Kapé MAC - R News India 24
Skip to content
® মিচিং স্বায়ত্তশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱন পৰিদৰ্শন।
২৬/০৬/২০২৬ তাৰিখে পৰিষদৰ পুঁজিৰে ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ত নিৰ্মাণ কৰি থকা প্ৰশাসনিক ভৱন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
পৰিদৰ্শন কালত সংগ দিয়ে মহাবিদ্যালয়ৰ অধ্যাপক , অধ্যাপিকা, পৰিচালনা সমিতিৰ সভাপতি পদ্মলোচন দলে আৰু MMK, TMPKৰ অন্যান্য বিষয়ববীয়াই।
® মিচিং কৃষ্টি বিকাশ কেন্দ্ৰৰ পকি দেৱাল নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি।
লখিমপুৰ মিচিং কৃষ্টি বিকাশ কেন্দ্ৰৰ সীমা পকি দেৱাল নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰি কৃষ্টি বিকাশ সমিতি আৰু জাতীয় সংগঠনৰ সমূহৰ সৈতে পৰিচালনা ব্যৱস্থা সম্পৰ্কে পৰ্য্যালোচনা কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উক্ত শুভাৰম্ভণি কাৰ্য্যসূচীত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যদ্বয় দেৱৰঞ্জন মৰাং, বিজু পেগু, গণশক্তি, MMK, TMMK, TMPKৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® গৰম বন্ধত “গ্রীষ্মকালীন শিবিৰ” অনুষ্ঠিত কৰাৰ উদ্দেশ্যে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত বিষেশ সভা।
গ্রীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ উদ্দেশ্যে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে।
সভাত প্ৰকৃতি সুৰক্ষা, সংৰক্ষণৰ হকে নৱ-প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি, সামাজিক সচেতনতা, দায়বদ্ধতা অধিক গতিশীল কৰিবলৈ গৰম বন্ধত “গ্রীষ্মকালীন শিবিৰ” (SUMMER CAMP) শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰা সম্পৰ্কে আলোচনা কৰে।
সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে পৰিষদৰ প্ৰধান সচিব যাদৱ পেগু, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, জ্ঞানজ্যোতি একাডেমী উপাধ্যক্ষ পবন উপাধ্যায়, উপাধ্যক্ষ যজ্ঞেশ্বৰ পেগু, নেচাৰ্চ বেকনৰ সমন্বয়ক যুগল সন্দিকৈ, NPHSৰ অধ্যক্ষ জব ৰিচাড পেগু, অধ্যক্ষ এণ্টনী মুছাহাৰী, অধ্যক্ষ ঘনশ্যাম দাহাল, ৰিজলোশ্যন একাডেমীৰ এম.ডি শচিন্দ্ৰ দলে, চাউলধোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন্দ্ৰ চুতীয়া, জংকী পানৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ পেগু, শিক্ষক ক্ৰমে – জীনামণি পাৰমে, বিদিশা বৰঠাকুৰ, সুভাষ পেগু, পূৰ্ণানন্দ লালুং, মনলি স্বৰ্গীয়াৰী, দ্বীপশিখা শইকীয়া, পল্লৱী শইকীয়া, দুৰ্গা প্ৰসাদ পেগু, পৰিষদৰ অন্যান্য বিষয়া কৰ্মচাৰী সকল।
উল্লেখ্য যে, অহা জুলাই মাহৰ ১৫ তাৰিখে গোগামুখত সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰে “গ্রীষ্মকালীন শিবিৰ” (SUMMER CAMP) অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উক্ত কাৰ্যসূচী ঢকুৱাখনা, ধেমাজি, চিলাপথাৰ, চিমেন চাপৰি, গড়মূৰ, যোৰহাট, শিৱসাগৰ, বোকাখাট, গহপুৰ আদি স্থানতো ৰূপায়ন কৰিব বুলি Rnewsindia24 ক জানিবলৈ দিয়ে।
® মিংমাং কৃষি সমবায় সমিতিৰ বাবে অধিগ্ৰহণ কৰা ভূমি পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।
মিংমাং কৃষি সমবায় সমিতিৰ স্থায়ী কাৰ্যালয় চৌহদৰ বাবে অধিগ্ৰহণ কৰা দহবিঘা ভূমি পৰিদৰ্শন কৰি কাৰ্যালয়, মীনপাম, গাহৰী পাম আদি নিৰ্মাণ সম্পৰ্কে আলোচনাত মিলিত হয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
অহা ৪ জুলাই তাৰিখে সমিতিৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন কৰাৰ লগতে মীনপাম খনত অৰ্থাৎ তিনি বিঘা) ভূমিত মাছৰ পুনা মেলা হব বুলি অৱগত কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
® ৰেঙাম সোৱণশিৰি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় পৰিদৰ্শন।
ৰেঙাম সোৱণশিৰি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰি সমস্যাসমূহৰ বুজ লয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে শিক্ষকবৃন্দ আৰু ছাত্ৰ ছাত্ৰীয়ে অৱগত কৰা সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
® মিংমাং যুটিয়া কৃষি সমবায় সমিতিৰ সাধাৰণ অধিৱেশন।
মিংমাং পৰিষদীয় সমষ্টিৰ বৰলা দঃঞি পঃল কৃষ্টি ভৱনত মিংমাং যুটিয়া কৃষি সমবায় সমিতিৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰে।
সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে TMPK ৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে।
সভাপতিত্ব কৰে খগেশ্বৰ টায়ুঙে।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম আৰু ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে ৰাইজক অৱগত কৰি অন্যান্য বেচৰকাৰি সংগঠনৰ সৈতে সংগতি ৰাখি নতুন পৰিকল্পনাৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়াই পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উল্লেখ্য যে, সভাত সভাপতি হিচাপে নিৰ্বাচিত হয় বাবুল বৰা আৰু সম্পাদক হিচাপে নিৰ্বাচিত হয় পূৰ্ণানন্দ মিলি।
দুয়োগৰাকী সভাপতি/ সম্পাদককে ধৰি ৩১জনিয়া এখনি নতুন সমিতি গঠন কৰে।
® সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া স্থান পৰিদৰ্শন।
গেৰেকি, ভোৰবন্ধা, দৰগে আৰু হাতিয়েমৰা গাৱঁত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে ৰাইজক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
এইক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে NHPC কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
আনহাতে, মিংমাং পৰিষদীয় সমষ্টিৰ বদতি আৰু কৈলাসপূৰ গাৱঁৰ আৰ চি চি দলং আৰু কালভাৰ্টত বান খহনীয়াৰ ফলত সৃষ্টি হোৱা ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
® TMPK ধেমাজি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা।
২৮/০৬/৩০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত TMPK ধেমাজি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ।
সভাত আগন্তুক ১৭ সংখ্যক TMPKৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা MBKৰ সভাপতি পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে ধেমাজি MMK, TMMK, TMPKৰ সভাপতি/সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদ দৈনন্দিন খবৰ সমূহৰ লগতে বিভিন্ন খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com
Post navigation
Go Top