Mising Autonomous Council

Kapé MAC

Spread the love

® বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ কৰ্মশালা।

১৫/০৭/২০২৬ তাৰিখে নেচাৰ্চ বেকনৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত টাবুৰাম টাইদ সোঁৱৰণি সভাকক্ষত “বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতা” শীৰ্ষক এখনি প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠিত কৰে।

কৰ্মশালাত ছাত্ৰ ছাত্ৰীক বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উক্ত কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰ্থে বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

সমল ব্যক্তি হিচাপে উপস্থিত থাকে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত, সমন্বয়ক যুগল সন্দিকৈ, সদস্য সত্যব্ৰত গগৈ।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, গোগামুখ মহাবিদ্যালয়, চাউলধোৱা উচ্চ মাধ্যমিক বিদ্যালয়, কচুতলি উচ্চ মাধ্যমিক বিদ্যালয়, জ্ঞানজ্যোতি একাডেমী, খ্ৰাইষ্ট কিং উচ্চতৰ মাধ্যমিক বিদ্যালয়, নেচনেল পাব্লিক স্কুলকে ধৰি স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকবৃন্দ।

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ কৰা আঁচনিৰ শুভ উদ্বোধন।

১৬/০৭/২০২৬ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৩ নং যোৰহাট সমষ্টিত ২০২৫-২৬ বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰা বিদ্যালয় গৃহ আৰু পকী চাৰিবেৰ শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।

আঁচনি সমূহ ক্ৰমে –
১/১৫ লাখ টকা ব্যয়ৰে কলবাৰী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ নতুন শ্ৰেণী কোঠা ৷

২/ ৫ লাখ টকা ব্যয়ৰে ললিতি চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন (Roofing Works)৷

৩/ ১০ লাখ টকা ব্যয়ৰে বৰচাপৰি প্ৰাথমিক বিদ্যালয়ৰ পকী চাৰিবেৰ।

৪/ ১০ লাখ টকা ব্যয়ৰে বাহিৰ কলিয়া প্ৰাথমিক বিদ্যালয়ৰ পকী চাৰিবেৰ।

৫/ ১০ লাখ টকা ব্যয়ৰে বাঘমৰা প্ৰাথমিক বিদ্যালয়ৰ পকী চাৰিবেৰ।

৬/ ৫ লাখ টকা ব্যয়ৰে কলবাৰী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ পকী চাৰিবেৰ।

৭/ ৭ লাখ টকা ব্যয়ৰে নেউল গাঁও উপ স্বাস্থ্যকেন্দ্ৰৰ পকী চাৰিবেৰ।

শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা বিদ্যালয় পৰিদৰ্শক বুলি গগৈ, যোৰহাট শিক্ষা খণ্ডৰ Block Resource Person টুইংকল গগৈ, উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ Block Resource Person পল্লবী কোঁৱৰ গগৈ, ৪০ নং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰিমঝিম দলে, ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা জনজাতি মৰ্চাৰ সভাপতি জিতেন্দ্ৰ পাঠৰি, TMPKৰ কেন্দ্ৰীয় সদস্য বাবাই পেগু, MMKৰ কেন্দ্ৰীয় সদস্য অতুল মিচং, বিদ্যালয়সমূহৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® মিচিং বাঃনৗ কৗবাঙৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস।

১৭/০৭/২০২৬ তাৰিখে গোগামুখ আবুতানি লত্তাত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

উক্ত দিৱসৰ পতাকা উত্তোলন কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

স্মৃতি তৰ্পণ কৰে বিশিষ্ট শিল্পী দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গামে।

অনুষ্ঠানত উপস্থিত থাকে MMKৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, দঃঞি পঃল য়েলাম কৗবাঙৰ উপ-সভাপতি হৰিপ্ৰসাদ মিলি, সম্পাদক বিনোদ কুম্বাং, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MAKৰ সভাপতি হৰিনাৰায়ন পেগু, সম্পাদক সোমেশ্বৰ কপ্তাক, TMMKৰ উপদেষ্টা নন্দিতা পেগু, TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, আদি মিচিং বাঃনৗ কৗবাঙৰ সভাপতি নৰেশ্ব কুম্বাং, MDKৰ সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে – পুৰুষোত্তম দলে, যজ্ঞেশ্বৰ কুটুম, দেৱৰঞ্জন মৰাং, উমা পাঠৰি, সাধাৰণ সদস্য ক্ৰমে – বানীকান্ত দলে, ৰাজু পেগু, দিলীপ পেগু, নীলকান্ত দলে, কনক দলে, সাধাৰণ সদস্যা লাৱণ্য মিলি, বিশিষ্ট সাহিত্যিক কালিনাথ পাংগিং, TMPKৰ সম্পাদক চান পাংগিং, গণশক্তিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰমা পাইট, TMPKৰ উপ-সভাপতি টুনিৰাম পাংগিং, TMPKৰ প্ৰাক্তন সম্পাদক পদ্মলোচন দলে, উজনি মাজুলীৰ জিলা পৰিষদ সদস্য চাপ্পল দলে, বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষাবিদ, গাম সকল, ছয় মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ বিভিন্ন বিষয়ববীয়া আৰু সহস্ৰাধিক ৰাইজ।

® TATA TRUST আৰু CMLৰ প্ৰতিনিধিৰ সৈতে বিশেষ বৈঠক MAC ৰ।

২০/০৭/২০২৬ তাৰিখে
TATA TRUST আৰু CMLৰ প্ৰতিনিধিৰ সৈতে বিশেষ বৈঠকত মিলিত হয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

বৈঠকত পৰিষদীয় অঞ্চলত পশুধন আৰু অন্যান্য জীৱন জীৱিকা মূলক ক্ষেত্ৰত সম্ভাৱ্য সহযোগিতামূলক প্ৰকল্প গ্ৰহণ কৰা সম্পৰ্কে পৰ্যালোচনা কৰে।

উপস্থিত থাকে RLRCৰ সঞ্চালক চত্ৰ মেদক, TATA TRUST আৰু CML ৰ অন্যান্য বিষয়ববীয়া।

® MACৰ CEM পৰমানন্দ চায়েঙীয়াক সাক্ষাৎ ৰাষ্ট্ৰীয় পাঞ্জাত সোণৰ পদক প্ৰাপক অলকা দলেৰ।

১৯/০৭/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা অলকা দলেয়ে।

অহা ২২-২৮ ছেপ্টেম্বৰলৈ জাপানত অনুষ্ঠিত হ’বলগীয়া ‘বিশ্ব পাঞ্জা’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে BCAIৰ পৰা নিমন্ত্ৰন লাভ কৰিছে খেলুৱৈ গৰাকীয়ে।

উল্লেখ্য যে, জাপানলৈ যোৱাৰ আৰ্থিক সাহাৰ্য্য মিচিং স্বায়ত্বশাসিত পৰিষদে আগবঢ়াব বুলি অৱগত কৰি তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

সাক্ষাৎকালত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য সুধীৰ মৰাং আৰু অলকা দলেৰ পিতৃ কুলাই দলে।

® বান পৰিস্থিতি পৰিদৰ্শন।

ঘূণাসুতি, এছেৰাকটা গোৱালবাৰী এলেকাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে MACৰ CEM পৰমানন্দ চায়েঙীয়াই।

পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য বিজু পেগু, যুৱনেতা বসন্ত দাস, গণশক্তি, মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়াই।

® দিছপুৰত অসমৰ ভৈয়াম জনজাতি মন্ত্ৰীক সাক্ষাৎ মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচন প্ৰক্ৰিয়া সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ২০/০৭/২০২৬ তাৰিখে দিছপুৰত অসমৰ শিক্ষা আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

সাক্ষাৎকালত উপস্থিত থাকে কাৰ্য্যবাহী সদস্য বিজু পেগু, মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *