৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 7/2023:- 

1. ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু তেলেংগনাত বিজেপিৰ প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৪ ৰাজ্যত প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি প্ৰদান কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।

2. কামাখ্যা মন্দিৰৰ চৌহদত নিষিদ্ধ হ’ব ম’বাইল ফোন, কেমেৰা।
ম’বাইল ফোন, কেমেৰা ব্যৱহাৰত থাকিব বিশেষ নিৰ্দেশনা।
শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী কৰিব মন্দিৰ পৰিচালনা সমিতিয়ে।
বহিঃৰাজ্যৰ অন্য তীৰ্থস্থানৰ দৰেই কঠোৰ হ’ব কামাখ্যা পৰিচালনা সমিতি।

3. ১০ জুলাইৰ পৰা পুনৰ মুকলি হ’ব ছেবাৰ পঞ্জীয়ন প’ৰ্টেল।
এই সন্দৰ্ভত ছেবাই প্ৰকাশ কৰে এক জাননী।
১০ জুলাইৰ পৰা ১৪ জুলাইলৈ যাৱতীয় কাম সম্পন্ন কৰিব পাৰিব শিক্ষানুষ্ঠানসমূহে।

4. ডিব্ৰুগড়ত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা।
মন্ত্ৰীগৰাকীয়ে পুনৰ পৰিদৰ্শন কৰিলে খহনীয়া।
বিভাগীয় বিষয়া, কৰ্মচাৰীৰ সৈতে মিলিত হয় আলোচনাত।
‘ইলেকশ্যন ট্যুৰিজিমতহে ব্যস্ত বিৰোধী’।
দিল্লীত বাহৰ পতা বিৰোধী ঐক্য মঞ্চক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্য৷

5. ৰাজীৱ ভৱনত অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।
সুৰাৰ অনুজ্ঞাপত্ৰ বৃদ্ধিৰ বিৰোধিতাৰে সভাপতি মীৰা বৰঠাকুৰৰ নেতৃত্বত এই প্ৰতিবাদ।

6. অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ।
নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত বিজয় শংকৰ শইকীয়াৰ।
৩৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে।
মঞ্চ নাটকৰ লগতে বহুকেইখন অসমীয়া ধাৰাবাহিক, বোলছবিত অভিনয় কৰিছিল বিজয় শংকৰ শইকীয়াই।
শেহতীয়াকৈ ‘ডাঃ বেজবৰুৱা ২’ বোলছবিত অভিনয় কৰিছিল।

7. বৰপেটাৰ চেঙাৰ খংৰাত শোকাৱহ পথ দুর্ঘটনা৷
ই-ৰিক্সাৰ খুন্দাত থিতাতে নিহত ৮ বছৰীয়া শিশু৷
ৰাস্তাৰে খোজকাঢ়ি গৈ থকা অৱস্থাত সংঘটিত হয় অঘটন৷

8. জুৰীয়াৰ মুছলেম চৰত শোকাৱহ ঘটনা।
বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ।
গুৰুতৰভাৱে আহত দুজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।

9. বকলীয়াঘাটৰ দাস গাঁৱৰ
খৰস্ৰোতা কেনেলৰ পানীত পৰি এজন যুৱকৰ মৃত্যু৷
গা ধুবলৈ যোৱাৰ সময়তে এই অঘটন৷

10. গোৱালপাৰাৰ আগিয়াত পুৱাই ব্ৰিজা আৰু গেছ কঢ়িয়াই অনা বাহনৰ মাজত সংঘৰ্ষ।
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় চালকসহ আন দুজন।

11. গোৱালপাৰাৰ কৃষ্ণাই বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
মিত্ৰ কমপ্লেক্স নামৰ ইলেক্ট্ৰনিকছৰ দোকানত নিশা লাগিল জুই।
ভস্মীভূত হয় প্ৰতিষ্ঠানখনৰ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।
৩ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে নিৰ্বাপণ কৰে জুই।
শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হয়।

12. তেলেংগানাত ফলকনুমা এক্সপ্ৰেছত জুই৷
জ্বলি ছাৰখাৰ ৰে’লখনৰ তিনিটাকৈ দবা৷
বোম্মাইপল্লী আৰু পাগিদিপল্লীৰ মাজত এই ঘটনা সংঘটিত হৈছে।

13. মহানগৰীৰ গান্ধীবস্তিৰ তিনিআলিত ফুটিল পানীৰ পাইপ৷
লগে লগে জলমগ্ন হৈ পৰে চৌপাশৰ অঞ্চল৷
ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়।

14. জোনাই ডেকাপাম শান্তিপুৰ নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া।
নামঘৰৰ মাহ-প্ৰসাদ খাই অসুস্থ প্ৰায় ৭০ৰোধিক লোক।
প্রসাদ খোৱাৰ পিছতে জ্বৰ, মূৰৰ বিষ, পেট বিষ, বমিত আক্রান্ত লোকসকল।
সংকটজনক অৱস্থাত এজনক ধেমাজিলৈ প্রেৰণ কৰা হয়।

15. বৰঝাৰৰ সমীপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দু্ৰ্ঘটনাত পতিত আলট্ৰা বাছ আৰু এল্ট’ বাহন।
আহত হয় ২০জনৰো অধিক যাত্ৰী।

16. হাজোত ড্ৰাগছসহ আটক ২ সৰবৰাহকাৰী।
ৰামদিয়া আৰক্ষীৰ অভিযানত আটক ২ সৰবৰাহকাৰী।
আৰক্ষীয়ে জব্দ কৰে ১৩টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

17. উত্তৰপ্ৰদেশৰ নয়দাত কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ।
১১ৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাখনিত নিৰ্বাচিত অসমৰ ৪গৰাকী খেলুৱৈ হৈছে- পপী হাজৰিকা, সিদ্ধান্ত গগৈ, বেদব্ৰত ভৰালী আৰু কপিল সোনোৱাল।

18. টিউশ্যনলৈ যোৱাৰ পথত অচিনাক্ত বাহনৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী।
মৃত ছাত্ৰীগৰাকী লালুকৰ দশম শ্ৰেণীৰ ছাত্ৰী ভাগ্যশ্ৰী ৰাজখোৱা।
লখিমপুৰৰ সোণাপুৰ ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত সংকটজনক অৱস্থাত পৰি আছিল ছাত্ৰীগৰাকী।
সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে মৃত্যু হয় ভাগ্যশ্ৰী ৰাজখোৱা।

19. ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীৰ জালত কাছাৰৰ ইমৰান হুছেইন লস্কৰ৷
সৰবৰাহত জড়িত আন এক অভিযুক্ত লালমণি লস্কৰ৷
আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২ কেজি হেৰ’ইন৷
এখন ইন’ভা বাহনত লৈ আহিছিল হেৰ’ইনখিন৷

20. মানাহ ৰাষ্ট্ৰীয় উদ্যানটো বন মহোৎসৱৰ সামৰণি অনুষ্ঠান।
সামৰণিৰ দিনটোত উদ্যান কৰ্তৃপক্ষৰ সজাগতামূলক সমদলত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *