মধুবালাঃ
ভাৰতৰ মেৰিলীন মনৰ’
১৯৩৩ চনৰ ব্ৰিটিছ শাসিত ভাৰতৰ কথা।
দিল্লী চহৰৰ এক দৰিদ্ৰ পষ্টুন পৰিয়ালত জন্ম লাভ কৰিছিল এগৰাকী অতি ৰূপৱতী ছোৱালীয়ে।
মুমতাজ জাহান বেগম দালভি।
কামৰ সন্ধানত মুমতাজ সৰু থাকোতেই পৰিয়ালটোৱে দিল্লী চহৰৰ পৰা মুম্বাই( তেতিয়াৰ বম্বে) লৈ গুচি আহিছিল।
বম্বে চহৰৰ এক বস্তি অঞ্চলত পৰিয়ালটোৱে বসবাস কৰিবলৈ লৈছিল।
সেই সময়ৰ ”বম্বে টকীজ” ৰ নিচেই ওচৰতে আছিল এই অঞ্চলটো।
মুমতাজৰ ৰূপৰ চৰ্চা সেই ঠাইত লাহে লাহে প্ৰচাৰ হ’বলৈ ধৰিলে।
দেউতাকে ভাবিলে যে যদি তেওঁ মুমতাজক চিনেমা জগতত প্ৰচাৰ কৰিব পাৰে, তেওঁলোকৰ পৰিয়ালৰ দৰিদ্ৰতা অলপ হ’লেও দুৰ হ’ব।
কথা মতেই কাম হ’ল।
অকণমানি মুমতাজে বসন্ত(১৯৪২) আৰু ধন্না ভগত(১৯৪৫) নামৰ দুখন চিনেমাত কাম কৰাৰ সুযোগ পালে।
কণমানি মুমতাজ ৰ অভিনয় প্ৰতিভাত মোহিত হৈ বম্বে টকীজৰ এগৰাকী সহ- প্ৰতিষ্ঠাপক দেৱীকা ৰাণীয়ে মুমতাজক ”নীল কমল” নামৰ চিনেমা খনত জনপ্ৰিয় অভিনেতা ৰাজ কাপুৰৰ বিপৰীতে অভিনয় কৰাৰ সুযোগ দিলে।
সেই চিনেমা খনত কৰা অভিনয়ৰ পাছত মুমতাজ ওৰফে মধুবালাই আৰু পাছলৈ ঘুৰি চাব লগীয়া হোৱা নাছিল।
অভিনেতা অশোক কুমাৰৰ বিপৰীতে অভিনয় কৰা ভুতৰ চিনেমা ”ড্ৰিম মহল”(১৯৪৯) ৰ আকৰ্ষণীয় অভিনয়ে তেওঁক আৰু অধিক জনপ্ৰিয় কৰি তুলিলে।
”ড্ৰিম মহল” ৰ পাছত তেওঁ একেধাৰে ”তৰানা”(১৯৫১), ”সংদিল”(১৯৫২), চলতি কা নাম গাড়ী” (১৯৫৮) আৰু বহুতো বিখ্যাত চিনেমাত অভিনয় কৰিছিল।
এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হলেও তেওঁৰ ব্যক্তিগত জীৱন আছিল অত্যন্ত দুখৰ।
নিজৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ পথ হোৱা বাবে তেওঁ প্ৰত্যেক বছৰে একোখনকৈ চিনেমা ত কাম কৰিব লগীয়া হৈছিল।
”তৰানা” চিনেমাৰ সময়ত তেঁৰ অভিনেতা দিলীপ কুমাৰৰ লগত এক ঘনিষ্ঠ সম্বন্ধ গঢ় লৈ উঠিছিল। কিন্তু শুনা যায় যে তেওঁৰ দেউতাকৰ বাধাৰ বাবে এই সম্বন্ধ আগবাঢ়িব নোৱাৰিলে।
মধুবালাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ চিনেমা ”মুগলে- ই- আজম”(১৯৬০) প্ৰচলিত হোৱা বছৰতে তেওঁ এজন প্ৰসিদ্ধ গায়ক আৰু অভিনেতা কিশোৰ কুমাৰৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল।
কিন্তু সেই বিয়া উভয়ৰে বাবে সুখদায়ী নাছিল।
১৯৫০ চনৰ মাজভাগত মধুবালাৰ দেহত ধৰা পৰিছিল এক দুৰাৰোগ্য বেমাৰ যাৰ কোনো চিকিৎসা সেই সময়ত সম্ভৱ নাছিল।
সেই অসুখে ১৯৬০ চন মানত আতি জটিল ৰূপ ধাৰণ কৰে।
ৰুগীয়া দেহাৰে মধুবালাই কৰি যায় এখনৰ পাছত সিখন্কৈ ছবি।
কাৰণ পৰিয়ালটোত তেঁৱেই আছিল একমাত্ৰ উপাৰ্জনকাৰী।
অৱশেষত হিন্দী ছবি জগতৰ অন্যতম মোহময়ী অভিনেত্ৰী গৰাকীয়ে ১৯৬৯ চনৰ ১৪ ফেব্ৰুৱাৰীত এই সাংসাৰিক জগতৰ পৰা মেলানি মাগে।
সমাজলৈ এৰি থৈ যায় অসংখ্য অনুৰাগী, বহুকেইখন জনপ্ৰিয় ছবি।
নিজলৈ বুলি লৈ যায় অলেখ চকুপানী আৰু তিক্ততা ভৰা জীৱনৰ ভগ্নাৱশেষ।

সুকন্যা শইকীয়া, Rnewsindia24.com