২. মাইক্ৰ ব্লক গঠন কৰাৰ প্ৰক্ৰিয়া শেষ কৰি বিবেচনা কৰাৰ বাবে ৩০ জুলাইৰ ভিতৰত অসম চৰকাৰক তথ্য প্ৰদান কৰিব।
৩. মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৰাজহ সংগ্ৰহ দুই কোটি অতিক্ৰম কৰিছে যদিও দুই কোটি পঞ্চাচ লাখ টকা লক্ষ্য স্থিৰ কৰা হৈছে। MAC এলেকাৰ সকলো ৰাজহ উৎস সমূহ পৰিষদলৈ হস্তান্তৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী স্মাৰক পত্ৰ প্ৰদান।
উক্ত অনুষ্ঠানত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চক্ৰ, ক্ৰীড়া প্ৰতিযোগিতা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে।
অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, অসমৰ চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, নৱকুমাৰ দলে, ভূৱন গাম, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, অসমৰ বিশিষ্ট লোকশিল্পী তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক তৰাৱতী মিলি বড়ি, পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্যা-সদস্যা, ছয় মিচিং জাতীয় সংগঠন MBK, MMK, MAK, MDK, TMMK, TMPKৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ছাত্ৰ/সামাজিক সংগঠনৰ বিষয়ববীয়া আৰু সহস্ৰাধিক ৰাইজ।
®বানপানীয়ে সৃষ্টি কৰা গৰা খহনীয়া পৰিদৰ্শন MACৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।
৭/০৭/২০২৬ তাৰিখে বাৰিষাৰ প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ধুনাগুৰি আউনিবাৰী গাঁৱৰ গৰা খহনীয়া পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
পৰিদৰ্শন কালত উপস্থিত থাকে ডিক্ৰং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য দিলীপ পেগু, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
®মিচিং বাঃনৗ কৗবাঙৰ গুৰুত্বপূৰ্ণ সভা।
৮/০৭/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত MBK উদ্যোগত এখনি বিশেষ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে।
উক্ত সভাত অহা ১৭ জুলাই তাৰিখে মিচিং বানে কেবাঙৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ সম্পৰ্কে পৰ্যালোচনা কৰে।
সভাত উপস্থিত থাকে MBKৰ সভাপতি তথা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, MMK ৰ সভাপতি তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্যা-সদস্যা, ছয় মিচিং জাতীয় সংগঠন MBK, MAK, MDK, MMK, TMMK, TMPKৰ কেন্দ্ৰীয় বিষয়ববীয়া।
®সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পাঁচ বছৰীয়া কাৰ্যসূচীৰ শুভাৰম্ভণি।
গোগামুখ মহাবিদ্যালয় প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় চক্ৰধৰ পেগু, প্ৰতিষ্ঠাপক সভাপতি চন্দ্ৰকান্ত দলে আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক স্বৰ্গীয় ৰত্নেশ্বৰ পেৰমেৰ স্মৃতিসৌধ নিৰ্মাণস্থলীত বন্তি প্ৰজ্বলন কৰি ২০৩১ বৰ্ষৰ ৭ জুলাই তাৰিখে মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে পাঁচ বছৰীয়া প্ৰস্তুতি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° বিমান চেতিয়া, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকা, স্থানীয় বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, বিভিন্ন বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী সকল।