মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ বৰুৱাই।
নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি উঠি অহা নৱ-প্ৰজন্মই কেনেকৈ, কোন দিশে আগবাঢ়ি যাব লাগিব, কোনটো বিভাগত পঢ়িবলৈ নিজকে প্ৰস্তুত কৰিব পাৰি, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগিব সকলোবোৰ বিষয় সামৰি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই পাঞ্জাৱ নেচনেল বেংকৰ জ্যেষ্ঠ প্ৰৱন্ধক ভূৱন শইকীয়াই।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কুমাৰ সন্মিলনৰ সভাপতি গোপাল হাজৰিকা, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দিগন্ত কলিতা, লখিমপুৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক বাবুল বৰা, সদৰ আঞ্চলিকৰ সভাপতি মনেশ্বৰ কলিতা।
অনুষ্ঠানত তৃতীয় আৰু চতুৰ্থ বৰ্গত নতুনকৈ নিযুক্তি পোৱা ব্যক্তি সকলক বিশেষ সম্বৰ্ধনা জনায়।
বৰগীত, দেশপ্ৰেমমূলক গীত পৰিৱেশন, ভাওনা, আধুনিক নৃত্য, সত্ৰিয়া নৃত্য আদি প্ৰদৰ্শনেৰে অনুষ্ঠানৰ কাৰ্যসূচী সমূহ ৰূপায়ন কৰে।
উপস্থিত থাকে লখিমপুৰ জিলা কুমাৰ সন্মিলনৰ সমূহ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, ৯ খন আঞ্চলিকৰ সভাপতি/সম্পাদক, অন্যান্য বিষয়ববীয়া, উদীয়মান সাহিত্যিক, অন্যান্য ক্ষেত্ৰৰ যুৱক-যুৱতী আৰু স্থানীয় ৰাইজ।