৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 12/2023:- 

১/ উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পাৰ্বতী কুণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
পাৰ্বতী কুণ্ড দৰ্শন কৰি পূজা-অৰ্চনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

২/ বীৰ লাচিত বৰফুকন মৈদামত উপস্থিত হৈ নিৰ্মাণ কাৰ্য চলি থকা লাচিতৰ প্ৰতিমূৰ্তিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই
উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওঁগ, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে- হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুর্মী আৰু ভবেন্দ্ৰ নাথ ভৰালী আৰু বহু গণ্যমান্য ব্যক্তি।

৩/ যোৰহাটৰ অৰুণোদয়-২.০ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
নতুন হিতাধিকাৰীৰ মাজত বিতৰণ কৰে অৰুণোদয় কাৰ্ড।

৪/ উত্তৰ বঙাইগাঁৱৰ পুলিচ ৰিজাৰ্ভ খেলপথাৰত অনুষ্ঠিত হয় অৰুণোদয় ২.০ কাৰ্যসূচী।নতুন হিতাধিকাৰীক “অৰুণোদয় ২.০” কাৰ্ড বিতৰণ কৰে মন্ত্ৰী অশোক সিংঘালে।
অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ফণী ভূষণ চৌধুৰী আৰু বঙাইগাঁওবাসী ৰাইজ।

৫/ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি৷
Z শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হয় বিদেশমন্ত্ৰীগৰাকীক।

৬/ উৎকোচ লৈ পুনৰ হাতে-লোটে গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া শনৎ কুমাৰ মুদৈ৷
ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ আৱাসত উদ্ধাৰ কৰে ১৭ লক্ষাধিক টকা৷
ট্ৰাক চলাচল সংক্ৰান্তিয় ধন লেনদেনক লৈ গ্ৰেপ্তাৰ মুদৈক।

৭/ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে সু-খবৰ।
মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে
৩ লাখ ৬৯ হাজাৰ ৪৫৪ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব বিনামূলীয়া চাইকেল।
৩৫ জিলাত একেলগে বিতৰণ কৰা হ’ব এই চাইকেলসমূহ।

৮/ বিহাৰৰ ৰে’ল দুৰ্ঘটনাত পতিতলৈ আৰ্থিক সাহায্য ঘোষণা।
নিহত পৰিয়াললৈ ১০ লাখ ঘোষণা ৰেল বিভাগৰ।
আনহাতে আহত সকললৈ ২.৫ লাখ আৰু সামান্যভাৱে আহত সকললৈ ৫০ হাজাৰ টকা ঘোষণা কৰে।

৯/ ভাৰতৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত ছিয়াচেনত BSNL, BTSৰ টেলিকম সেৱা আৰম্ভ।
যোগাযোগ সম্প্ৰসাৰিত কৰিবলৈ ভাৰতীয় সেনাক সহযোগ BSNLৰ।
ছিয়াচেনৰ ফৰৱাৰ্ড প’ষ্টত স্থাপন কৰা হয় বেছ টেন্সছিভাৰ ষ্টেচন।
১৫০০ ফুটতকৈ অধিক উচ্চতাত নিয়োজিত সেনাই মোবাইলৰে কৰিব পাৰিব যোগাযোগ ।
BSNL, BTSৰ সহযোগত শক্তিশালী হ’ব সেনাৰ যোগাযোগ ব্যৱস্থা।

৯/ বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰ মাতৃ-কন্যা মৃত্যু হয়।
মাতৃ-কন্যা হৈছে ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰী।
মাতৃ-কন্যাৰ ঘৰ তিনিচুকীয়াত।
ইতিমধ্যে পৰিয়ালক চমজাই দিয়ে মৃতদেহ।

১০/ সোণাৰিত শোকাৱহ পথ দুৰ্ঘটনা।
ৰৈ থকা এখন টাটা ডি আই বাহনত খুন্দা মাৰে বাইক আৰোহীয়ে।
থিতাতে নিহত হয় উদীয়মান ক্ৰিকেটাৰ বিশাল শইকীয়াৰ।

১২/ তিনিচুকীয়া চহৰত বিধ্বংসী অগ্নিকাণ্ড।
চহৰখনৰ হিজুগুৰিৰ এটা আৱাসিক এলেকাত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত কেইবাটাও LPG গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ হয়।
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত কেইবাটাও বাসগৃহ।
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।

১৩/ ইজৰাইল-পেলেষ্টাইনৰ সংঘৰ্ষৰ ভয়ংকৰ ৰূপ।
সংঘৰ্ষত নিহত হয় ৩জন চীনা নাগৰিক।
সন্ধানহীন দুজন, আহত হয় কেইবাজনো।
চীনৰ বৈদেশিক মন্ত্ৰালয়ে সদৰী কৰে এই তথ্য।
বৰ্তমানলৈ এই সংঘৰ্ষত নিহতৰ সংখ্যা ৩,৫০০ৰো অধিক।

১৪/ ডিমৌৰ সমীপৰ চেপন কলেজৰ সন্মুখত পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত বাগৰিল ট্রেভেলাৰ।
দুৰ্ঘটনাত আহত হয় ১০গৰাকী যাত্রী।
ডিব্রুগড়ৰ পৰা যোৰহাট অভিমুখী আছিল ট্রেভেলাৰখন।

১৫/ শিৱসাগৰৰ গৌৰৱ নগৰত চাঞ্চল্যকৰ গটনা।
এটা ভাড়াঘৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।
বাথৰুমত পৰি থকাৰ পৰা উদ্ধাৰ কৰা হৈছে।
যুৱকজনক অজয় কুৰ্মী বুলি চিনাক্ত।

১৬/ ‘আমি চুৰ নহয় আমাক ভয় খোৱাই লাভ নাই।
ওকনিৰ ভয়ত আমি চুলি খুৰোৱা মানুহ নহয়।
ভাল কাম কৰা কেইজনক কংগ্ৰেছে টিকট নিদিয়ে,তেল মৰা কেইজনক দিয়ে।
কংগ্ৰেছৰ জয়ৰ সম্ভবনা নাই’- মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

১৭/ ডিগবৈ বগাপানী চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ।
২০% বোনাছ একেলগে দিয়াৰ দাবীৰে চাহ শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদ।
অসম চাহ মজদুৰ সংঘৰ নেতা পৱনসিং ঘাটোৱাৰৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিকৰ।
ঘাটোৱাৰে বোনাচ প্ৰদানৰ চুক্তি শ্ৰমিকৰ অজ্ঞাতে কৰাৰ অভিযোগ।

১৮/ হাৰিয়ানাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ।
যুৱক জন বিশ্বনাথ জিলাৰ নাগশংকৰৰ কেন্দুগুৰিৰ যুৱক কাৰ্তিক বৰা।
গুৰুগামত এটা অট্টালিকাৰ নৱম মহলাৰ পৰা পৰি মৃত্যু হয়।

১৯/ বৰপথাৰ আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী৷
আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪ কোটি টকাৰ ড্ৰাগছ৷
ডিমাপুৰ-গোলাঘাট অভিমুখী এখন i20 বাহনৰ পৰা জব্দ ড্ৰাগছখিনি৷
৬০টা চাবোনৰ বাকচত উদ্ধাৰ কৰে ৭২০.০৫ গ্ৰাম হেৰ’ইন৷
ইম্ফলৰ ছাজিত খান আৰু ইকবাল আহমেদ নামৰ দুই সৰবৰাহকাৰীক আটক কৰে।

২০/ গুৱাহাটীৰ খানাপাৰাত গুলীচালনাৰ ঘটনা৷
গুলীবিদ্ধ লোকজনৰ নাম অঞ্জন নাথ।
ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তই।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *