মিচিং স্বায়ত্বশসিত পৰিষদৰ সমষ্টি সংহতি গোটৰ বৈঠক । - R News India 24
Skip to content
Mising Autonomous Council
৪ নং শান্তিপুৰ গাঁৱত সমষ্টি সংহতি গোটৰ গুৰুত্বপূৰ্ণ বৈঠক।

৩৪ নং দিচাং-দিখৌ, ৩৫ নং দিহিং-চেঁচা আৰু ৩৬ নং শদিয়া সমষ্টিক সামৰি লৈ আজি ২২ আগষ্ট তাৰিখে সমষ্টি সংহতি গোট (CIU)ৰ এখনি বৈঠক অনুষ্ঠিত হয় ।
৪ নং শান্তিপুৰ গাঁৱত অনুষ্ঠিত বৈঠকত সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সন্মিলিত গণশক্তি অসমৰ সাধাৰণ সম্পাদক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি, পৰিষদীয় সাধাৰণ সদস্য মুলচন পেগু, সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় শক্তি আৰু খণ্ড শক্তিৰ বিষয়ববীয়া, TMPK, MMK, TMMK, MBK ৰ নেতৃবৃন্দৰ লগতে শদিয়া মহিলা সমিতিৰ সদস্য-সদস্যা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
বৈঠকত AOP-2022-’23 ৰ ৰূপায়ণৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ উপৰিও, ২০২৩ চনৰ ভিতৰতে ‘শদিয়া ভৱন’ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে MAC ৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই পৰিষদৰ দ্বাৰা ৰূপায়ণ হোৱা আঁচনিসমূহৰ বিষয়ে শদিয়া মহিলা সমিতিৰ সদস্য-সদস্যাসকলৰ লগতে স্থানীয় ৰাইজক বিষদ বিৱৰণ দাঙি ধৰে।