মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক 'ভাষা দিৱস' উদযাপন। - R News India 24
Skip to content
Mising Autonomous Council
লখিমপুৰ জিলাৰ ঘূণাসূঁতি মিৰি জীয়ৰী মহাবিদ্যালয় প্ৰাঙ্গনত মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক ‘ভাষা দিৱস’ বৰ্ণাধ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰে।
অসম চৰকাৰৰ পূঁজিৰে নিৰ্মাণ কৰা আগম মিগাং তাবুৰাম টাইদৰ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
লগতে মহাবিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
বিশিষ্ট ভাষাবিদ, মিচিং আগম কেবাঙ (মিচিং সাহিত্য সভা) ৰ প্ৰতিষ্ঠাপক সভাপতি আগম মিগাং টাবুৰাম টাইডে মিচিং ভাষাৰ সংৰক্ষণ, প্ৰচাৰ-প্ৰসাৰ আৰু উন্নয়নৰ দিশত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মিচিং আগম কেবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু, সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাক, মিৰি জীয়ৰী মহাবিদ্যালয়, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, পুৰোষোত্তম দলে, জহান দলে, বিজু পেগু, দেৱৰঞ্জন মৰাং, প্ৰশান্ত বড়ী, কাৰ্যবাহী সদস্যা ইন্দিৰা কুম্বাং, সাধাৰণ সদস্য ৰাজু পেগু, অনিল পায়েং, TMPK ৰ সাধাৰণ সম্পাদক চান পাংগিং, TMMK ৰ সভানেত্ৰী গীতাঞ্জলি পাতিৰ, সম্পাদীকা শৰ্মিলা পেগু, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।