৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 19/2023:-

1. খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বিশেষ অনুষ্ঠান।
ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰিত হয়।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।

2. দেশৰ ভিতৰতে জিলিকি উঠিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দপ্তৰ।
৬৬টা মন্ত্ৰালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভেৰে অসামান্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দায়িত্বত থকা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে।
নীতি আয়োগে গুণগত মান সূচকৰ ওপৰত প্ৰকাশ কৰা ২০২২- ২৩ বৰ্ষৰ প্ৰতিবেদনত ৫ নম্বৰৰ ভিতৰত ৪.৮ নম্বৰ লাভেৰে এই স্থান দখল সৰ্বানন্দ সোণোৱালৰ দপ্তৰৰ।

3. গুৱাহাটীবাসীৰ বাবে ভাল খবৰ৷
দেশৰ ভিতৰতে গুৱাহাটী মহানগৰীত হ’ব দ্বিতীয় দীৰ্ঘতম উৰণ সেতু৷
নুনমাটিৰ পৰা সন্দিকৈ মহাবিদ্যালয়লৈ হ’ব চাৰিলেনযুক্ত উৰণ সেতু৷
৮৫২.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই উৰণ সেতু৷
এই উৰণ সেতুখনৰ দৈৰ্ঘ্য হ’ব ৫.৪ কিলোমিটাৰ৷
ৰাজ্যিক কেবিনেটৰ পাছতে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷
“আজিৰে পৰা জিলাসমূহত নাথাকিব উপায়ুক্তৰ পদ৷
জিলা আয়ুক্ত হিচাপে পৰিগণিত হ’ব উপায়ুক্তসকল৷
উঠাই দিয়া হ’ব ডিভিজনেল কমিছনাৰ৷
উঠাই দিয়া হ’ব মাণ্ডলিক আয়ুক্তৰ ব্যৱস্থা”- এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

4. আজি মা কামাখ্যা মন্দিৰত আশীষ লয় মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে।
মুখ্যমন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে বহুকেই গৰাকী গণ্যমান্য ব্যক্তিয়ে।

5. গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত প্ৰেছ ক্লাবৰ নিৰ্বাচনি কমিটীৰ সংবাদমেল।
৩ জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু ৪ জুনত ঘোষণা কৰা হ’ব ফলাফল।

6. ভাৰতীয় বেংকিং খণ্ডৰ পৰিৱৰ্তিত পৰিৱেশৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ।
Indian Institute Of Bank Management আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগে আয়োজন কৰে এই আলোচনা চক্ৰ।
আলোচনা চক্ৰখনিত অংশ গ্ৰহন কৰে ৰিজাৰ্ভ বেংকৰ Regional Director সঞ্জীৱ সিংহ, NABARDৰ CGM নবীন ধিংৰা, IIBMৰ সঞ্চালক ইউজিন ই কাঠাকৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি।

7. জখলাবন্ধা থানাত SI জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰ দাখিল কৰে।
২ পৃষ্ঠাৰ এজাহাৰত কেতবোৰ বিস্ফোৰক অভিযোগ৷
এজাহাৰত নগাঁৱৰ SP লীনা দলেৰ কথা উল্লেখ কৰে।
ঘটনাৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালটোৱে৷
নিৰপেক্ষ তদন্তৰ দ্বাৰা দোষীক কঠোৰ শাস্তিৰ দাবী৷

8. আজিৰে পৰা বন্ধ কৰা হল ২০০০ টকীয়া নোট।
২০১৬ চনত বিমুদ্ৰাকৰণৰ পিছত ছপা কৰা হৈছিল ২০০০ টকীয়া নোট।

9. মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷
অতিৰিক্ত উপায়ুক্তৰ বাহনে মহটিয়ালে দুজন ছাত্ৰক৷
অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হয়।
মলয় নাথ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনো গুৰুতৰভাৱে আহত হয়৷
বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন৷
উপায়ুক্তৰ লগত গড়মূৰলৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়।

10. আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ্যোগত আয়োজন কৰা হৈছে কটন কনক্লেভ ২০২৩ ।
উপস্থিত থাকে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

11. SI জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী৷
বকোৰ ৰাজপথত প্ৰতিবাদী সমদল৷
হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ চৰকাৰক দাবী সংগঠনকেইটাৰ৷
ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

12. কাছাৰৰ লায়লাপুৰত জব্দ কৰে বাৰ্মিজ চুপাৰি।
৩ হাজাৰ কেজি চুপাৰিসহ জালত পৰিছে চালক-হেণ্ডিমেনসহ ৩জন।
দুখনকৈ ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল চুপাৰিখিনি।

13. গোলাঘাটত পুনৰ চোৰাং গৰুসহ জালত পৰিল সৰবৰাহকাৰী।
১৫টাকৈ গোধন সৰবৰাহ কৰোঁতেই আৰক্ষীৰ হাতত ধৰা পৰিল সৰবৰাহকাৰীটো।

14. ৰঙিয়াত নকল সোণসহ আটক কৰে ৩জনক।আৰক্ষীৰ জালত লখিমপুৰৰ ৰুস্তম আলী, অজিত আলী আৰু আবুল হুছেইন।

15. শিলচৰত গ্ৰেপ্তাৰ IPL জুৱা চক্ৰৰ দুই মাষ্টাৰ মাইণ্ড৷
নাম IPL জুৱাৰ মাষ্টাৰ মাইণ্ড গৌতম ৰয় আৰু ৰূপক মধাক।
নেশ্যনেল হাইৱেৰ সমীপৰ এটা ঘৰত চলিছিল আৰক্ষীৰ অভিযান৷
দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে লগতে জব্দ কৰে নগদ ৩৯ লাখ টকা, লেপটপ, মোবাইল, বহু আপত্তিজনক সামগ্ৰী৷

16. ঢেকীয়াজুলিত লোমহৰ্ষক হত্যাকাণ্ড৷
ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত দাৰে ঘপিয়াই এজনক হত্যা৷
ঢেকীয়াজুলিৰ উপপঞ্জীয়ক কাৰ্যালয়ৰ মহৰী উত্তম দাসক হত্যা৷
নিৰঞ্জন খোদাল নামৰ এজন লোকে হত্যা কৰে উত্তম দাসক৷
হত্যাকাণ্ড সংঘটিত কৰি ঢেকীয়াজুলি আৰক্ষী থানাত আত্মসমৰ্পণ হত্যাকাৰীৰ৷
ভূমি সংক্ৰান্তীয় বিবাদতেই এই হত্যাকাণ্ড সংঘটিত হয়।
মৃত উত্তম দাসৰ ঘৰ বৰছলা সমষ্টিৰ অৰিয়াণ্টলিত৷

17. সৰুপথাৰত ধপাতভৰ্তি ব’লেৰে পিক আপ বাহন জব্দ কৰে সৰুপথাৰ আৰক্ষীৰ এটা দলে ।
সৰুপথাৰৰ পৰা নাওজান অভিমুখে গৈ থকা ব’লেৰ পিক আপ বাহন খন।

18. CID আৰু CBI ৰ তদন্তৰ ওপৰত আস্থা নাই তৃণমূল কংগ্ৰেছৰ।
ন্যায়িক তদন্তৰ দাবী জনাইছে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

19. পৰ্ণ ছাইটত অশ্লীল ভিডিঅ’ আপলোড কৰিছিল যোৰহাটৰ কলেজীয়া ছাত্ৰীয়ে।
সেই ঘটনাৰ লগত জড়িত যিসকল এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে সেইসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীৰে যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ঢেকেলীয়া গাঁৱৰ একাংশ মহিলাই ।

২০. “এগৰাকী আৰক্ষী বিষয়াৰ অকাল মৃত্যুক গুৰুত্বহীন কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে”- এই মন্তব্য ভূপেন বৰাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *