চজিনা এবিধ অতি উপকাৰী আৰু পুষ্টিকাৰক পাচলি।
চজিনা খালে বহু বেমাৰ নাশ হয়।
আপুনি চজিনা খায় নে ?
চজিনাত ভিটামিন এ, আইৰন
প্ৰ’টিন, থিয়ামিন, ৰিবোফ্লেভিন, ভিটামিন চি, কেলচিয়াম, কাৰ্বোহাইড্ৰেট, ফাইবাৰ আদিৰে ভৰপূৰ।
জানো আহক চজিনাৰ ঔষধী গুণ সমূহঃ
1. মানুহৰ ৰক্তচাপ বৃদ্ধি পালে, শৰীৰ দুৰ্বল হ’লে , বৃক্ক বেয়া হ’লে চজিনা খালে সুফল পোৱা যায়।
2. ডায়েবেটিছ ৰোগীৰ হাত-ভৰি জিনজিনালে, চকুৰ দৃষ্টিশক্তি হ্ৰাস পালে চজিনাৰ আঞ্জা খালে সুফল পোৱা যায়।
3. চজিনাই মানুহৰ পুষ্টিহীনতা দূৰ কৰি দেহত শক্তি বৃদ্ধি কৰে।
4. বসন্ত কালত চজিনা খালে বেমাৰৰ ভাইৰাছ দূৰ হয় আৰু বসন্ত ৰোগ নহয়।
5. চজিনা পাত খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে।
ইয়াৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি তোলাত সহায় কৰে।
6. হাত-ভৰি ফুলি উঠিলে চজিনাৰ গছৰ বাকলি বান্ধি থ’লে বিষৰ পৰা উপশম পোৱা যায়।
7. মনৰ উদ্বেগ- হতাশা আহিলে চজিনা পাতৰ আঞ্জা খালে মন প্ৰফুল্লিত হয়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে চজিনা খাওক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
Mising Autonomous Council.
আপুনি যদি লিখনিটো উপকৃত হ’ল তেন্তে চেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24