৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ

Spread the love

Rnewsindia24.com February Assam 12/ 2023:-

1. অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্ত হল ৰাজস্থানৰ গুলাব চান্দ কাটাৰিয়া।
অসমৰ লগতে দেশৰ ১২ খন ৰাজ্যৰ ৰাজ্যপাল সলনি হ’ল।
ৰাজস্থানত দুবাৰকৈ গৃহমন্ত্রীৰ দায়িত্বত আছিল গুলাব চান্দ কাটাৰিয়া ।
৭৮ বছৰীয়া গুলাব চান্দ কাটাৰিয়া ২০১৮ৰ পৰা ৰাজস্থানত বিৰোধী দলৰ দলপতি হিচাপেও দায়িত্বত আছিল।

2. ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেন্ট জেনেৰেল কে টি পাৰনায়কক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰাৰ বিপৰীতে বৰ্তমান অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বি ডি মিশ্ৰক লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰে।

3. শিলচৰ NITয়ে শিক্ষাৰ মান অধিক উন্নত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে।
ৰেংকিঙৰ ক্ষেত্রত দেশৰ ভিতৰত ৩৮ সংখ্যক স্থান লাভ কৰিছে এই প্ৰতিষ্ঠানটোৱে।
“শিলচৰ NITত এইবাৰ পোষ্ট ডক্টৰেল ফেল’শ্বিপ ক’ৰ্চ আৰম্ভ কৰাৰ লগতে চাকৰি কৰা যুৱক-যুৱতীসকলৰ বাবে খোলা হ’ব ছেলফ ফিনান্স MBA ক’ৰ্চ”।
এক সংবাদমেলত প্রতিষ্ঠানটোৰ সঞ্চালক ড° ৰজত গুপ্তই এই কথা সদৰী কৰে।

4. ৰাজ্যত ১৮দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বাণিজ্য মেলা।
১৩ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ হব এই মেলা।
উদ্যোগ আৰু বাণিজ্য বিভাগে আয়োজন কৰিছে এই মেলা।
৫ হাজাৰতকৈ অধিক উদ্যমী যুৱক-যুৱতীৰ উদ্যমিতা বৃদ্ধিৰ বাবে এই বাণিজ্য মেলাত দিয়া হ’ব প্রশিক্ষণ।
লগতে উদ্যোগী লোকসকলৰ উত্পাদিত সামগ্রীৰ প্রদৰ্শন আৰু বিক্রীৰ বাবে ৰাজ্যৰ ১০ স্থানত আয়োজন কৰা হ’ব বাণিজ্য মেলাৰ।

5. কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত বুকত জঁপিয়ালে এগৰাকী যুৱকে।
যুৱকজনৰ নাম নিহাল কাকতি।
নিহালৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱত বুলি জানিব পৰা গৈছে।
যুৱকজনে ব্ৰহ্মপুত্ৰত কিয় জাঁপ দিলে সেয়া বর্তমানেও জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

6. গুৱাহাটীৰ সাতগাঁও সেনা শিবিৰত অঘটন।
বন্যহস্তিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী সেনা জোৱানে।
কৰ্তব্যৰত অৱস্থাত সন্ধিয়া হাতীৰ আক্ৰমণত জোৱানজনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।
জোৱানজনৰ নাম ডিমাপুৰৰ খামলিয়ং খাপ।

7. আজি চিমেন চাপৰিৰ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯২সংখ্যক অধিৱেশনৰ অন্ত পৰিল।
ধৰ্মধ্বজা উত্তোলনৰ লগতে অন্তিম দিনটোত ভাগৱত ভ্রমণ আৰু শোভাযাত্রাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

8. আজি ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহে।
দুখনকৈ ৰেলী আৰু ৰোড শ্ব’তো অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
অমিত শ্বাহে পৰিদৰ্শন কৰিলে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ।
চণ্ডীপুৰ আৰু বিশ্ৰামগঞ্জত দুখনকৈ ৰেলীত অংশ লোৱাৰ লগতে প্ৰতাপগড়ৰ ৰোড শ্ব’ৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে অমিত শ্বাহে।

9. ২২ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে লোহাৰঘাটত অনুষ্ঠিত হ’ব ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ অধিবেশন।
বগেজাৰী সমন্বয় ক্ষেত্ৰত প্ৰায় সত্তৰ লক্ষ টকা ব্যয়েৰে অনুষ্ঠিত হ’ব এই অধিবেশন।

10. “স্বামী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত লক্ষ্য আছিল মুছলমান কিন্তু প্ৰভাৱিত হ’ল আন জাতিৰ লোক”- মন্তব্য লুৰিণজ্যোতি গগৈৰ।

11. শিৱসাগৰত চাইকেল ৰেলীৰ আয়োজন।
শিৱসাগৰ চাইকেলিং এছচিয়েচনৰ উদ্যোগত আৰু শিৱসাগৰ আৰক্ষীৰ সহযোগত আয়োজন কৰা হয় চাইকেল ৰেলীৰ৷
শিৱসাগৰৰ শিৱদৌলৰ সন্মুখত চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু অৰ্জুন নয়নমনি শইকীয়াই৷

12. নিযুক্তি পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত পতিত হল এজন যুৱক৷
তেজপুৰত পৰীক্ষা দিবলৈ গৈছিল ছানোৱাৰ হুছেইন৷
পৰীক্ষা দিবলৈ যোৱাৰ পথতেই দৰং জিলাৰ দলগাঁৱত সংঘটিত হয় দুৰ্ঘটনাটো৷
ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী ছানোৱাৰ হুছেইন৷
নিহত ছানোৱাৰ হুছেইনৰ ঘৰ খাৰুপেটীয়াৰ বৰঙাবাৰীত৷

13. আজি মহিলা T20 বিশ্বকাপৰ মহাৰণ৷
চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ৰণত নামিব ভাৰত৷
গ্ৰুপ ষ্টেজৰ মহিলা ভাৰত দলটোৰ প্ৰথমখন খেল৷
সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰম্ভ হয় ৰোমাঞ্চকৰ খেলখন৷
কেপ টাউন নিউলেণ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হয় খেলখন৷

14. মঙলদৈৰ মোৱামাৰীত
ডাম্পাৰ-ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত মৃত্যু হয় এজন লোকৰ৷
উল্লেখ্য যে বিগত কেইটামান দিনত অঞ্চলটোত ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে ৪জনকৈ লোকৰ৷
স্থানীয় ৰাইজে পথটোৰে ডাম্পাৰ-ট্ৰেক্টৰৰ চলাচল বন্ধ কৰিবলৈ প্ৰশাসনক আহ্বান জনাই৷
ডাম্পাৰৰ দৌৰাত্ম্যই অঞ্চলটোৰ ৰাইজলৈ ভাবুকি কঢ়িয়াইছে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে৷

15. ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ।
নগাঁৱৰ বৰঘাটত চোৰাং গৰুসহ জব্দ কৰে এখন ট্রাক।
২৪টা চোৰাং গৰুসহ আৰক্ষীয়ে আটক কৰে দুজন লোক।
মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰিছিল গৰুভৰ্তি ট্ৰাকখন।
জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে NL 01 AC6963.

16. গুৱাহাটীৰ সাতগাঁও সেনা শিবিৰত অঘটন৷
বন্যহস্তীৰ আক্ৰমণত সেনা জোৱানৰ মৃত্যু হয়৷
কৰ্তব্যৰত অৱস্থাতে জোৱানজনক আক্ৰমণ কৰে বন্যহস্তীয়েখ৷
মৃত জোৱান জন ডিমাপুৰৰ খামলিয়ং খাপ৷
DSCৰ এৰিয়া ২২২ত কৰ্মৰত আছিল জোৱানজন৷
বশিষ্ঠ আৰ্মী বেছ হাস্পতালত মৃত্যু হয় আঘাতপ্ৰাপ্ত জোৱানজনৰ৷

17. শিৱসাগৰৰ ১০নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ উপমা বৰাৰ মৃত্যু হয়।
শিৱসাগৰৰ প্ৰগতি হাস্পতালত চিকিৎসা চলি আছিল বিজেপিৰ ৱাৰ্ড মেম্বাৰ উপমা বৰাৰ ।
মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
চিকিৎসকৰ গাফিলতিত উপমা বৰাৰ মৃত্যু হৈছে বুলি অভিযোগ পৰিয়ালৰ লোকৰ।

18. ‘আগন্তক লোকসভা নিৰ্বাচনত গোটেইখন আসনত জয়ী হ’ব বিজেপিয়ে’- মন্তব্য আঙুৰলতা ডেকাৰ।
লগতে বাল্যবিবাহকলৈ লোৱা সিন্ধান্তক উচ্চ প্ৰশংসা সভানেত্ৰীৰ।
যুৱতীসকলে স্বাৱলম্বী হৈ বিবাহপাশত আৱদ্ধ হ’ব লাগে বুলিও মন্তব্য সভানেত্ৰী আঙুৰলতা ডেকাই।

19. বদৰপুৰত অনুষ্ঠিত হৈছে খতমে বোখাৰী শ্বৰিফ।
হেজাৰ হেজাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগম অনুষ্ঠানত।
১৯৫২ চনত বদৰপুৰত অনুষ্ঠিত হৈছিল প্ৰথমবাৰৰ বাবে বোখাৰী শ্বৰিফ।
পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰ এই অনুষ্ঠানে ভৰি দিলে ৭২ সংখ্যক বছৰত।

20. বূঢ়াচাপৰি অভয়াৰণ্যত অচিৰেই চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।
অভয়াৰণ্যৰ প্ৰায় ৫, ৯৭৬ বিঘা ভূমিত উচ্ছেদ চলিব।
তিনিটাকৈ অস্থায়ী শিৱিৰ স্থাপন কৰি উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।

Leave a Reply

Your email address will not be published. Required fields are marked *