৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Oct 21/2023:-
1. অসূয়া-অপ্ৰীতি নাশৰ কামনাৰে মহিষমৰ্দিনীক আৰাধনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
হাইলাকান্দিৰ পূজা মণ্ডপত উপস্থিত থাকে মুখ্যমন্ত্ৰী গৰাকী।
2. চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত স্মৃতি দিৱস।
কাহিলিপাৰাৰ আৰক্ষী বেটেলিয়নত অনুষ্ঠিত হয় স্মৃতি দিৱস।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, DGP জি পি সিং, আৰক্ষী বিষয়া সকল আৰু বহু গণ্যমান্য ব্যক্তি।
3. নগাঁৱৰ ঐতিহ্যমণ্ডিত সোনাইপাৰ গৌৰীনাথ শিৱ মন্দিৰৰ পূজাথলীত উপস্থিত থাকি মা দুৰ্গাৰ আশীষ লয় মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাসে।
4. জ্যোতিকুছিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
মা দুৰ্গাৰ আশিস লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
5. কলিয়াবৰৰ পূজা মণ্ডপে মণ্ডপে মা দুৰ্গাৰ আশীষ লয় মন্ত্ৰী কেশৱ মহন্তই।
6. ISROৰ গগনযানৰ পৰীক্ষণমূলক উৎক্ষেপণ সম্পন্ন।
শ্ৰীহৰিকোটাৰ পৰা পৰীক্ষণমূলক উৎক্ষেপণ গগনযানৰ।
কাৰিকৰীগত কাৰণত পিছুৱাই দিয়া হৈছিল পৰীক্ষণ।
7. কোকৰাঝাৰৰ ছেৰফাংগুৰিত BFPৰ যোগদান কাৰ্যসূচী।
UPPL ত্যাগ কৰি BFPত যোগদান কৰে শতাধিক লোকৰ।
উপস্থিত থাকে BFP প্ৰধান হাগ্ৰামা মহিলাৰী।
8. সদৌ অসম মটক যুৱ ছাত্র সন্মিলন জেৰাই আঞ্চলিক সমিতিৰ উদ্যোগত,জেৰাই দিঘলীবাৰী আঞ্চলিক যুৱ পৰিষদ আৰু সমুহ জেৰাইবাসী ৰাইজৰ সহযোগত ষষ্ঠ বাৰ্ষিক দিবা নৈশ “জেৰাই কাপ” ফুটবল প্ৰতিযোগিতা ২০২৩ ।
মুকলি সভাৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, চাবুৱা সমষ্টিৰ বিধায়ক পুণাকন বৰুৱা আৰু বহু কেইবাগৰাকী গণ্যমান্য ব্যক্তি।
9. ক্ষুদ্ৰ উদ্যোগ নিগমৰ কৰ্মচাৰীৰ পৰা স্বেচ্ছামূলক অৱসৰৰ আবেদনৰ বাবে ৰাজহুৱা জাননি প্ৰকাশ ASIDCৰ।
ইচ্ছুক সকলক আবেদন কৰিবলৈ অনুৰোধ ASIDCৰ।
10. ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ বাক্সাতো দুৰ্গোৎসৱৰ ব্যাপক উছাহ।
মেৰকুছি শাৰদীয় দুৰ্গোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।
শোভাযাত্ৰা অংশগ্ৰহণ কৰে অভিনেত্ৰী আশা বৰদলৈয়ে।
11. “অসমতো হ’ব লাগে জাতিভিত্তিক লোকপিয়ল”
ৰাজ্যৰ চৰকাৰক এই আহ্বান প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ।
12. বাইহাটা চাৰিআলিৰ বেজেৰাৰ ভোমোলাহাটীত অঘটন।
পথাৰৰ পুখুৰীত পৰি দুই শিশুৰ কৰুণ মৃত্যু।
শিশু দুটি সুদীপ্ত বেজবৰুৱা আৰু মাধুৰ্য শীল।
বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত শিশু দুটিক মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
13. শ্ৰদ্ধাঞ্জলি উৰণসেতুত দুৰ্ঘটনা।
নিশা সুৰামত্ত চালকে খুন্দা মাৰি ভাঙিলে দলঙৰ ৰেলিং, পকী অংশ।
দুৰ্ঘটনা সংঘটিত কৰা গাড়ীৰ চালক কুলদীপ পৰাশৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
14. বটদ্ৰৱাৰ লালুং গাঁৱত ৰাইজে ড্ৰাগছসহ আটক কৰে দুই ড্ৰাগছ আসক্তক।
অসম সংখ্যালঘু পৰিষদৰ এটি দল আৰু ৰাইজৰ সহযোগত ড্ৰাগছসহ কৰায়ত্ব কৰে ড্ৰাগছ আসক্তক।
ধৃত সৰবৰাহকাৰী ক্ৰমে আব্দুল ৰফিকক আৰু দিলদাৰ হুছেইনক।
15. তিনিচুকীয়াৰ পেঙেৰীত গ্ৰেনেড উদ্ধাৰ।
আৰক্ষীৰ প্ৰাথমিক পৰীক্ষাত উদ্ধাৰ হোৱা গ্ৰেনেডটো সক্ৰিয় হৈ আছে।
16. বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে এজন লোকক।
থিতাতে নিহত মাহতলিৰ হৃদয় দাস নামৰ লোকজন।
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল হৃদয় দাস।
পথ অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।
17. ৰঙিয়াত ৯০ কেজি গাঞ্জা জব্দ।
এখন হুণ্ডাই i20 বাহনৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি।
গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা।
ওদালগুৰিৰ পৰা হাজো অভিমুখে আহিছিল বাহনখন।
18. চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী।
পথত ৰখাই থোৱা টেংকাৰত খুন্দা বাইকৰ।
নিহত যুৱকদ্বয় কনিষ্ঠ ৰায়, কপিল ৰায়।
19. হেলেমৰ টকৌবাৰীৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
ৰাষ্ট্রীয় ঘাইপথত দুখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন আৰু গুৰুতৰভাৱে আহত হয় ৩জন।
20. গুৱাহাটীৰ লালগণেশ-লখৰা সংযোগী পথত ভয়ংকৰ দুৰ্ঘটনা।
আৰক্ষীৰ এছক’ৰ্ট বাহনে মহটিয়াই নিয়ে কেইবাখনো বাহন।
চালকজনৰ বিৰুদ্ধে সুৰা সেৱন কৰি অহাৰ অভিযোগ।
এছক’ৰ্ট থাৰ বাহনখনৰ পৰা উদ্ধাৰ কৰে সুৰাৰ বটল আৰু তাছপাত।
দুৰ্ঘটনাটোত আহত হয় কেইবাজনো পথচাৰী।
Sangita Dutta News Editor Rnewsindia24.com