৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam February 28/2023:- 

1. বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ।
অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বিভিন্ন জিলাৰ পৰা আহিব বিহুৱা-বিহুৱতী, ঢুলীয়া, পেঁপুৱা।
৭০ গৰাকী নাচনী, ৩০ জনকৈ ঢুলীয়াই অংশ ল’ব প্ৰতিবাৰত।
জিলাই জিলাই ১ মাৰ্চৰ পৰা মাহজোৰাকৈ চলিব প্ৰশিক্ষণ।
সোমবাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ মাষ্টাৰ প্ৰশিক্ষণ।
পুৰস্কাৰ লাভ কৰা বিহুৱা-বিহুৱতীক দিয়া হ’ব অগ্ৰাধিকাৰ।
১ মাৰ্চত প্ৰদৰ্শন হ’ব মাষ্টাৰ ট্ৰেইনাৰৰ বিহুনাচ।
প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে জিলাত দৈনিক পাব ৩০০ টকাকৈ।
সাজ-পোছাকৰ বাবে লাভ কৰিব ৩ হাজাৰ টকাকৈ।
গুৱাহাটীত বিহুৱা-বিহুৱতীয়ে দৈনিক পাব ১ হাজাৰ টকাকৈ।
প্ৰতিগৰাকী শিল্পীৰ নামত ব্যয় হ’ব ১০,৫০০ টকাকৈ।

2. পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।
প্ৰতি ইউনিট বিদ্যুতত এটকাকৈ বৃদ্ধিৰ সম্ভাৱনা।
আগন্তুক বিত্তীয় বৰ্ষত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ APDCLৰ।
বৃহৎ ৰাজহ ঘাটিৰ অজুহাতত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ।

3. গুৱাহাটীৰ ডাবল মাৰ্ডাৰক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।
ধনটি, অৰূপ ডেকাৰে বন্দনাৰ অবৈধ সম্পৰ্ক আছিল নে নাই তাৰ তথ্য-প্ৰমাণ বিচাৰি ফৰেনচিক মেডিচিন আৰু টক্সিক’লজি বিভাগলৈ লৈ যোৱা হৈছে ৩ অভিযুক্তক।
অৰূপ আৰু ধনটি ডেকাৰে শাৰীৰিক সম্পৰ্ক আছিল নে নাই আজি তাক পৰীক্ষা কৰা হ’ব।
ইতিমধ্যে পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত আছে ডাবল মাৰ্ডাৰৰ ৩ অভিযুক্ত।
অভিযুক্তসকলক লৈ পুনৰ মহানগৰ আৰক্ষীয়ে ছিন্ন মুণ্ডৰ সন্ধান চলোৱাৰ সম্ভাৱনা।

4. ‘BPFৰ কথা পৰিস্থিতিসাপেক্ষে চিন্তা কৰা হ’ব’।
কোকৰাঝাৰ লোকসভা সমষ্টিত NDA প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া BTR প্ৰধান প্ৰমোদ বড়োৰ।

5. চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ।
গোৱালপাৰাৰ ঔষধ পৰিদর্শকৰ কাৰ্যালয়ত ঘোচ লৈ গ্ৰেপ্তাৰ হয় দ্বীপজিৎ সৰকাৰ আৰু আনছেৰ আলী।
ফাৰ্মাচীৰ লাইচেন্সৰ নামত বিচাৰিছিল ১৫ হাজাৰ টকা উৎকোচ।

6. গোৰেশ্বৰৰ নাওকাটাৰ ৩ গৰাকী প্ৰাক্তন আছু নেতা গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ হয় অংকুৰ শৰ্মা, ভৱেশ শৰ্মা আৰু হীৰকজ্যোতি শৰ্মা।
এজন কিশোৰক শাৰিৰীক নিৰ্যাতন চলাইছিল ৩ প্ৰাক্তন আছু নেতাই।
নাওকাটাস্থিত আছু কাৰ্যালয়ত চলাইছিল নিৰ্যাতন।

7. মৰিগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু।
পুৱাই RSSৰ মৰিগাঁও জিলা কাৰ্যালত উপস্থিত হয় মন্ত্ৰীজন।
কাৰ্যালয়ত উপস্থিত হৈ RSSৰ নেতা কৰ্মীৰে মত বিনিময় কৰে।

8. শক্তিপীঠ কামাখ্যাত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অবেৰয়।
বগলা মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই অভিনেতাজনে।
অসমত ছবিৰ দৃশ্যগ্ৰহণত আগ্ৰহী বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে।

9. গোৱালপাৰাৰ সূতাৰপাৰাৰ গৰুপোৰাটাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক আৰু আহত হয় ৪জন লোক।
নিহত দুজনৰ নাম ৰফিকুল ইছলাম আৰু ছুচান ওৰাং।

10. ৰঙিয়াৰ বঙালীকুছিত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দৌলোৎসৱ।
উৎসৱস্থলিত এতিয়া ব্যাপক প্ৰস্ততি।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব দৌল মন্দিৰ।

11. “ক্ষমতাই মূৰত ধৰিছে হিমন্ত বিশ্ব শৰ্মাৰ।
গুপ্তহত্যাৰ খলনায়কৰ আজিৰ অৱস্থা চাব আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতৰ দিনবোৰ তেওঁ নিজেই উপলব্ধি কৰিব।
হিমন্ত বিশ্ব শৰ্মাই দাদাগিৰি কৰিছে, আইন ভৰিৰে মোহাৰিছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ।

12. গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত মুকলি ম’বাইল ফোনৰ বিপণী।
বিপণীখন মুকলি কৰে কণ্ঠশিল্পী ভৃগু কাশ্যপ, অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে।

13. কৰিমগঞ্জত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
১৬১ গ্ৰাম য়াবা টেবলেটসহ নগদ ৮ লাখ টকা জব্দ কৰে আৰক্ষীয়ে।
জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা।

14. যোৰহাটত উপস্থিত জুবিন গাৰ্গ।
চেমচাঙৰ এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰিবলৈ যোৰহাটত উপস্থিত হয় শিল্পীগৰাকী।
যোৰহাটত কেইবাটাও নতুন পৰিকল্পনাৰ বিষয়ে জনালে জুবিন গাৰ্গে।

15. বৰপেটাৰ হাউলীত বুজন পৰিমাণৰ ড্রাগছ জব্দ।
আৰক্ষীৰ অভিযানত দুই ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
১১টা চাবোনৰ বাকচত ভৰাই আনিছিল আধা কিলোগ্রাম ড্রাগছ।

16. জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘৰ্ষ।
পুৱাৰে পৰা নিৰাপত্তাৰক্ষী আৰু সন্ত্রাসবাদীৰ মাজত সংঘৰ্ষ।
সংঘৰ্ষত শ্বহীদ হয় এজন সেনা জোৱান।
নিৰাপত্তাৰক্ষী ঘেৰি ৰাখিছে সমগ্ৰ অঞ্চলটো।

17. বোকাখাতত ভয়ংকৰ অগ্নিকাণ্ড।
২নং বহিখোৱা গাঁৱৰ দুটা পৰিয়ালৰ বাসগৃহ ভস্মীভূত হয়।
বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

18. বোকাখাতৰ লখৌজান আৰু লতাবাৰীত পথ দুৰ্ঘটনা।
একেখন বাহনে দুই ঠাইত সংঘটিত কৰিলে দুৰ্ঘটনা।
এটি শিশু নিহত হোৱাৰ লগতে আহত হয় ৪ জন লোক।
বাহনখনৰ নম্বৰ হৈছে- AS01BS6888.

19. কাহিলিপাৰাৰ দশম আৰক্ষী বাহিনীত বিশেষ অনুষ্ঠান।
IPS বিষয়া মুকেশ আগৰৱালাৰ অৱসৰ গ্ৰহণ কৰে।
আনুষ্ঠানিক পেৰেডেৰে বিদায় দিয়ে বিষয়া গৰাকীক।

20. হাইলাকান্দিত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰে।
ৰামনাথপুৰত জলেশ্বৰী নৈত নাওৰে ৩ সৰবৰাহকাৰীয়ে আনিছিল ড্রাগছ।
৪৩ টা ড্রাগছভৰ্তি কনট্ৰেইনাৰৰ লগতে নগদ ১ লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *