মিচিং স্বায়ত্বশসিত পৰিষদ ।
আমাৰ শৰীৰৰ বাবে চফ উপকাৰী।
চফ খালে দেহৰ বহু কেইটা বেমাৰ নিৰাময় হয়।
প্ৰায় সকলোৰে ঘৰত চফ থাকেই নহয় নে ?
চফক ইংৰাজীত Anise seed বুলি কোৱা হয়৷
ইয়াৰ বৈজ্ঞানিক নাম Pimpinella anisum.
চফত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফেট, ফাইবাৰ, আইৰন, কেলচিয়াম, কপাৰ, মেগনেচিয়াম, মেংগানিজ, পটেচিয়াম, ফচফৰাছ আদি পুষ্টিতত্বৰে ভৰপূৰ।
চফত এনিথল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে বাবে সুগন্ধিযুক্ত হয়৷
জানো আহক চফত কি কি ঔষধী গুণ আছেঃ
1. হৃদৰোগ, বুকুৰ ঢপঢপনিৰ লগতে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত চফ উপকাৰী৷
2. শৌচ খোলোচা কৰা, বদহজম, এচিডিটি আদি দূৰ কৰিবলৈ চফ খাব লাগে।
3. চফ আৰু মিচিৰিৰ পিচি গৰম গাখীৰত মিহলাই খালে দৃষ্টিশক্তি বৃদ্ধি হয়, কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়৷
4. ছালৰ উজ্জ্বলতা বঢ়োৱা, ছালৰ দাগ নাইকিয়া কৰা আৰু শালমইনাৰ সমস্যা নিৰাময়ৰ বাবে চফ অতি উত্তম।
5. মাহেকীয়া ঋতুস্ৰাৱত হোৱা পেটৰ বিষ, প্ৰসৱকালীন যন্ত্ৰণা আদিত চফ খালে সুফল পোৱা যায়।
6. চফে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে তেনেহলে চফ ব্যৱহাৰ কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24