৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 Rnewsindia24.com February Assam 13/2023:-

1. বাংগালুৰুত এছিয়াৰ সৰ্ববৃহৎ এয়াৰ শ্ব’।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এয়াৰ শ্ব’।
এয়াৰ শ্ব’ দৰ্শনৰ বাবে সমাৱেশ ঘটিছে হাজাৰ হাজাৰ লোকৰ।

2. বাল্যবিৱাহ সন্দৰ্ভত বৰ্তমানলৈ ৩,০১৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
টুইটযোগে জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
এই সামাজিক ব্যাধিৰ বিৰুদ্ধে আগলৈ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

3. আজি সৰোজিনী নাইডুৰ ১৪৪সংখ্যক জন্মজয়ন্তী।
ওপজা দিনত Rnewsindia24 তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।

4. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হল সন্দীপ মেহতা।
ৰাজস্থান উচ্চ ন্যালয়ৰ ন্যায়াধীশ আছিল সন্দীপ মেহতা।
৪ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ।
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰযোগে সদৰী কৰিছে এই তথ্য।
ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশোৱন্ত সিঙক ত্ৰিপুৰাৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এন কটিশ্বৰ সিঙৰ জম্মু-কাশ্মীৰ লাডাখৰ মুখ্যন্যায়াধীশ নিযুক্তি।

5. স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল।
ঘটনাৰে জড়িতৰ সন্দেহত মৈৰাবাৰীৰ পৰা স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
স্বামী-স্ত্ৰী হৈছে নাছিমা বেগম আৰু মফিজুদ্দিন।

6. “বুকুত হাত থৈ কৈছো কোনো কাৰণতে AIUDFৰ লগত মিত্ৰতা নকৰে কংগ্ৰেছে।
কোনো সাংসদে AICCক মিত্ৰতা বিচাৰি হেঁচা দিয়া নাই।
অসমত এতিয়া এজন ৰজাৰ শাসন চলিছে, তেওঁৰ যি মন যায় ৰাতিৰ ভিতৰত তাকেই কৰিব পাৰে”- মন্তব্য গৌৰৱ গগৈৰ।

7. যোগীঘোপাৰ কাবাইটাৰীত বিৱাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
নিয়ন্ত্ৰণ হেৰুৱাই নৈশ বাছে খুন্দা মাৰে বিবাহযাত্ৰী বাহনত।
আহত হয় মহিলাসহ কেইবাজনো লোক।

8. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে ভবেন্দ্ৰ নাথ ডেকা নিৰ্বাচিত হৈছে। উপ-পদাধিকাৰৰ দায়িত্ব লব অৰ্পণ চক্ৰধৰ সোণোৱালে।
সংঘৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত ।

9. কৰিমগঞ্জত আৰক্ষীৰ অভিযান।
নাগ্ৰা আৰক্ষীৰ জালত সৰবৰাহকাৰীসহ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি।
জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰমূল্য প্ৰায় ১ কোটি টকা।

10. গোলাঘাটৰ খুমটাইত গ্ৰাম্য পৰ্যটন উন্নয়নৰ ব্যতিক্ৰমী পৰিকল্পনা।
খুমটাইত অনুষ্ঠিত হ’ব আন্তঃগাঁও, আন্তঃবাগিছা পৰিচ্ছন্নতা প্ৰতিযোগিতা।
বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত জিলা পৰিষদ এলেকা ভিত্তিক অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ।

11. হাৰিয়ানাত বিক্ৰী অসমৰ মৰিগাঁৱৰ যুৱতী।
৩ মাহ পূৰ্বে হাৰিয়ানাত বিক্ৰী কৰিছিল যুৱতীগৰাকীক।
যুৱতীগৰাকীক উদ্ধাৰ কৰে হাৰিয়ানা আৰক্ষীয়ে ।
ৰাজু দাস নামৰ এজনে হাৰিয়ানাত ৰাকেশ নামৰ ব্যক্তিৰ ওচৰত বিক্ৰী কৰিছিল।
কাইলৈ অসমলৈ উভতি আহিব যুৱতীগৰাকী।

12. ৰাজ্যত অব্যাহত আছে গোধনৰ অবৈধ সৰবৰাহ।
কলিয়াবৰত পাচলিৰ তলত লুকুৱাই আনিছিল গৰু ।
জখলাবন্ধা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে গৰু চুৰিৰ নতুন কৌশল।
পাচলি কঢ়িওৱা এখন পিকআপ ভানত আনিছিল ১০টাকৈ গৰু।
গোলাঘাটৰ বিহৰা বজাৰৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰিছিল গৰুকেইটা।
পিকআপ ভানৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে আৰক্ষীয়ে।

13. মহানগৰীৰ ISBTত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ৫ লাখ টকাৰ জালনোট।
গ্ৰেপ্তাৰ কৰে ২ সৰবৰাহকাৰীক।
দুই সৰবৰাহকাৰী হৈছে অমৰ টামাং আৰু ৰছন ৰায়।

14. ৰহস্যজনক মৃত্যু জনপ্ৰিয় ইউটুবাৰ চাংকি ব্লগাৰৰ।
গুৱাহাটীৰ বামুণীমৈদাম সংঘটিত হয় এই ঘটনা।
মৃতদেহৰ কেইবাটাও স্থানত আঘাতৰ চিন।
ইউটিউবাৰ প্ৰিয়লিনা নাথ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
তিনিমাহৰ পুৰ্বে জামুগুৰি হাটৰ পংকজ নাথৰ সৈতে বিবাহ হৈছিল।
চানমাৰি থানাত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে।
পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰোৱাৰ অভিযোগ উঠিছে।

15. মহানগৰীৰ হোটেল ভিভান্তাত ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত ‘যুৱ সদন’ শীৰ্ষক কাৰ্যসূচী।
কাৰ্যসূচীত ২৭ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকা, ড০ দয়ানন্দ পাঠক, আইনবিদ বসন্ত চুতীয়া।

16. ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ।
অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ পাচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লোহাৰঘাটত বগেজাৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হ’ব অধিৱেশন।

17. বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান ।
অভিযানত জব্দ কৰে ৩৪ বস্তা বাৰ্মিজ চুপাৰিভৰ্তি এখন ট্রাক।
জব্দকৃত বাৰ্মিজ চুপাৰি খিনিৰ বজাৰ মূল্য প্ৰায় ৯ লাখ টকা।

18. ছিৰিয়াত সন্ত্ৰাসবাদীৰ আক্ৰমণ।
IS সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ ।
বিস্ফোৰণত এগৰাকী মহিলাসহ ১১ জন লোক নিহত হয়।

19. দহ কোটি টকাৰ সোণসহ আটক কৰে অসমৰ চাৰিজন লোকক।
কৰিমগঞ্জৰ পৰা কলকাতালৈ যোৱাৰ উদ্দেশ্যৰে কাঞ্চনজংঘা এক্সপ্ৰেছত গৈছিল এই লোককেইজন।
DRIৰ অভিযানত জব্দ কৰে সোনখিনি।
জব্দকৃত সোণখিনিৰ ওজন প্ৰায় ১৮ কিলোগ্ৰাম ।
ধৃত সৰবৰাহকাৰীকেইটা হ’ল- নিৰ্মেলেন্দু পাল, সুজন পাল, পীযূষ পোদ্দাৰ আৰু সুজিত দাস।

20. ঝাৰখণ্ডৰ ৰাঁচী-টাটা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
দেওবাৰে নিশা স্কুটী চলাই ৰাঁচীৰ পৰা টাটা অভিমুখে গৈ থকা সময়তে অচিনাক্ত বাহনে স্কুটীৰ আৰোহীক মহটিয়াই নিয়ে।
দুৰ্ঘটনাত নিহত হোৱা শিক্ষক গৰাকী হৈছে সুৰেশ প্ৰধান।
আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *