2. আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰে তেওঁ জন্ম জয়ন্তী।
কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ সমাধিস্থলীত আয়োজন কৰা জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই।
3. অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা পশ্চিম যোৰহাট ঢাপকটা বৰসত্ৰৰ নিবাসী ড° তৰুণ শৰ্মাৰ দেহাৱসান৷
পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তৰুণ শৰ্মাই৷
4. ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ।
তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ।
5. জনতা ভৱনত দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠান।
উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
20. আৰক্ষী অধীক্ষক, অতিৰিক্ত অধীক্ষকৰ নেতৃত্বতে বজালীত সংঘটিত হয় ধনদাবী কাণ্ড।
এই দুজনেই বজালী কাণ্ডৰ মূল অভিযুক্ত।
সংবাদমেলত এই ঘোষণা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ।