Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 9/2023:- 

১/ নাৰেংগী সেনা ছাউনীত বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে ‘ছহিদ স্মাৰক’।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী বিমল বৰা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু বহু গণ্য মান্য ব্যক্তি।

২/ ৰাজ্য চৰকাৰৰ এটা প্ৰতিনিধি দলে ছিকিমৰ পৰা উদ্ধাৰ কৰে অসমৰ ছাত্ৰ-ছাত্ৰীসকলক।
ৰেডিশ্যন ব্লুত শিক্ষাৰ্থীসকলৰ লগত মত-বিনিময় কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

৩/ ঘোষণা হ’ল ৫ ৰাজ্যৰ নিৰ্বাচন।
৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰাম বিধানসভা নিৰ্বাচন।
ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত হ’ব নিৰ্বাচন।
২৩ নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ’ব নিৰ্বাচন।
১৭ নৱেম্বৰত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন।
৩০ নৱেম্বৰত তেলেংগানাত অনুষ্ঠিত হ’ব নিৰ্বাচন।
৩ ডিচেম্বৰত ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল।
সংবাদমেলযোগে ঘোষণা কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে।

৪/ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ পালে।
১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
৪ মাৰ্চত অন্ত পৰিব পৰীক্ষা।

৫/ অভিনেতা শ্বাহৰুখ খানলৈ Y+ নিৰাপত্তা।
‘জৱান’ আৰু ‘পাঠান’ৰ সফলতাৰ পাছতে অভিনেতাগৰাকীলৈ আহিছিল মৃত্যুৰ ভাবুকি।

৬/ ক্লডিয়া গোল্ডিনলৈ ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল।
কৰ্মক্ষেত্ৰত মহিলাৰ শ্ৰম সন্দৰ্ভত গৱেষণাৰ বাবে আগবঢ়োৱা হৈছে এই বিশেষ বঁটা।

৭/ ভেটাপাৰাত বি এছ ডায়গ’নেষ্টিক চেণ্টাৰ এণ্ড ক্লিনিক মুকলি।
ক্লিনিকটো মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

৮/ দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক।
উপস্থিত থাকে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী।
বৈঠকত প্ৰস্তুত হয় বিধানসভা, লোকসভা নিৰ্বাচনৰ ৰণনীতি।

৯/ আফগানিস্তানৰ বিৰুদ্ধে নেখেলে টীম ইণ্ডিয়াৰ অপেনাৰ শুভমন গীলে।
BCCIৰ এক সূত্ৰই সদৰী কৰে এই কথা।
চিকিৎসকৰ তত্ত্বাৱধানত আছে ক্ৰিকেটাৰগৰাকী।

১০/ ৰঙিয়াত ‘অমৃত কলহ’ যাত্ৰাত অংশগ্ৰহণ কৰে বিধায়ক ভৱেশ কলিতাৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে।

১১/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত হয় বনকৰ্মী।
আহত ব্যক্তি গৰাকীৰ নাম নাৰায়ণ দাস।
ভৈচামাৰী এলেকাত কৰ্তব্যৰত অৱস্থাতে সংঘটিত হয় এই ঘটনা।

১২/ গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ।
শান্তিপুৰৰ ইন্দিৰা গান্ধী পথৰ নলাত উদ্ধাৰ কৰে বৃদ্ধৰ মৃতদেহ।
স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

১৩/ গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড।
হঠাৎ জ্বলি উঠে দুখনকৈ মালভৰ্তি বাহন।
ঘটনাস্থলী অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।

১৪/ যোৰাবাট লিংক ৰোডত গৰুভৰ্তি ট্ৰাক জব্দ।
উদ্ধাৰ কৰে ৪৭টাকৈ চোৰাং গৰু।
আৰক্ষীয়ে আটক কৰে ৩ সৰবৰাহকাৰীক।

১৫/ ‘আমাৰ চৰকাৰ আমাৰ মাটি, আমাৰ কিয় লটিঘটি’ শীৰ্ষক গীতেৰে যোৰহাটৰ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মী সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদী।

১৬/ মহানগৰীৰ ছাত্ৰীবাৰীৰ পৰা সন্ধানহীন GMCৰ প্ৰাক্তন পাৰিষদ কল্যাণ কুমাৰ দাস৷
ব্যক্তিগৰাকীৰ সন্ধান পালে 8720901066 নম্বৰত যোগাযোগৰ অনুৰোধ পৰিয়ালৰ৷

১৭/ গোলাঘাটৰ এৰেঙাপাৰাত বাৰ্মিজ চুপাৰি ভৰ্তি বাহন জব্দ।
মেৰাপানীৰ পৰা নুমলীগড় অভিমুখী আছিল বাহনখন।
চুপাৰিসহ ২ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

১৮/ চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত প্ৰতিবাদ।
ICT ইনষ্ট্ৰাক্টৰৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।

১৯/ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা৷
সভাপতি পদত জয়লাভ আছুৰ ৰোহিত ৰহমানৰ, সাধাৰণ সম্পাদক পদত আছুৰ হিমাংশু শংকৰ গগৈৰ জয়লাভ৷
উপ-সভাপতি পদত আছুৰ হিমাশ্ৰী কলিতাৰ জয়লাভ, সহকাৰী সাধাৰণ সম্পাদক আছুৰ আশিস গগৈৰ জয়লাভ৷

২০/ তামিলনাডুৰ এটা আতচবাজীৰ কাৰখানাত বিস্ফোৰণ৷
বিস্ফোৰণত ৭জন লোক থিতাতে নিহত হয় তামিলনাডুৰ আৰিয়ালুৰৰ ৱিৰাগালুৰত সংঘটিত হয় এই বিস্ফোৰণ৷

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *