অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাৰ পৰা সন্থাৰ কাৰ্যবাহী সভা অনুষ্ঠিত হয়।
পতাকা উত্তোলন কৰে সভাপতি ৰাতুল নেওগে।
পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে দিনৰ ১২ বজাৰ পৰা সাধাৰণ সভা অনুষ্ঠিত হয়।প্ৰায় ২০ খন ডায়েটৰ প্ৰতিনিধি উপস্থিত থকা সাধাৰণ সভাই বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।
দাবীসমূহ হৈছেঃ
১/ অধ্যক্ষ, উপাধ্যক্ষ, জ্যেষ্ঠ প্ৰবক্তাৰ পদোন্নতি সময়মতে সম্পন্ন কৰা।
৮/ বিষয়াসকলৰ উচ্চ শিক্ষাৰ হেতু ছুটীৰ ব্যৱস্থা কৰা।
উপৰোক্ত দাবীসমূহৰ ক্ষেত্ৰত বিশেষকৈ পদবীৰ নতুন নামকৰণ সন্দৰ্ভত ইতিমধ্যে উচ্চ কৰ্তৃপক্ষৰ সৈতে ৩০ নৱেম্বৰ তাৰিখে আলোচনা অনুষ্ঠিত হৈছিল।
গতিকে সভাই এই ক্ষেত্ৰত অনতিপলমে এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাই।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ আগষ্ট মাহৰ ৯ তাৰিখে ডায়েট সমূহৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে সন্থাৰ বিষয়ববীয়া সকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল।
সফলভাৱে অনুষ্ঠিত হোৱা সেই বৈঠকৰ বাবে শিক্ষা মন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৈঠকৰ সিদ্ধান্তসমূহ খৰতকীয়াকৈ ৰূপায়ণৰ বাবে অনুৰোধ জনায়।
ইয়াৰোপৰি সাধাৰণ সভাই সন্থাৰ সংশোধিত সংবিধানক স্বীকৃতি প্ৰদান কৰাৰ লগতে ৰাতুল নেওগ, মঞ্জু চুতীয়া, প্ৰদীপ কুমাৰ দাস, দীপাংকৰ চক্ৰৱৰ্তী, সুনীল শৰ্মা, কিশোৰ কুমাৰ দাস আৰু ইন্দ্ৰজিত্ গামকে ধৰি ৭ জনীয়া ৰাজ্যিক ক’ৰ কমিটি গঠনত অনুমোদন জনায়।