৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 3/2023:- 

1. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ।
অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী।

2. আজি ঘোষণা হল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।
ফলাফল সন্দৰ্ভত নিযুক্তি আয়োগৰ সংবাদমেল সম্বোধন।
স্নাতক পদৰ বাবে ৭,৪১৪টা পদত বাছনি কৰা হয়।
৩,৪০৮ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৭২৬ গৰাকী OBC, ৪৮০ গৰাকী SC, ৭৫১জন ST(P)ৰ, ৬৮৩জন EWS, ২৪৪ গৰাকী PWBD, ১২২জন এক্স ছাৰ্ভিছমেন আৰু ১,৭৮৩জন RFW পদত বাছনি কৰিছে নিযুক্তি আয়োগে।

3. অভয়াপুৰীৰ অষ্টম আৰক্ষী বাহিনী চৌহদত দীক্ষান্ত সমাৰোহ।
দীক্ষান্ত সমাৰোহত অংশগ্ৰহন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

4. ’২৪ত নিৰ্বাচন নেখেলে পৱন সিং ঘাটোৱাৰে।
ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন নেখেলাৰ কথা প্ৰকাশ পৱন সিং ঘাটোৱাৰৰ।
সংবাদ মাধ্যমত এই কথা স্পষ্ট কৰিলে APCCৰ সভাপতি ভূপেন বৰাই।

5. সু-খবৰ৷
বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন নিৰ্দেশনা৷
এতিয়াৰে পৰা মাতৃভাষাতে হ’ব বিশ্ববিদ্যালয়ৰ শিক্ষা৷

6. WAPCOS Ltdৰ প্ৰাক্তন CMD ৰাজিন্দৰ কুমাৰ গুপ্তা আৰু তেওঁৰ পুত্ৰ গৌৰৱ সিংগলক গ্ৰেপ্তাৰ কৰা হৈছে।
আয়বহিৰ্ভূত সম্পত্তি ৰখাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে।
ৰাজিন্দৰ কুমাৰৰ ভিন্ন প্ৰান্তত অভিযান চলাই CBIয়ে জব্দ কৰে ৩৮.৩৮ কোটি টকা।

7. SCERT কেলেংকাৰিত অভিযুক্ত ৰাজেশ যোশীক গ্ৰেপ্তাৰ৷
জেৰাৰ অন্তত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে ৰাজেশ যোশীক৷
কেলেংকাৰীৰ মূল অভিযুক্ত নিলম্বিত IAS বিষয়া শেৱালি দেৱী৷
শেৱালি দেৱীক বিচাৰি অভিযান CM ভিজিলেন্সৰ৷
জোঁৱায়েক অজিত পালৰে মিলি কৰে ১০৫ কোটি টকাৰ কেলেংকাৰি৷

8. লিয়’নেল মেছিক নিলম্বন PSGৰ।
অনুমোদনহীনভাৱে ছৌদি আৰৱ ভ্ৰমণৰ বাবে দুসপ্তাহৰ বাবে নিলম্বন কৰা হৈছে খেলুৱৈগৰাকীক।

9. ক্ৰিকেটাৰ মহম্মদ চামীৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতনৰ অভিযোগ পত্নীৰ।
শাৰিৰীক নিৰ্যাতন, অবৈধ সম্পৰ্কৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ক্ৰিকেটাৰগৰাকীৰ পত্নী।
পূৰ্বেও চামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল পত্নীয়ে।

10. উত্তৰ গুৱাহাটীত নৃশংস হত্যাকাণ্ড।
প্ৰেমিকাক হত্যা কৰি গাঁতত পুতি থ’লে প্ৰেমিকে।
উত্তৰ গুৱাহাটীৰ ৰংমহলত সংঘটিত হৈছে এই ভয়ানক ঘটনা।
হত্যাকাৰী প্ৰেমিক ছাহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে গৌৰীপুৰ আৰক্ষীয়ে।
গোৱালপাৰাৰ লক্ষীপুৰত ঘৰ ছাহিৰুলৰ।

11. ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰা হৈছে।
চিকাৰীদাঙা হাবিৰ পৰা অস্ত্ৰখিনি জব্দ কৰে ওদালগুৰি আৰক্ষীয়ে।
৬টা AK ছিৰিজৰ ৰাইফল, এটা 9mm পিষ্টল আৰু বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী জব্দ কৰিছে আৰক্ষীয়ে।

12. লণ্ডনৰ বাকিংহাম পেলেচত লকডাউন।
ৰাজপ্ৰাসাদৰ চৌহদত সন্দেহযুক্ত ‘শ্বটগান কাৰ্টিজ’ নিক্ষেপ কৰে দুবৃত্তই।
ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
নিৰাপত্তাৰ দিশৰ প্ৰতি গুৰুত্ব ৰাখি ৰাজপ্ৰাসাদৰ চৌহদত ‘লকডাউন’ ঘোষণা কৰিছে ব্ৰিটিছ প্ৰশাসনে।

13. চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰ।
৩ মে’ত প্ৰকাশ পাইছে শিক্ষক পদৰ বাছনিৰ খচৰা। মাজনিশা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব এই তালিকা।
৪ আৰু ৫ মে’ত চাকৰি প্ৰত্যাশীয়ে এই তালিকাৰ ওপৰত দাখিল কৰিব পাৰিব ওজৰ-আপত্তি।
LP আৰু UPৰ শিক্ষক পদত আবেদনকাৰীৰ বাবে প্ৰযোজ্য এই নিৰ্দেশনা।

14. বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ গোচৰ ৰুজু।
‘ঠাকুৰ নে হিজৰো কা দল বনায়া হ্যে’ বুলি অপমানসূচক মন্তব্য কৰিছিল বিৰোধী মহাজোঁটক।
আজি ভঙাগড় থানাত আজমলৰ বিৰুদ্ধে গোচৰ তৰিছে কংগ্ৰেছে।

15. নগাঁও আৰক্ষীৰ জালত পৰিছে মোবাইল হেকাৰ।
ধৃত মোবাইল হেকাৰটোৰ নাম মেহতাব হুছেইন।
বহুলোকৰ GPay, Amazon Pay হেক কৰি লুটিছিল ধন।

16. মিজোৰামত ১২ কোটি টকাৰ ড্রাগছ জব্দ কৰা হৈছে।
মিজো আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ড্রাগছ সৰবৰাহকাৰীটোক।

17. চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন বিভাগৰ অভিযান।
পাতালশানাৰ পৰা জব্দ কৰে চোৰাং কাঠৰ কুণ্ডা।
জব্দকৃত কুণ্ডাখিনিৰ মূল্য ২ লাখ টকা।

18. ‘হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল ‘শ্ব’লে’ ছবিৰ ‘জয়’ আৰু ‘বিৰু’।
দুয়োৰে মাজত বন্ধুত্ব আছে। হিমন্ত বিশ্ব শৰ্মাই যদি বাইক চলাই, আজমল পাছত বহে’। কাজিৰঙাত এই মন্তব্য কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ।

19. ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত ভয়ানক ঘটনা।
১৪ বছৰীয়া ছাত্ৰৰ গুলীবৰ্ষণ।
গুলীচালনাত ৮ শিশুসহ ৯জনৰ মৃত্যু হয়।
এখন শিক্ষানুষ্ঠানত গুলীবৰ্ষণ ছাত্ৰজনৰ।
গুলীত শিক্ষানুষ্ঠানখনৰ এজন সুৰক্ষা কৰ্মীৰ মৃত্যু হজ।
ঘটনাত আন বহু ছাত্ৰ আহত হয়।
গুলীবৰ্ষণ কৰা কিশোৰ ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

20. কৰ্ণাটকৰ কংগ্ৰেছ নেতা অশোক কুমাৰ ৰায়ৰ ভাতৃ
সুব্ৰমনিয়া ৰায়ৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান।
গছৰ ডালত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে ১ কোটি টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *