ভাৰত

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 9/2023:- 

1. আজিৰে পৰা দিল্লীত আৰম্ভ হ’ল G20 সন্মিলন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখৰ নেম প্লেটত INDIAৰ পৰিৱৰ্তে ‘ভাৰত’ নাম।
বিশ্বনেতাই দেশক ‘ভাৰত’ বুলিহে চিনি পালে G20ত।


G20 সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপ্ৰধান আৰু জনপ্ৰতিনিধিসকলক আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

2. চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰিব UNESCOই।
চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী যোগেন মহন আৰু মন্ত্ৰী নন্দিতা গাৰ্লোচাই।

3. ১৭ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে হ’ব বিশ্বনাথ জিলা।
একে দিনাই তামুলপুৰ আৰু হোজায়েও পাব জিলাৰ মৰ্যাদা।
কেবিনেট বৈঠকত এই সিদ্ধান্ত।
সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

4. অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ৷
স্কিল ডেভলপমেণ্টৰ ৩৫০ কোটিটকীয়া কেলেংকাৰি সন্দৰ্ভত গ্ৰেপ্তাৰ হয় মুখ্যমন্ত্ৰী গৰাকী।

5. বিদ্যুতৰ চাহিদা সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে বিশেষ আলোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷
৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই সন্দৰ্ভত বিচাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীয়ে৷

6. নিউ বঙাইগাঁওত নকল সোণ সৰবৰাহ কৰি গ্ৰেপ্তাৰ হয় চন্দন পাছোৱান নামৰ এজন আৰক্ষীৰ কনিষ্টবলক৷

7. আফ্ৰিকাৰ মৰক্কোত ভয়ংকৰ ভূমিকম্প৷
৬০০ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা৷
দেশখনৰ মৰাকেশৰ দক্ষিণ-পশ্চিম অঞ্চলত এই ভূমিকম্প৷
ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা আছিল ৬.৮ ৷

8. উৎকোচ লৈ CBIৰ জালত পৰিল তেজপুৰৰ ভাৰতীয় খাদ্য নিগমৰ বিষয়া৷
১ লাখ ৩০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় গাণনিক বিষয়া আব্দুল লতিফ৷

9. আজিৰে পৰা গুৱাহাটীত বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক৷
৯-১০ ছেপ্টেম্বৰত গুৱাহাটীত এই কাৰ্যনিৰ্বাহক সভা।
কাৰ্যনিৰ্বাহকত অংশ লয় ৩৫খন ৰাজ্যৰ কাৰ্যকৰ্তাই৷

10. গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত অসমৰ।
৩ লাখ ২০ হাজাৰ গছপুলি ৰাখি অভিলেখ।
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিশ্ব ৰেকৰ্ডছ অনুষ্ঠানত উপস্থিত থাকে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অজন্তা নেওগ, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা আৰু বহু গণ্যমান্য ব্যক্তি।

11. ১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে৷
ঋণ ল’বৰ বাবে ৰিজাৰ্ভ বেংকত ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ দাখিল৷
৫ ছেপ্টেম্বৰত ১০০০ কোটি ঋণ লৈছিল ৰাজ্য চৰকাৰে।
বৰ্তমান চৰকাৰৰ কাৰ্যকালত
ঋণৰ পৰিমাণ ৪৩.৫০০ কোটি টকা হবগৈ।

12. হাজোৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত বিত্তীয় খেলিমেলিৰ অভিযোগ।
উচ্চ শিক্ষা সঞ্চালকালয়ৰ তদন্তৰ নিৰ্দেশ।
APL ছাত্ৰ-ছাত্ৰীক BPL হিচাপে দেখুৱাই নামভৰ্তি মহাবিদ্যালয় কৰ্তৃপক্ষৰ।
অধ্যক্ষ ড° অসিত কুমাৰ পালৰ বিৰুদ্ধে আছে কেইবাটাও গুৰুতৰ অভিযোগ।
মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰই RTIযোগে পোহৰলৈ আনে এই তথ্য।

13. কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ৷
১ জুলাইৰ পৰা মৰগীয়া বানচ ৩ % বৃদ্ধিৰ সম্ভাৱনা৷
বৃদ্ধিৰ পাছত কৰ্মচাৰীৰ মৰগীয়া বানচ হ’ব ৪৫ শতাংশ৷
বৰ্তমান ৪২ % কৈ মৰগীয়া বানচ লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে৷

14. বাঘবৰৰ মন্দিয়া পাটবজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ১ কোটি টকাৰ সা-সম্পত্তি৷
শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হৈছে এই অগ্নিকাণ্ড৷

15. গোলাঘাটত গৰু-ম’হৰ চোৰাং বেহা আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ আমছু।
চোৰাং বেহাৰ সৈতে জড়িত ব্যক্তিক সকিয়নী সংগঠনটোৰ।
এনে ব্যক্তিৰ তালিকা প্ৰস্তুত কৰি আৰক্ষী, মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলিও সদৰী কৰে সদস্যসকলে।

16. বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ লাডু সিঙক গ্ৰেপ্তাৰ তথা অপসাৰণৰ দাবীৰে প্ৰতিবাদ অব্যাহত।
উপাচাৰ্যগৰাকীৰ কাৰ্যকালত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ।
এবছুৰ নেতৃত্বত ওদালগুৰি মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।

17. অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী চুড়াইবাড়ীত আৰক্ষীৰ তালাচী।
এখন ট্ৰাকৰ পৰা ৪০ লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰে।
ট্ৰাকৰ গোপন চেম্বাৰত অসমলৈ সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি।

18. ড্ৰাগছৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্স আৰু পাণবজাৰ আৰক্ষীৰ যুটীয়া অভিযান।
লাখটকীয়াৰ ২ নং ৰে’ল গেটত ৩ মহিলা সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ৯.২১ গ্ৰাম সন্দেহজনক হেৰ’ইন।

19. হাৰিয়ানাৰ দিল্লী ৰোডত বিধ্বংসী অগ্নিকাণ্ড।
গাড়ীৰ এটা শ্ব’ৰোমত অগ্নিকাণ্ডৰ সূত্ৰপাত।
জুইত ভস্মীভূত হয় কেইবাখনো বাহন।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

20. ধুবুৰীৰ চম্পা নৈৰ দলঙত অঘটন।
দলং ভাগি বাইকসহ নৈত পৰিল এজন ব্যক্তি।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী।

 

Sangita Dutta

বাতৰি সম্পাদীকা সংগীতা দত্ত ৰ প্ৰতিবেদন Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *