৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 8/2023:- 

1. দেশৰ ৰাজধানী নতুন দিল্লীত কাইলৈৰ পৰা G-20 সন্মিলন।
সন্মিলনৰ বাবে দিল্লীত উপস্থিত হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো ফাৰ্ণাণ্ডেজ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মিলিত হ’ব দ্বিপাক্ষিক বৈঠকত।

Rishi Sunak

2. আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰে তেওঁ জন্ম জয়ন্তী।
কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ সমাধিস্থলীত আয়োজন কৰা জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই।

3. অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা পশ্চিম যোৰহাট ঢাপকটা বৰসত্ৰৰ নিবাসী ড° তৰুণ শৰ্মাৰ দেহাৱসান৷
পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তৰুণ শৰ্মাই৷

4. ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ।
তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ।

5. জনতা ভৱনত দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠান।
উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

6. নাগালেণ্ডৰ গীটাৰ বাদক ইমলাইনলা জামিৰলৈ TaFMA এক্সিলেন্স এৱাৰ্ড। বঁটাৰ বাবে টাস্ক ফৰ্চলৈ কৃতজ্ঞতা জ্ঞাপন ইমলাইনলা জামিৰৰ।

7. ভাৰতীয় বেডমিণ্টন স্কোৱাডত অসমৰ বিজয় কুমাৰ বৰ্মন।
১১ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ কোৰিয়াত অনুষ্ঠিত হ’ব বিশ্ব চিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বীপ।

8. বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ড৷
ৰাধা-কৃষ্ণৰ ২টা সোণৰ মূৰ্তি, ৪ ডাল সোণৰ অংলকাৰ, সোণ-ৰূপৰ ফুল, নগদ ১০,৪০০ টকা, সত্ৰৰ ৪খন মূল্যবান সাঁচিপতীয়া পুথিও চুৰি কৰি নিয়ে চোৰে৷
গৰুড় পক্ষীৰ মূৰ্তি, গুৰু আসন, পবিত্ৰ সেৱাৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে চুৰে।

9. কৰ সংগ্ৰহৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নতুন ব্যৱস্থা।
চিটী চেন্টাৰত মহানগৰবাসীয়ে পৰিশোধ কৰিব পাৰিব কৰ৷
চিটী চেন্টাৰত কৰ পৰিশোধ কৰা মেচিন মুকলি কৰে মেয়ৰ মৃগেন শৰণীয়াই ৷

10. তিনিচুকীয়াৰ ডুমডুমাত ক্ষুদ্ৰ চাহ খেতিয়কৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰ কাৰ্যসূচী ।
অৰুণাচলৰ চাহ অসমত প্ৰৱেশ নিষিদ্ধৰ দাবী চাহ খেতিয়ক সকলৰ।

11. ৰূপহীহাটৰ আমবাগান ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
চিকিৎসালয়খনৰ চিকিৎসকৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।
সময়মতে চিকিৎসালখনত চিকিৎসক উপস্থিত নোহোৱাৰ অভিযোগ।
চিকিৎসালয়ৰ প্রৱেশদ্বাৰত তলা ওলোমাই উত্তেজিত ৰাইজে।

12. পশ্চিম আফ্ৰিকাৰ মালীত ISISৰ ভয়ংকৰ আক্ৰমণ৷
আক্ৰমণত ৪৯জন নাগৰিকৰ লগতে ১৫জন সেনা জোৱানৰ মৃত্যু হয়।

13. ধুবুৰী সদৰ থানাৰ হেড কনিষ্টবল শিভেশ সেনগুপ্তাক নিলম্বন।
পিয়াঁজ চুৰি কৰি CCTVত ধৰা পৰিছিল শিভেশ সেনগুপ্তা।
আছাম অনিয়ন ট্ৰেডাৰ্ছে থানাত দাখিল কৰিছিল এজাহাৰ।
এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয়।
আইন অনুসৰিয়ে শাস্তি বিহা হ’ব বুলি মন্তব্য কৰে ধুবুৰী SP এ।

14. মাজুলীত পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী৷
লুইতৰ বালিচৰত আবদ্ধ হয় এম ভি লুইত নামৰ ফেৰীখন৷
ফেৰীখনত আছে ৬৪ জন যাত্ৰী, ২৭ খন বাইক৷

15. মানাহ ৰাষ্ট্ৰীয় উদ্যানত খৰ্গসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ৷
বন বিভাগৰ বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰে ৫ চোৰাং চিকাৰী৷
উদ্ধাৰ কৰে গঁড়ৰ খৰ্গৰ লগতে জন্তুৰ দাঁত, হাড়, ছাল৷

16. হোজাইত ABVPৰ উত্তাল প্রতিবাদ।
প্রতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্রতিবাদ।

17. চাবুৱাৰ টিচিপিৰ ৰাষ্ট্রীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
চিনাক্ত হোৱা নাই মৃতদেহটো পৰিচয়।

18. ডিমৌৰ বামৰজাবাৰীত প্ৰয়াত মিলিৰাম হাজৰিকা সোঁৱৰণীত পদপথৰ পুথিভঁৰাল উন্মোচন।পুথিভঁৰালটি উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

19. বাক্সাত পুনৰ ছাত্ৰ নিৰ্যাতনৰ ঘটনা।
সোধা-পোছা নকৰাকৈ ছাত্ৰক শিক্ষকৰ গুৰুলাগুৰুলকৈ প্ৰহাৰ।
আহত হোৱা ছাত্ৰগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে।

20. আৰক্ষী অধীক্ষক, অতিৰিক্ত অধীক্ষকৰ নেতৃত্বতে বজালীত সংঘটিত হয় ধনদাবী কাণ্ড।
এই দুজনেই বজালী কাণ্ডৰ মূল অভিযুক্ত।
সংবাদমেলত এই ঘোষণা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ।

 

Sangita Dutta

বাতৰি সম্পাদীকা সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *