Kapé MAC
® মিচিং জিৰণি চ’ৰা ভৱন উদ্বোধন।
৩০/০৬/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে ধনশিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বোকাখাতত নিৰ্মাণ কৰা ‘মিচিং জিৰণি চ’ৰা ভৱন’ খনি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, পৰিষদৰ সাধাৰণ সদস্য সুধীৰ মৰাং, সাধাৰণ সদস্যা নিভা পেগু মিলি, TMMKৰ উপদেষ্টা নন্দিতা পেগু, TMPK কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰাহুল লয়িং, গণশক্তি, MAK, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, খণ্ড, আঞ্চলিক পৰ্য্যায়ৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ বিদায় সভা।
৩/০৭/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত গাম্ভীৰ্যপূৰ্ণ কাৰ্য্যসূচীৰে এখনি বিদায় সভা অনুষ্ঠিত কৰে।
অনুষ্ঠানত পৰিষদৰ অতি নিষ্ঠাৱান ৫ গৰাকীকৈ কৰ্মচাৰীক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাই। কৰ্মচাৰী সকল ক্ৰমে – লক্ষীকান্ত পেগু, যোগেশ্বৰ পেগু, নিৰু দলে, তৰুণ বৰগোহাঁই, গুবিন্দ লাগাছূ।
অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্যদ্বয় পুৰুষোত্তম দলে, বিজু পেগু, প্ৰধান সচিব যাদৱ পেগু, মুখ্য সহায়ক বিপিন গাম আৰু পৰিষদৰ অন্যান্য কৰ্মচাৰী সকল।
® এম.এ.চি নিৰ্বাচন সম্পৰ্কীয় বিশেষ সভা।
৩০/০৭/২০২৬ তাৰিখে সন্মিলিত গণশক্তি অসমৰ বোকাখাট খণ্ডশক্তিৰ উদ্যোগত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সম্পৰ্কে বিস্তৃতভাৱে বক্তব্য আগবঢ়াই মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্য সুধীৰ মৰাং, বোকাখাত খণ্ডশক্তিৰ সভাপতি/সম্পাদক, গণশক্তি, MMK, TMMK আৰু TMPK ৰ অন্যান্য বিষয়ববীয়া।
® জোনাইৰ বান পৰিস্থিতি পৰিদৰ্শন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীৰ।
১/০৭/২০২৬ তাৰিখে জোনাই অঞ্চলৰ বান বিধস্ত উদয়পুৰ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শিৱৰাজ সিং চৌহান আৰু কিৰেন ৰিজিজুৱে।
মন্ত্ৰীদ্বয়ক সংগ দিয়ে মন্ত্ৰী ডাঃ ৰণোজ পেগু, পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী অতুল বৰা, বিধায়ক ভূৱন পেগু আৰু MAC, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।
® মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত ৰূপায়ন কৰা RCC পাৰকিউপাইন আৰু বেম্ব ড্ৰেগন ক্ৰিভছ লান্স আঁচনি পৰিদৰ্শন।
৪/০৭/২০২৬ তাৰিখে চিচিমুখৰ গেৰজাই গাৱঁত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা প্ৰৱল গঢ়া খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগ আৰু পৰিষদৰ যৌথ উদ্যোগত ৰূপায়ন কৰা RCC পাৰকিউপাইন আৰু বেম্ব ড্ৰেগন ক্ৰিভছ্ লান্স আঁচনি পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, সাধাৰণ সদস্যা লাৱণ্য মিলি, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে, উক্ত আঁচনিৰ ফলত নদীৰ গঢ়াৰ গভীৰতা ১৫ ফুটৰ পৰা ৭ ফুটলৈ কমি অহিছে বুলি R News India 24 ক অৱগত কৰে।

