Mising Autonomous Council
Rnewsindia24.com Assam Oct 11/2023:-
1. আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয়-2.0।
কোকৰাঝাৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘাল, বি টি আৰৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক জীৰন বসুমতাৰী, Lawrence Islary, বি.টি.আৰ. কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, অৰূপ কুমাৰ দে, বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
2. গোলাঘাটত অৰুণোদয় ২.০ নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীৰ মাজত কাৰ্ড বিতৰণ কৰে মন্ত্ৰী অজন্তা নেওগে।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক বিশ্বজিৎ ফুকন, জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু, পৌৰপতি দুলুমণি বৰবৰা, জিলাপ্ৰশাসনৰ বিষয়-ববীয়া আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
3. শিৱসাগৰত অৰুণোদয় 2.0 অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰী বিমল বৰাই।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোহাঁই, জিলা আয়ুক্ত বিক্ৰম আদিত্য যাদৱ, জিলা উন্নয়ন আয়ুক্ত বিতুপন নেওগ,জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী দলে, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎ আৰু বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
4. নলবাৰীত অৰুণোদয় 2.0 নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰী কাৰ্ড বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত হয় এই অনুষ্ঠান।
5. মঙলদৈত উপস্থিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
পলিটেকনিক নিৰ্মাণৰ বাবে পূৰ্বনিৰ্ধাৰিত স্থান পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
6. অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে DGP জি পি সিঙে।
7. ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
উক্ত কাৰ্যসূচীত ৰাজ্যৰ বহুকেইগৰাকী ৰাজনৈতিক নেতাই কংগ্ৰেছত যোগদান কৰে।
উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ, APCCৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুচেইন আৰু বহু গণ্যমান্য ব্যক্তি।
8. ACS মৃদুল কুমাৰ দাসক বজালী জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰী (ক) বিভাগে জাৰি কৰে এই নিৰ্দেশনা।
9. গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত EAST-TECH 2023ৰ সফল সামৰণি ।
উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় ভাৰতীয় সেনাৰ অস্ত্ৰ।
সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বহু গণ্যমান্য ব্যক্তিয়ে।
10. চিৰাং জিলাৰ গেৰুকাবাৰী হৈ পানবাৰী-বিজ্নী পথৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘাল,
বি.টি.আৰ. প্ৰধান প্ৰমোদ বড়ো, বিধায়ক অজয় কুমাৰ ৰায় আৰু বহু গণ্য মান্য ব্যক্তি।
11. যোৰহাটৰ লিচুবাৰীত গুলীচালনাৰ ঘটনা।
এখন চাহ বাগিচাত সংঘটিত হয় এই ঘটনা।
দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত এজন যুৱক।
আহত যুৱকজন যোৰহাট গড়মূৰৰ বসন্ত দাস।
12. গোলকগঞ্জৰ হালাকুৰিত ব্ৰয়লাৰভৰ্তি বাহন জব্দ কৰা হয়।
পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখী আছিল বাহন খন।
আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ নম্বৰ হৈছে AS17B8837
13. তামুলপুৰৰ ভাংবাৰীত পথ দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন যুৱক।
নিহত যুৱকজন কুমাৰীকাটাৰ বাঁহবাৰীৰ বিতু ডেকা।
14. আফগানিস্তানত প্ৰবল ভূমিকম্প।
ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.৩।
ভূমিকম্পত বিস্তৰ ক্ষয়ক্ষতি হয়।
উল্লেখ্য, ৭ অক্টোবৰৰ ভূমিকম্পত আফগানিস্তানত মৃত্যু সংখ্যা ৩ হাজাৰৰো অধিক হয়।
15. নলবাৰীত অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠানত অঘটন।
হঠাৎ জ্বলি উঠে অনুষ্ঠানৰ পেণ্ডেল।
শ্বৰ্ট চাৰ্কিটৰ ফলতে পেণ্ডেলৰ চিলিঙত জুই লাগে।
তৎপৰতাৰে জুই নিৰ্বাপণ কৰে জিলা প্ৰশাসনে।
16. জুৰীয়াৰ কাৱৈমাৰীত বিদ্যালয়ৰ ছাত্ৰক আক্ৰমণ কৰে দুৰ্বৃত্তই।
দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰ।
পৰীক্ষা দি ঘৰলৈ ওভতাৰ পথতে দুৰ্বৃত্তই আক্ৰমণ কৰে ছাত্ৰজনক।
17. মহানগৰীত জাল নোটসহ এজনক গ্ৰেপ্তাৰ।
ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে লখিমপুৰৰ মফিদুল ইছলাম নামৰ এজনক।
ৰফিকুদ্দিন নামৰ লোকজনৰে মিলি চলাইছিল জাল নোটৰ কাৰবাৰ।
মফিদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত মিৰ্জাত আৰক্ষীয়ে
অভিযানত চলাই জব্দ কৰে ৪৩৩খন ৫০০টকীয়া জাল নোট আৰু প্ৰিণ্টিং মেচিন।
18. মহানগৰীৰ বশিষ্ঠত সন্দেহজনক হেৰ’ইনসহ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
ধৃত সৰবৰাহকাৰীটো অনন্যাস বসুমতাৰী।
৩১টা কণ্টেইনাৰত ৫৮.৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে।
লগতে আৰক্ষীয়ে জব্দ কৰে ২টা মোবাইল ফোন আৰু ৩৯৯০ টকা নগদ ধন।
19. বিহাৰত দিল্লী-কামাখ্যা অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত।
ৰঘুনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
20. ৰূপহীহাটৰ পশ্চিম শালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ যায় তিনিটাকৈ বাসগৃহ, পশুধন।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় শালিমা খাতুন নামৰ মহিলাগৰাকীৰ বাসগৃহ।
Sangita Dutta News Editor Rnewsindia24.com