱ মহন্ত‍ দেৱৰ জীৱনযাত্ৰাঃ

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

কেশৱ মহন্ত‍ই জন্ম হৈছিল ১৯২৬ চনৰ ২০ জানুৱাৰীত শোণিতপুৰ জিলাৰ মিজিকাজান চাহ বাগিচাত।

তেখেতৰ পিতৃ নাম আছিল থানেশ্বৰ মহন্ত।
মাগুৰ মৰা প্ৰাইমাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে।

১৯৩৭ চনত চতিয়া মজলীয়া চৰকাৰী বিদ্যালয়ত নাম লগায়।
১৯৪৪ চনত মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯৪৬ চনত কটন মহাবিদ্যালয়ৰ পৰা আই. এ. পৰীক্ষাত উত্তীৰ্ণ হয়।
তেখেতে ১৯৫৬ চনত বি. এ. ডিগ্ৰী লাভ কৰে।

কেশৱ মহন্ত‍ই ১৯৫২ চনত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে।
তাৰ পিছত ১৯৫৬ চনত গুৱাহাটী ডনবস্ক’ত শিক্ষক হিচাপে যোগদান কৰে।
১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশক-অনুবাদক হিচাপে যোগদান কৰে।
১৯৬০-১৯৬৩ লৈ কলিকতাত ছোভিয়েট দেশ কাৰ্যালয়ত “ছোভিয়েট দেশ” আলোচনীখনত মুখ্য সম্পাদক হিছাপে কাৰ্যনিৰ্বাহ কৰে।
ইয়াৰ পিছত ১৯৭২-১৯৭৭ চনত বি বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰৱক্তা হিচাপে কাম কৰে আৰু ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।
ইয়াৰ উপৰি “লুইত”, “প্ৰৱাহ”, “মিলন”, “মুখপত্ৰ”, “নতুন সাহিত্য” আদি আলোচনীৰো সম্পাদক ৰূপে তেখেতে কাম কৰিছিল।

তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান সমূহ হৈছে-

কবিতা পুথিঃ মোৰ শুকান কলিজাত কুঁহিপাত, আমাৰ পৃথিৱী, তোমাৰ তেজ, আগন্তুক, দিশ ধৱলী বৰণ,
বুকুত এজাক ধুমুহা, দিশ ধৱলী বৰণ, ৰ’দ জিকিমিকি ইত্যাদি।

গীতৰ পুথিঃ ৰ’দ জিকিমিকি,
বুকুত এজাক ধুমুহা, কুঁৱলী আঁতৰি যা, মোৰ যে কিমান হেঁপাহ, দিশ ধৱলীবৰণ আদি।

অনুবাদ সাহিত্যসমূহঃ মানৱ জাতিৰ শত্ৰু, যোগাযোগ,
সজ আচৰণ, ঘঁৰিয়ালৰ মুখত বেলি, হিউৱেন চাঙৰ ভাৰত যাত্ৰা, এটা ধুনীয়া মাছ,
পক্ষীৰাজ ঘোঁৰা, কিনো গুৱালৰ গালি, ৰক্তকৰবী আদি।

শিশু সাহিত্যঃ বেলি ওলোৱাৰ হাঁহি, মা আমি শদিয়ালৈ যামেই, ইমান যে কি হিঃ হিঃ আৰু অন্যান্য বহুতো।

তেখেতে গীত ৰচনা কৰা উল্লেখযোগ্য চলচ্চিত্ৰ কেইখনঃ স্মৃতিৰ পৰশ,
ভক্ত প্ৰহ্লাদ, আমাৰ ঘৰ,
মাক আৰু মৰম, আজলী নবৌ, ওপজা সোণৰ মাটি
ককাদেউতা নাতি আৰু হাতী,
অভিমান, অৰণ্য, এণ্টনী মোৰ নাম।

তেখেতে ১৯৮৭ চনত অসম সাহিত্য সভাৰ পৰা “তোমাৰ তেজ” কবিতা পুথিৰ বাবে “ৰঘুনাথ চৌধাৰী বঁটা” লাভ কৰে।
১৯৯৩ চনত “মোৰ যে কিমান হেঁপাহ” গীতৰ পুথিৰ বাবে “সাহিত্য অকাডেমি বঁটা” লাভ কৰে।
২০০০ চনত অসম চৰকাৰৰ পৰা “বিষ্ণু ৰাভা বঁটা” লাভ কৰে।
২০০১ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰাৰ তেখেতে অসম সাহিত্য সভাৰ ১৯৭৫ চনৰ কবি সন্মিলনীৰ সভাপতি পদো অলংকৃত কৰিছিল।
২০০১ চনত অসম চৰকাৰে তেখেতক সাহিত্যিক পেঞ্চন প্ৰদান কৰে।

২০০৬ চনৰ ৩১ মাৰ্চত তেখেত মৃত্যু হয়।

অসমৰ গৌৰৱ এই জনা মনীষীয়ে অসমীয়া ভাষা-সাহিত্যলৈ যিখিনি অমূল্য অৱদান আগবঢ়াই থৈ গৈছে, সেইয়া সদায় চিৰস্মৰণীয় হৈ থাকিব।

Mising Autonomous Council
Mising Autonomous Council.

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *