“আন্তৰ্জাতিক নাৰী দিৱস” Happy International Women’s Day.
আজি ৮ মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস।
সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস।
১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।
এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়।
তেতিয়াৰ পৰা প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় নাৰী দিৱস৷
নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা।
নাৰীৰ বাবে ৮ মাৰ্চৰ দিনটোৱেই নহয়, প্ৰতিটো দিনেই নাৰীৰ বাবে হব লাগে।
নাৰী আৰু পুৰুষ দুটা ভিন্ন শব্দ, যদিও একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি।
এটাৰ অবিহনে আনটো অসম্পূৰ্ণ।
নাৰী আৰু পুৰুষ উভয়ৰ অৱদানতহে সমাজ এখনৰ উন্নয়ন নিৰ্ভৰ কৰে।
কিন্তু, পৰিতাপৰ বিষয় হল আমাৰ সমাজত এতিয়াও অৰ্ধ শতাধিক নাৰী অন্ধকাৰত ডুব গৈ আছে।
বৰ্তমান সময়ত 9 বছৰীয়া কন্যা শিশুকো ধৰ্ষণ কৰি হত্যা কৰিব লৈছে, নিজৰ পত্নীক শোষণ কৰি আছে , মাতৃক নি বৃদ্ধাশ্ৰমত থৈচে , বিধৱা নাৰীক অকলশৰীয়াৰ সুযোগ লৈ নিৰ্যাতন কৰি আছে, প্ৰতিটো দিনতে ঘটি থকা এনে ঘটনা বোৰ শুনি মাত্ৰ এদিনৰ বাবে অসমত আন্তৰ্জাতিক নাৰী দিবসৰ কিবা প্ৰয়োজন আছে বুলি আপুনি ভাবেনে ?
এজনী ৭-৮ বছৰীয়া ছোৱালীক কি চাই ধৰ্ষণ কৰে ? আছে ইয়াৰ উত্তৰ ?
এজনী ছোৱালীয়ে কি পিন্ধিচে, ক’ত গৈচে, তাত চিধাই চকু পৰে কিয় ?
কিয় তাইৰ চকুযুৰীলৈ চোৱাৰ পৰিবৰ্তে চিধাই দেহত চকু দিয়ে আনক দোষ দিয়াৰ আগত প্ৰথমে নিজৰ চকুযুৰিক বুজাবলৈ যত্ন কৰক।
ছোৱালীৰ গোপন অংগত দৃষ্টি দিয়াতো বহুত ডাঙৰ পাপ ।
নাৰীক প্রিয়জন হিচাপে ব্যৱহাৰ কৰক,
প্রয়োজন হিচাপে নহয়।
যিদিনাখন এজনী নাৰী সমাজত ধৰ্ষণৰ বলি নহ’ব,
যৌতুকৰ বাবে নাৰীক অত্যাচাৰ কৰা বন্ধ হ’ব,
যিদিনা খন এজনী নাৰীয়ে মূৰ তুলি ভদ্ৰতাৰ মুখা পিন্ধা সমাজত
কোনো ভয় নোহোৱাকৈ নিজৰ মতে জীয়াই থাকিবলৈ শিকিব,
হয়টো সেইদিনাই সার্থক হ’ব।
এইখিনিতে এটা প্ৰশ্ন হয়- কাণফুলি, জিৰ’ফিগাৰ এইবোৰ চাই মাটিত চোচোঁৰাই ধৰ্ষন কৰা যুৱকে নাৰীক সুৰক্ষা দিব পাৰিবনে ?
এগৰাকী নাৰীক মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয়৷
নাৰী সীমাহীন গুণৰ অধিকাৰী৷
প্ৰতিটো পুৱাৰ সোণালী কিৰণ হ’ল নাৰী।
নাৰী হিচাপে ঝান্সীৰাণী লক্ষ্মীবাই, জয়মতি, কনকলতা, মাদাৰ টেৰেছা, সৰোজিনী নাইডু, ইন্দিৰা গান্ধী আদিয়েই দেশৰ উৎকৃষ্ট নিদৰ্শন।
দেশৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল- “এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহ গৰাকী ব্যক্তিক শিক্ষা দিয়া, এটা পৰিয়ালক শিক্ষিত কৰা মানে এখন সমাজ শিক্ষিত কৰা”।
শেষত Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰা প্ৰতি গৰাকী নাৰীলৈ “আন্তৰ্জাতিক নাৰী দিৱস”ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Happy International Women’s Day .
News Editor Sangita Dutta R News India 24