৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam February 24/2023:- 

1. নিৰ্বাচনী প্ৰচাৰৰ বাবে নাগালেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ডিমাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা।
বিজেপি আৰু NDPPৰ হৈ প্ৰচাৰ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

2. গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩০সংখ্যক দীক্ষান্ত সমাৰোহ।
সমাৰোহত তিনিগৰাকী বৰণ্য ব্যক্তিলৈ সন্মানীয় PhD আৰু DSc ডিগ্ৰী।
পৰিৱেশ বিজ্ঞানী অধ্যাপক দুলাল চন্দ্ৰ গোস্বামীলৈ ডক্টৰ অৱ ছায়েন্স(DSc) ডিগ্ৰীৰ সন্মান, বিশিষ্ট সমাজকৰ্মী ড° মনিষা বেহাল আৰু বিশিষ্ট সাহিত্যিক বিশ্বজ্যোতি বৰ্মনলৈ PhD ডিগ্ৰী।
অসমীয়া বিভাগত গৱেষণা সম্পন্ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অভিনেত্ৰী গায়ত্ৰী মহন্তয়ো আনুষ্ঠানিকভাৱে PhD ডিগ্ৰী লাভ কৰে।

3. প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ স্বামী দেৱীসিং শ্বেখাৱতৰ দেহাৱসান।
হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিলৰ স্বামী দেৱীসিং শ্বেখাৱতে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

4. নলবাৰীত পথ দুৰ্ঘটনা।
স্কুটীৰে নলবাৰীৰ নিৰ্মীয়মান মেডিকেল কলেজলৈ গৈ থকা অৱস্থাত নলবাৰীৰ হৰিমন্দিৰৰ সমীপত এখন ডাম্পাৰখনৰ সৈতে স্কুটীৰ সংঘৰ্ষ হয়।
ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় স্কুটী আৰােহী চিকিৎসাকৰ্মী আজিজা বেগম।
জানিব পৰা মতে, সদ্য বিবাহিত আজিজা বেগম নলবাৰীৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসাকৰ্মী আছিল।

5. সদৌ তিৱা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আজি দ্বিতীয় দিন।
বৰ্ণিল কৃষ্টি-সংস্কৃতিৰে উদ্ভাসিত হয় জাগীৰোডৰ নেলীৰ নৰসিং দেউৰজা সমন্বয় ক্ষেত্ৰ।
১৭ গৰাকী তিৱা ৰজাসহিতে উলিওৱা হ’ল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।

6. ‘ৰাজ্যত বাঢ়ি অহা অপৰাধক লৈ আমি চিন্তিত।
অপৰাধৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে সজাগতা সৃষ্টি কৰিম’।
অপৰাধজনিত ঘটনাক লৈ মন্তব্য ৰিপুণ বৰাৰ।

6. দেৰগাঁৱৰ ৰঙামাটিত সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তী অনুষ্ঠান।
প্ৰয়াত ৰামদাস আৰু মুঞ্চিৰাম ৰবিদাস সমন্বয় ক্ষেত্ৰত ব্যাপক আয়োজন।
উদুলি মুদুলি ৰঙামাটি চাহ বাগিচা খেলপথাৰ।

7. ওদালগুৰিত ডকাইতলৈ আৰক্ষীৰ গুলী৷
দৈফাঙত আৰক্ষীৰ গুলীত নিহত হয় ডকাইত কেনাৰাম বড়ো৷
ডকাইতৰ দলৰ আক্ৰমণত আহত হয় দুজন আৰক্ষী৷
ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হয়।

8. SOS পৰীক্ষাৰ ফলাফলক লৈ পুনৰ বিসংগতি৷
এইবছৰৰ বুলি ঘোষণা কৰিলে যোৱাবছৰৰ ফলাফল৷
শিক্ষা সংসদৰ দায়িত্বহীনতাৰ বাবে হাহাকাৰ শিক্ষাৰ্থীৰ৷
২০২১ৰ ফলাফল আপলোড কৰিলে ৱেবছাইটত৷
শুধৰণিৰ নামত পুনৰ আপলোড কৰিলে বিগত বৰ্ষৰ মাৰ্কশ্বীট৷
এই পৰ্যন্ত ফলাফল লাভ কৰা নাই শ শ শিক্ষাৰ্থীয়ে৷

9. গোলাঘাট জিলাৰ সীমান্তৱৰ্তী এলেকাত ড্ৰাই ডে’ ঘোষণা।
সৰুপথাৰ, ফৰকাটিং আবকাৰী চক্ৰ এলেকাত ড্ৰাই ডে’ ঘোষণা।
নাগালেণ্ড নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ঘোষণা জিলা প্ৰশাসনৰ।
২৫ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজালৈ ড্ৰাই ডে’।
২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নাগালেণ্ড বিধানসভা নিৰ্বাচন।
২ মাৰ্চৰ ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত ড্ৰাই ডে’।

10. এছিয়ান গেমছলৈ নিৰ্বাচিত হৈছে টীয়কৰ বোৱাৰী অনিষ্মৃতা বৰুৱা।
বৰ্তমান কঠোৰ অনুশীলনত ব্যস্ত অনিষ্মৃতা বৰুৱা।
কলিকতাত অনুষ্ঠিত ৪৩ তম নেচনেল মাষ্টাৰ এথলেটিক্সত জয়ী হৈ এছিয়ান গেমছলৈ নিৰ্বাচিত হৈছে অনিষ্মৃতা।
দুটা সন্তানৰ মাতৃ অনিষ্মৃতাই চলাই এখন দোকানো।
আজৰি সময়ত শাৰীৰিক অনুশীলনত ব্যস্ত হৈ পৰে অনিষ্মৃতা বৰুৱা।

11. শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে চাৰিচকীয়া বাহন।
থিতাতে নিহত হয় ৫ জন বন্ধু দ্বীপেন বৰা, ভাইকন পটংগীয়া, আকাশদ্বীপ বৰা, বিদ্যুৎ নাথ, বিশ্বজিৎ শইকীয়া।
বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে শোণিতপুৰৰ বালিপৰাৰ সংঘটিত হৈছে এই এই হৃদয়বিদাৰক ঘটনা।

13. মহানগৰীৰ হাতীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড৷
চিলিণ্ডাৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
ঘটনাস্থলী অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

14. জ্যেষ্ঠ সাংবাদিক আশীষ ঘোষৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সাংবাদিকগৰাকী। আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় সাংবাদিকগৰাকীৰ।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ।

15. ওদালগুৰিত ডকাইত আৰু আৰক্ষীৰ মাজত গুলীচালনা।
আৰক্ষীৰ গুলীত নিহত হয় ডকাইত।
ডকাইতৰ গুলীত আহত হয় দুগৰাকী আৰক্ষী বিষয়া।

16. CRPFৰ আজাদী কা অমৃত মহোৎসৱ উদযাপন।
সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিবেশন CRPF জোৱানৰ।
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ ধূলাত 136 BN CRPFয়েও উদযাপন কৰে অমৃত মহোৎসৱ।

17. মহানগৰীৰ চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
গুৱাহাটীৰ থলুৱা বাসিন্দাসকলক ভুমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত থকাৰ বাবে ৰূপায়ন প্ৰতিবাদ কাৰ্যসূচী।

18. ৰূপহীহাটৰ কাৱৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত ৬৮টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে।
লগতে আটক কৰিছে দুই সৰবৰাহকাৰীক।

19. কটন বিশ্ববিদ্যালয়ৰ ছাত্র নিৰুদ্দেশ।
উচ্চতৰ মাধ্যমিকৰ প্রথম বৰ্ষৰ ছাত্র নিৰুদ্দেশ
শ্বহীদ মোজাম্মিল হক।
ছাত্রাৱাসৰ পৰা ওলাই গৈছিল ছাত্রজন।
নিজৰ ৰূমলৈ যোৱাৰ পথত সন্ধানহীন হয় ছাত্রজন।
বৰ্তমান মৰিয়নী ৰে’লৱে ষ্টেচনত GRPFয়ে উদ্ধাৰ কৰে ছাত্ৰজনক।

20. গুৱাহাটীৰ পানীখাইতিৰ পৰা সন্ধানহীন এজন যুৱক।
মাছ ধৰিবলৈ গৈ নিৰুদ্দেশ হয় যুৱকজন।
নিখোজ যুৱকজন পানীখাইতিৰ বেগেনাবাৰীৰ মিণ্টু ৰাজভৰ বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *