৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam August 8/2023:-
1. ৯ আগষ্টত পুনৰ নতুন দিল্লীত অনুষ্টিত হব ৰাজ্যিক কেবিনেট বৈঠক।
বিয়লি ৫ বজাৰ পৰা অনুষ্টিত হব কেবিনেট বৈঠক।
2. কংগ্ৰেছ হাইকামাণ্ডেৰে নতুন দিল্লীত APCCৰ গুৰুত্বপূৰ্ণ বৈঠক।
বৈঠকত উপস্থিত থাকে AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, সাংসদ ৰাহুল গান্ধী আৰু APCCৰ ৩০জনকৈ নেতা।
3. বিশ্বনাথৰ অপহৃত ছাত্ৰী যোৰহাটৰ ৰাজপথত উদ্ধাৰ।
স্কুললৈ গৈ থকা পথত ৪জন যুৱকে এখন গাড়ীত বলপূৰ্বকভাৱে উঠাই লৈ গৈছিল যুৱতীগৰাকীক।
4. শিৱসাগৰত আটাছুৰ স্বতন্ত্ৰ কমিটীৰ অৰ্ধ-উলংগ প্ৰতিবাদ।
শিৱসাগৰৰ দৌলমুখ চাৰিআলিত জনজাতিকৰণৰ দাবীত প্ৰতিবাদী সাব্যস্ত কৰে।
5. মহানগৰীৰ GS ৰোডত যুৱতী নিৰ্যাতনৰ ঘটনা।
খ্ৰীষ্টানবস্তিত পথৰ মাজত বগৰাই লৈ হেলমেটেৰে প্ৰহাৰ কৰে এজন যুৱকে।
শেষত পথৰ পৰা উঠাই মৰিয়াই মৰিয়াই লৈ যায় যুৱতীগৰাকীক।
6. হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা বজাৰত প্ৰশাসনন বুলড’জাৰ।
৯খনকৈ দোকান উচ্ছেদ কৰে জিলা প্ৰশাসনে।
7. মণিপুৰত শীঘ্ৰেই কৰ্মত পুনৰ নিয়োজিত হ’ব CRPF আৰু মণিপুৰ আৰক্ষী।
অসম ৰাইফলচৰ পৰিৱৰ্তে নিয়োগ কৰিব CRPF জোৱান।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল কৈলুনে সোমবাৰে জাৰি কৰে অধিসূচনা।
বিষ্ণুপুৰৰ বিভিন্ন স্থানত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ আহ্বান।
8. ৰাহুল গান্ধীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ব অভিনেত্ৰী চাৰ্লিন চোপ্ৰা।
এক বিশেষ চৰ্ত সাপেক্ষে ৰাহুল গান্ধীলৈ বিৱাহৰ প্ৰস্তাৱ আগবঢ়াই অভিনেত্ৰীগৰাকীয়ে।
অৱশ্যে বিৱাহ সম্পন্ন হ’লেও অভিনেত্ৰীগৰাকীয়ে সলনি নকৰে নিজৰ উপাধি।
9. ‘সা-সামগ্ৰীৰ দাম বৃদ্ধিক লৈ মই উদ্বিগ্ন, উদ্বিগ্ন প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীও।
দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত সা-সামগ্ৰীৰ দাম কম।
ৰাইজৰ কিছু অসুবিধা হৈছে, কিন্তু শীঘ্ৰে সকাহ পাব।’
সকলোকে কম পৰিমাণে হ’লেও খেতি কৰাৰ আহ্বান জনাই যোগান মন্ত্ৰী ৰঞ্জিৎ দাসে।
10. ঢেকিয়াজুলিৰ আলিছিঙাৰ দেইছ চাৰ্ভিছ ষ্টেচন পেট্ৰ’ল পাম্পত অগ্নিকাণ্ড৷
পেট্ৰ’ল কঢ়িয়াই নিয়া টেংকাৰত হঠাতেই লাগে জুই৷
কথমপি ৰক্ষা পৰে তেল ডিপোৰ কৰ্মচাৰীৰ লগতে টেংকাৰৰ চালকৰ৷
11. মৰাণৰ ৰমাই লাচন মিচিং গাঁৱত ডেংগুত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু৷
মৃত মহিলাগৰাকী মিচিং গাঁৱৰ সবিদৈ পাংগিং টাই৷
12. দাম বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ৷
কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাক আটক কৰে আৰক্ষীয়ে।
*দাম বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাটত আছুৰ ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী।
চৰকাৰৰ শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আছু নেতৃবিন্দৰ।
13. দক্ষিণ কামৰূপৰ গৰৈমাৰীত নাওখেল প্ৰতিযোগিতা৷
গৰৈমাৰী ভাই-ভাই ই-ৰিক্সা এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
উপস্থিত থাকে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু গণ্য মান্য ব্যক্তি।
14. অসম ৰাইফলছৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীৰ গোচৰ ৰুজু।
বিষ্ণুপুৰত সংঘটিত হত্যাকাণ্ডৰ অভিযুক্তক আটক কৰাত আৰক্ষীক বাধা প্ৰদান কৰিছিল অসম ৰাইফলছৰ জোৱানে।
শনিবাৰে ৩ লোকক হত্যা কৰিছিল কুকি দুৰ্বৃত্তই।
15. বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সফলতা।
বোকাজানৰ খটখতিত ৩ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে ২ সৰবৰাহকাৰী ।
৪৫টা চাবোনৰ বাকচৰ পৰা জব্দ কৰে ৫৬৬ গ্ৰাম হেৰ’ইন।
সেনাপতি জিলাৰ চিভি’ক জন থ্রো আৰু ৰাপু এলিয়া নামৰ দুটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
16. পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ৷
বিস্ফোৰণত ৭ জন লোক নিহত হয়।
বেলুচিস্তানৰ কেজ’ জিলাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা৷
17. মেৰাপানী সীমান্তৰ তৰাণি ইন্দ্ৰপুৰত উত্তেজনা।
চুবুৰীয়া নগাই অপহৰণ কৰে অসমীয়া যুৱকক।
অপহৃত যুৱকজন তৰাণি ইন্দ্ৰপুৰৰ বাবু গগৈ।
ঘটনা সন্দৰ্ভত CRPFক অৱগত কৰে স্থানীয় ৰাইজে।
18. গুৱাহাটীৰ শিলপুখুৰীত ভয়ংকৰ ঘটনা সংঘটিত হয়।
পানী যোগান আঁচনিৰ নিৰ্মীয়মান নলাত সোমায় বাহন ।
দীৰ্ঘ সময় ধৰি নলাত আৱদ্ধ হৈ থাকে ৱাগনাৰ বাহন।
ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।
19. ৰহাৰ চাপৰমুখত চুৰিকাণ্ড।
ৰখাই থোৱা স্কুটীৰ পৰা চোৰে নিলে ৪ লক্ষাধিক টকা।
চাপৰমুখ আৰক্ষী চকীৰ সমুখতে সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা।
20. ট্যুৰ অপাৰেটৰ এছ’চিয়েচন অব আছামৰ প্ৰতিষ্ঠা দিৱস।
শিশু সাৰথিৰ শিশুসকলৰে উদযাপন কৰে ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস।
উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি।
Post navigation
Go Top