৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March 8/2023:- 

1. আজি ত্ৰিপুৰাত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ললে ড° মাণিক সাহাই।
উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা, ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰী সকল।

2. ডিব্ৰুগড়ত হোলী উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
লক্ষীনগৰস্থিত নিজ বাসগৃহত কণ কণ শিশুৰ সৈতে ফাকু খেলিলে মন্ত্ৰী গৰাকীয়ে।
নগাঁৱৰ শ্ৰীশ্ৰী ফুলবাৰী সত্ৰতো তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে হোলী উৎসৱ।
হোলী উপলক্ষ্যে ননৈ উৰিয়া গাঁৱত থকা সত্ৰখনত সমাগম ঘটিছে বহু ভক্তৰ।
অংশ লয় নগাঁৱৰ স্থানীয় বিধায়ক ৰূপক শৰ্মাই।

3. ‘চৰকাৰে শিপিনীলৈ অনুদান হিচাবে আগবঢ়োৱা তাঁতশাল একেবাৰে বেয়া’ । কলিয়াবৰত ফল্গুৎসৱত অংশ লৈ মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

4. আজি আন্তৰ্জাতিক নাৰী দিৱস।
এই উপলক্ষ্যে তিনিচুকীয়া আৰক্ষীৰ বিশেষ স্বাস্থ্য সজাগতা সভা।
তিনিচুকীয়া জিলাত কৰ্মৰত মহিলা আৰক্ষীৰ জোৱানসকলক চিকিৎসকে স্বাস্থ্য পৰামৰ্শ দিয়ে।

5.’ধিং-মৈৰাবাৰী-বৰপেটা-ধুবুৰী অঞ্চলত ভাৰতবিৰোধী বহুত লোক আছে।
আমি সদায় সতৰ্ক হৈ আছোঁ।
ভাৰতত থাকি পাকিস্তানৰ হৈ কাম কৰাসকলক নাইকিয়া কৰা হ’ব।’
পাকিস্তানী এজেণ্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযূষ হাজৰিকাৰ।

6. পল্টনবজাৰ ৰে’ল ষ্টেচনত GRPৰ অভিযান।
জব্দ কৰে ৩ কেজি ২০ গ্ৰাম ওজনৰ সোণৰ বিস্কুট।
সোণ সৰবৰাহৰে জড়িত যুৱক শ্বৰীফ আলম আটক কৰে।
ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ সোণখিনি।

7. অসমৰ পৰা ছিম কাৰ্ড যোগান ধৰে পাকিস্তানৰ চোৰাংচোৱাক।
NIA আৰু IBৰ তথ্যৰ ভিত্তিত নগাঁও, মৰিগাঁৱত আৰক্ষীৰ অভিযান।
দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ সন্দেহত আটক হয় ৫জন।

8. বিজনীত বুজন পৰিমাণৰ ড্ৰাগছসহ আবুল কাচেম নামৰ সৰবৰহাকাৰীক আটক কৰা হৈছে।
আৰক্ষীয়ে জব্দ কৰে ১০টা ড্ৰাগছভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ, মবাইল, বাইক।
বিজনী টোলপ্লাজাৰ সমীপত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক।

9. কাছাৰৰ বালিঘাট দাসকলনিত নিশা উত্তেজনা।
উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্তৰ আত্মীয়ৰ দোকান।
অভিযুক্তৰ ঘৰতো চলালে তাণ্ডৱ।
ঘটনাৰ ফলত আহত হয় ৪জনকৈ লোক।
৫৮ বছৰীয়া প্ৰতিৱেশীয়ে ১১ বছৰীয়া এগৰাকী নাবালিকাক অশালীন আচৰণক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ।
ঘৰত কোনো নথকাৰ সুযোগত চলাইছিল অসৎ কাৰ্য।
ভুক্তভোগী নাবালিকাৰ পিতৃ-মাতৃৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত প্ৰদীপ দত্তক।
অভিযুক্তক আটকৰ পাছতে ঘটনাটোক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।

10. ঐতিহাসিক বাৰেচহৰীয়া ভাওনাৰ আজি তৃতীয়টো দিন।
দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত পকামুৰা পথাৰ।
২২৬ সংখ্যক ভাওনা মহোৎসৱত ভক্তিৰসত বুৰ গৈছে জামুগুৰিহাট।

11. “কৰিশ্মা নাথে মুখেৰে বেণ্ডপাৰ্টীৰ সুৰ দি নামৰ অপসংস্কৃতি কৰিলে”- মন্তব্য সদৌ অসম নাগাৰা নামসংঘৰ প্ৰাক্তন সম্পাদক কুশল কুমাৰ পাঠক।

12. মৈৰাবাৰীৰ সৰুচলাত জেহাদীৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ।
সৰুচলাৰ পৰা NIA এ পাকিস্তানৰ চোৰাংচোৱাৰ সন্দেহত বাহাৰুল ইছলামৰ নামৰ এজনক গ্ৰেপ্তাৰ কৰা হয়।
যুৱকজন সৰুচলা বজাৰত মোবাইল ৰিপিয়াৰিঙৰ দোকান আৰু আধাৰ কেন্দ্ৰ আছিল।
ধৃত যুৱকজনৰ পৰা প্ৰায় দুশ ছিমকাৰ্ডৰ উপৰি এটা লেপটপ আৰু বহুকেইটা আপত্তিজনক তথ্য উদ্বাৰ কৰা হৈছে।

13. হোজাইত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰা হয় এটা ড্ৰাগছভৰ্ত্তি চাবোনকেচ, ৩২ টা ড্ৰাগছভৰ্ত্তি কনটেইনাৰ, ৪৯ হাজাৰ নগদ ধন লগতে ৩ টাকৈ মোবাইল।
আৰক্ষী আটক কৰে ৪ টাকৈ সৰবৰাহকাৰীক।

14. লংকাৰ বৰজোহা গাওঁত বিধ্বংসী অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণ ৰূপে ভষ্মীভূত গেলামাল দোকান ।
লগতে জুইত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি।

15. গোৱালপাৰাৰ দলগোমাৰ গোপালপুৰত অঘটন।
গা ধুবলৈ গৈ সন্ধানহীন হ’ল দুই কিশোৰ।
কৃষ্ণাই দুধনৈ নদীত এই ঘটনা সংঘটিত হয়।

16. বাংলাদেশৰ ঢাকাত ভয়ংকৰ বিস্ফোৰণ।
নিহত ১৫ জন, শতাধিকৰো অধিক আহত হয়।
ঢাকাৰ এটা ব্যস্ত বজাৰ অঞ্চলত সংঘটিত এই বিস্ফোৰণ।
কি কাৰনে বিস্ফোৰণ হল জানিব পৰা হোৱা নাই।

17. উত্তৰ প্ৰদেশ চৰকাৰক ১.৫ কোটি টকাৰ সম্পত্তি দান কৰিলে উত্তৰ প্ৰদেশৰ বুধনা জিলাৰ এগৰাকী বৃদ্ধ পিতৃয়ে।
সন্তানৰ অত্যাচাৰ সহিব নোৱাৰি নিজৰ সমষ্ট সম্পত্তি চৰকাৰক দান কৰে।
ব্যক্তি গৰাকীৰ নাম নাথ সিং।

18. তেজপুৰত চাঞ্চল্যকৰ গুলীচালনা।
গাৰোৱানপট্টিত ভাতৃৰ গুলীত নিহত বিষ্ণু দাস নামৰ লোকজন ।
অলক দাসে অনুজ্ঞাপত্ৰধাৰী বন্দুকেৰে গুলীয়াইছিল ভাতৃক।
গুলীচালনা কৰা অলক দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘৰুৱা কন্দলৰ বাবেই এই ঘটনা সংঘটিত হয়।

19. বিশ্বৰ বয়সীয়াল ব্যক্তি Johanna Mazibukoৰ মৃত্যু।
১২৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে।
দক্ষিণ আফ্ৰিকাৰ বাসিন্দা আছিল Johanna Mazibuko.

20. গোবিন্দপুৰত বন বিভাগৰ অভিযান।
অভিযান জব্দ হয় বালি কঢ়িওৱা টেক্টৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *