৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam July 6/3023:-
1. প্ৰয়াত কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ ঘৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে মন্ত্ৰী গৰাকীয়ে।
সোণোৱালক সংগ দিয়ে সাংসদ কুইন ওজাই।
2. উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি অসম সন্তান উজ্জ্বল ভূঞাক।
জ্যেষ্ঠতাৰ ভিত্তত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সহিচাপে বাছনি কৰে ভূঞাক।
উজ্বল ভূঞা বৰ্তমান তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত।
3. ১৪ জুলাইত ISRO-এ মুকলি কৰিব ‘চন্দ্ৰযান-৩’।
দিনৰ ২.৩৫ বজাত মুকলি হ’ব মহাকাশ যানখন।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ এছ সোমনাথে সদৰী কৰে এই তথ্য।
‘চন্দ্ৰযান ৩’ৰ সফল পৰীক্ষণ সম্পন্ন হোৱাৰ পাছতে ১৯ জুলাইৰ ভিতৰত উৎক্ষেপণৰ বাবে সাজু কৰা হৈছে মহাকাশ যান ‘চন্দ্ৰযান-৩’ ।
4. “অহা তিনি বছৰলৈ প্ৰতিমাহে আদিবাসীসকলক প্ৰদান কৰা হ’ব ৬ হাজাৰ টকাৰ বিশেষ অনুদান।
১৫ আগষ্টত ১১৮২ সদস্যলৈ ৪লাখ টকাকৈ এককালীন সাহায্য।
৩ লাখ টকাৰ ঋণো ল’ব পাৰিব সদস্যসকলে।
চুক্তি অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আদিবাসীসকলক দিব ১ হাজাৰ কোটি টকা”- মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
5. সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে গৰুভৰ্তি ট্ৰাক।
অবৈধভাৱে সৰবৰাহ কৰা ৪২টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে।
শিৱসাগৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটৰ বজাৰ অভিমুখী আছিল ট্ৰাকখন।
ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে।
6. মণিপুৰৰ ইম্ফলত পুনৰ গুলীচালনাৰ ঘটনা।
অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হয় এগৰাকী মহিলা।
পৰিস্থিতি কিছু শান্ত হোৱাত বুধবাৰৰ পৰা খুলি দিয়া হৈছিল ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ।
ইয়াৰ পাছতে আজি পশ্চিম ইম্ফলৰ এখন বিদ্যালয়ৰ বাহিৰত দুৰ্বৃত্তৰ গুলীত মৃত্যু হয় এগৰাকী মহিলা।
এই ঘটনাক লৈ এতিয়া আতংকই বিৰাজ কৰিছে অঞ্চলটোত।
7. কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
নিলামবজাৰৰ দুটাকৈ পৃথক স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ১ কেজি ওজনৰ ১০,০০০ য়াবা টেবলেটৰ লগতে ১২ কেজি গাঞ্জা।
৪জন ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে আইনী ব্যৱস্থা।
8. ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল আৰু এজন চৰকাৰী বিষয়া।
ভূমি সংক্ৰান্তীয় কামৰ বাবে ঘোচ লওঁতেই হাতে-লোটে জালত পৰিল চমৰীয়া ৰাজহ চক্ৰৰ লাট মণ্ডল জিবেশ কুমাৰ দেৱশৰ্মা।
9. পুনৰ জব্দ অবৈধভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক।
আটক কৰে দুই সৰবৰাহকাৰী।
চিলাপথাৰৰ পৰা বৰ্ণিহাট অভিমুখী আছিল গৰু ভৰ্তি ট্ৰাকখন।
যোৰাবাট আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন।
10. শোণিতপুৰত বজ্ৰপাতত এজনৰ মৃত্যু।
নিহত লোকজন নাৰেংকাটি গাঁৱৰ কেশৰাম নাথ।
পথাৰত কাম কৰি থকা অৱস্থাত মৃত্যু হয় লোকজন।
11. গুৱাহাটীৰ আমিনগাঁৱত পথ দুৰ্ঘটনা।
ডাম্পাৰ আৰু মালবাহী মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাটোত ৰাজীৱ তালুকদাৰ নামৰ এজন লোকৰ মৃত্যু হয়।
গুৰুতৰভাৱে আহত হয় আন ৮জনকৈ লোক।
দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখন।
12. গণেশগুৰিত পথ দুৰ্ঘটনা।
উৰণ সেতুত এখন বাছে মহটিয়াই নিলে দুখনকৈ চাৰিচকীয়া বাহন।
দুৰ্ঘটনাত আহত হয় বাহন দুখনৰ আৰোহী।
13. মণিপুৰত পুনৰ বৃদ্ধি কৰা হ’ল ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা।
৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা বৃদ্ধি।
১০ জুলাই পৰ্যন্ত কৰ্তন কৰা হয় ৰাজ্যখনৰ ইণ্টাৰনেট সেৱা।
14. মুকালমুৱাত জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযান।
জব্দ কৰে নগদ ধন, জুৱা খেলত ব্যৱহৃত বহু সামগ্ৰী।
আৰক্ষীৰ অভিযানৰ পূৰ্বে ঘাটিৰ পৰা কেইবাটাও জুৱাৰীৰ পলায়ন কৰে।
15. বোকাজানৰ লাহৰীজানৰ ছাহিদ হুছেইন নামৰ ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী।
ছাহিদৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১ কেজি ১০০ গ্ৰাম হেৰ’ইন।
ছাহিদ হুছেইনৰ লগত আছাদুল ৰহমান নামৰ এজনকো আটক।
16. দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত শোকাৱহ ঘটনা।
বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু হয় ২৪জনকৈ লোকৰ।
মৃতসকলৰ ভিতৰত আছে ৩টাকৈ শিশু।
বোকছবাৰ্গ উপ-নগৰৰ এটা বসতি অঞ্চলত সংঘটিত হয় এই ঘটনা।
17. মেক্সিকোত শোকাৱহ বাছ দুৰ্ঘটনা।
বাছ বাগৰি শিশুসহ ২৯ গৰাকীৰ মৃত্যু হয়।
নিয়ন্ত্ৰণ হেৰুৱাই ৮০ ফুট দ খাৱৈত বাগৰিল বাছখন।
নিহতসকলৰ ভিতৰত আছে এবছৰীয়া শিশুসহ ১৩ পুৰুষ আৰু ১৩ গৰাকী মহিলা।
সংকটজনক অৱস্থাত ২০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি হৈ আছে।
18. নিশা গুৱাহাটীৰ জালুকবাৰীত STFৰ ড্ৰাগছবিৰোধী অভিযান।
শৰাইঘাট এপাৰ্টমেণ্টত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
বুজন পৰিমাণৰ নিচাযুক্ত টেবলেটো জব্দ কৰে অভিযানকাৰী দলে।
দিলোৱাৰ খান নামৰ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত চলিছিল অভিযান।
19. অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত শ্মশান যাত্ৰা।
প্ৰতিবাদীকাৰীয়ে ছত্ৰং নৈত উটুৱাই দিয়ে যোগান বিভাগৰ প্ৰতীকী শৱদেহ।