৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 5/2023:- 

1. কাৰ্বি আংলঙৰ ডিফুত ২,৫০৩ কোটি টকাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, যোগেন মহন, সাংসদ হৰেনছিং বে’, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বিশিষ্ট ব্যক্তিসকল।
উক্ত অনুষ্ঠানত কাৰ্বি আংলঙত নতুন মেডিকেল কলেজ, কেঞ্চাৰ হাস্পতাল, ভ্যেটেনেৰি কলেজ।
দলং, ফ্লাই অ’ভাৰকে ধৰি কাৰ্বি আংলং সংযোগী পকী পথ নিৰ্মান কৰা হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

2. গোলাঘাটত নিশা ধুমুহাৰ ফলতত ক্ষতিগ্ৰস্থ হোৱা অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী অজন্তা নেওগে।

3. দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা।
২৪ ঘন্টাত ৩,৯৬২ জন নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

4. যোগীঘোপাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
নিৰ্মীয়মান যোগীঘোপা আন্তঃৰাষ্ট্ৰীয় বন্দৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

5. বুধবাৰে শদিয়াৰ দিবাং নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাত ডুব যোৱা যাত্ৰীবাহী মেজিক উদ্ধাৰ।
SDRF-NDRFৰ দলে উদ্ধাৰ কৰে বাহনখন।

6. আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী টিংখং-২০২৩।
প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হয় মাৰাথন প্ৰতিযোগিতা।
উপস্থিত থাকে মন্ত্ৰী বিমল বৰা।

7. কলিয়াবৰৰ ২নং বৰঘূলি বালিকা প্ৰাথমিক বিদ্যালয়ত অঘটন।
পশ্চিম কলিয়াবৰ উন্নয়নখণ্ডৰ অধীনৰ বৰঘূলি গাঁও পঞ্চায়তৰ এম জি এনৰেগা আঁচনিৰ ছাইনব’ৰ্ড ভাঙি পৰি মৃত্যু হয় দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰী।
নাম ফাৰ্জাতুন মমতাজ।

8. মানকাচৰৰ ছদুৰটিলা ভাৰত-বাংলা সীমান্তত বিএছএফৰ অভিযান।
অভিযানত জব্দ কৰে ৩.৫ কেজি গাঞ্জা।
বিএছএফক দেখি পলায়ন কৰে সৰবৰাহকাৰীয়ে।
বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হয় গাঞ্জাখিনি।

9. ঘোষণা কৰা হ’ল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।
ছেবাৰ ৱেবছাইট www.sebaonline.orgৰ লগতে www.assam.gov.inতো ফলাফল উপলব্ধ হয়।
১৪ হাজাৰ ২৮১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে পৰীক্ষাত।
৬ মে’ত লটাৰীযোগে বিভাগ লাভ কৰিব প্ৰাৰ্থীসকলে।
১১ মে’ত নিযুক্তি-পত্ৰ প্ৰদান কৰিব চৰকাৰে।

10. বিশ্ব প্ৰেছ স্বাধীনতা সূচকৰ ১৬১তম স্থানত ভাৰতৰ নাম।
বিগত বৰ্ষত ১৫০সংখ্যক স্থানত থকা ভাৰতে এইবাৰ অৱনমিত হৈ পালেগৈ ১৬১ স্থানত।
আন্তৰ্জাতিক সংস্থা মিডিয়া Watchdog Reporters Without Bordersৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।

11. লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড।
লামডিঙৰ হাৰলংফাৰ এগৰাকী মহিলাৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড।
জুই সম্পূৰ্ণৰূপে ভস্মীভূত হয় মহিলাগৰাকীৰ বাসগৃহ।
মৃত্যু হয় ১৩টাকৈ ছাগলীৰ।

12. শিৱসাগৰৰ বাবুপট্টিত অগ্নিকাণ্ড।
এক্সকেভেটৰেৰে পাইপ চাফা কৰি থাকোতেই পাইপ ফাটি জুইৰ সূত্ৰপাত হয়।
অগ্নিদগ্ধ হৈ মৃত্যু হয় এটি কণমানিৰ।

13. আৰক্ষীৰ এনকাউণ্টাৰত নিহত হল কুখ্যাত গেংষ্টাৰ অনিল দুজানা।
উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ এনকাউণ্টাৰত মিৰাটত নিহত হয় অনিল দুজানা।
গেংষ্টাৰটোৰ বিৰুদ্ধে ৰুজু হৈ আছে হত্যা আৰু ধন দাবীৰ ৬২ টা গোচৰ।

14. ‘যি গ্ৰীণফিল্ডত মিটিং কৰিছে, সেই গ্ৰীণফিল্ড বিপিএফে কিনিছিলোঁ।
আজি তাত বহি মোক গালি পাৰি আছে।
শ্ৰীৰামপুৰত ছিণ্ডিগেটৰ সকলো ৰেকৰ্ডিং মোৰ ওচৰত আছে।
সেই সন্দৰ্ভত মোৰ লগত চেলেঞ্জ কৰাৰ দৰকাৰ নাই।’
প্ৰমোদ বড়োক উদ্দেশ্যি এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

15. জম্মু-কাশ্মীৰত বাসুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।
কিষ্টৱাৰ এলেকাৰ ঘনজংঘলত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।
৩ জন জোৱান আছিল হেলিকপ্টাৰখনত।

16. ৰিঅ’ অলিম্পিক-২০১৬ত স্বৰ্ণ বিজয়ী আমেৰিকান স্প্ৰিণ্টাৰ Tori Bowie মৃত্যু হয়।
৩২ বছৰ বয়সত মৃত্যু হয় খেলুৱৈগৰাকী।

17. কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয়৷
আদালত অৱমাননা কৰা জ্ঞানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ৷
কৃষি বিভাগৰ পৰা বদলি অথবা নিলম্বনৰ নিৰ্দেশ, অতিৰিক্ত মুখ্য সচিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ৷
তদন্ত সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব এই নিৰ্দেশনা৷
দুমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন আদালতত দাখিলৰ নিৰ্দেশ৷
ঠিকা আবণ্টনত অনিয়মৰ আশ্ৰয় লৈছিল অনন্ত লাল জ্ঞানীয়ে৷
ন্যায়ালয়ত ক্ষমা বিচাৰি আবেদন জনাইছিল জ্ঞানীয়ে৷

18. মণিপুৰত ‘Shoot at sight’ নিৰ্দেশনা জাৰি।
ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো পৰিস্থিতিৰ চৰম পৰ্যায়ত উপনীত হ’লে জিলা দণ্ডাধীশ, মহকুমাধিপতি, প্ৰতিগৰাকী কাৰ্যবাহী দণ্ডাধীশক ‘Shoot at sight’ কৰ্তৃত্ব প্ৰদান কৰিছে ৰাজ্যপালে।

19. ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা।
জয়পুৰ-আজমেৰ ঘাইপথৰ সমীপৰ ৰামনগৰত সংঘটিত হয় দুৰ্ঘটনা।
গাড়ীৰ ওপৰত টেংকাৰ ট্ৰাক বাগৰি ৩টি শিশুসহ ৮ জনৰ মৃত্যু হয়।
ইয়াৰে ৭ জন লোকৰ দুৰ্ঘটনাস্থলীত থিতাতে মৃত্যু হয়।

20. আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাৰ্ঘেৰিটাৰ কিশোৰী হত্যাকাৰী আনন তাঁতীক৷
অৰুণাচলৰ দেওমালিত আত্মগোপন কৰি আছিল আনন তাঁতী৷
তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনন তাঁতীক৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *