৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 9/2023:- 

1. বশিষ্ঠৰ বাজপেয়ী ভৱনত উত্তৰ-পূব বিজেপিৰ নিৰ্বাচনী বৈঠক।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, উত্তৰ-পূব বিজেপিৰ সংযোজক সম্বিত পাত্ৰ, ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্য আৰু বহু বিশিষ্ট ব্যক্তি।

2. তিনিচুকীয়াত DGPৰ এক বিশেষ বৈঠক।
বৈঠকত অংশগ্ৰহণ কৰে উজনিৰ ৫খন জিলাৰ SP সকলে।
আইন শৃংখলাৰ লগতে উগ্ৰপন্থীৰ কাৰ্যকলাপ সন্দৰ্ভত আলোচনা কৰে।
স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকৰ আহ্বান জি পি সিঙৰ।

3. ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলাক্ষেত্ৰত অৰুণাচল ৰঙ্গ মহোৎসৱ।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু বহু বিশিষ্ট ব্যক্তি।

4. ১ নৱেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব খেল মহাৰণ।
গাঁৱৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা ।
দিল্লীৰ ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

5. চৰাইদেউত জাপানীজ এনকেফেলাইটিছত মৃত্যু হয় ৩জন লোক।
জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগত মৃত্যু হয় আন ৩জন।ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান জনাই স্বাস্থ্য বিভাগে।

6. “স্বাধীনতাৰ পাছত আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী।
এটাও ছুটি নোলোৱাকে ২৪ ঘণ্টাৰ ভিতৰত ১৭ ঘণ্টা কাম কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী”- মন্তব্য অমিত শ্বাহৰ।

7. “ৰাৱণে দুজন লোকৰ কথা শুনিছিল – মেঘনাদ আৰু কুম্ভকৰ্ণ।
ঠিক একেদৰে প্ৰধানমন্ত্ৰী মোদীয়েও দুজন লোকৰ কথা শুনে – অমিত শ্বাহ আৰু আদানি।
লংকা হনুমানে জ্বলোৱা নাছিল, ৰাৱণৰ অহংকাৰে জ্বলাইছিল” – ৰাহুল গান্ধী

8. উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোতে গ্ৰেপ্তাৰ হ’ল কৰ পৰিদৰ্শক নীৰেন ভট্টাচাৰ্য।
ৰাজ্যিক কৰ অধীক্ষকৰ দায়িত্বতো আছিল নীৰেন ভট্টাচাৰ্য।
GSTৰ সেৱা পুনৰ সক্ৰিয় কৰাৰ নামত লৈছিল উৎকোচ।

9. ১১ আগষ্টত AJPত বৃহৎ যোগদান কাৰ্যসূচী।
দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত যোগ দিব প্ৰায় ১ হাজাৰ আছু কৰ্মীয়ে।

10. আজি বিশ্ব খিলঞ্জীয়া দিৱস।
নাজিৰা নাট্যমন্দিৰত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত বিশ্ব খিলঞ্জীয়া দিৱস উদ্‌যাপন কৰা হয়।

11. উৎকোচ লৈ হাতে-লোতে গ্ৰেপ্তাৰ হ’ল বৰজান হাইস্কুলৰ উচ্চবৰ্গৰ সহায়ক আবাদত আলী আহমেদে।
পেঞ্চনৰ কামত উৎকোচ লৈছিল আবাদত আলী আহমেদে।

12. দৰঙৰ খাৰুপেটীয়াৰ মণ্ডলপাৰাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ।
নাম মিটাৰ ৰিডাৰ আবু মুচা আলী।

13. যোৰহাটৰ মালৌ আলিৰ ডিমৰুগুৰীয়াত অঘটন।
নিশা ভোগদৈ নদীত সন্ধানহীন হ’ল এগৰাকী মহিলা।
নাম অংকিতা বৰদলৈ।

14. কাছাৰৰ তাপাঙত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ বুলড’জাৰ।
প্ৰায় ২৮ বিঘা ভূমি বেদখলমুক্ত কৰে প্ৰশাসনে।

15. মহানগৰীৰ উলুবাৰীত এটি ৪ বছৰীয়া কণমানিক ধৰ্ষণ।
বৰ্তমান GMCHত ভৰ্তি কৰোৱাই কণমানিটিক।

16. হঠাৎ অসুস্থ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী৷
আলগাপুৰৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে বিধায়কগৰাকীক৷

17. দিল্লীৰ যন্তৰ-মন্তৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয়টো ইউনিট বন্ধ কৰাৰ নীতি আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।

18. অসম–নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা।
অসমৰ চালকক প্ৰহাৰ কৰে নগা দুৰ্বৃত্তই।
মৰিয়নিৰ চালকক প্ৰহাৰ কৰি ধন কাঢ়ি নিয়ে দুৰ্বৃত্তই।

19. মহানগৰীৰ বোন্দা আমছিঙৰ ফৰেষ্ট কেম্পত উদ্ধাৰ কৰে অচিনাক্ত যুৱকৰ মৃতদেহ।
কোনো দুৰ্বৃত্তই যুৱকজনক দাৰে ঘপিয়াই নৃশংসভাবে হত্যা কৰি জংঘলত পেলাই থোৱাৰ সন্দেহ স্থানীয় লোকৰ।

20. ১০ বছৰ কাম কৰা আশাকৰ্মীয়ে পাব ২ লাখ টকা।
অৱসৰৰ সময়ত আশাকৰ্মীসকলে লাভ কৰিব এই টকা।
আশাকৰ্মীৰ ছুপাৰভাইজাৰসকলে অৱসৰৰ সময়ত পাব ৩ লাখ টকা।
দিল্লীৰ ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *