1. জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত পতিত হয় কনভয়ৰ চাৰিখনকৈ বাহন।
গুৱাহাটীৰ পৰা কাজিৰঙালৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।
2. ৰাইজৰ দলৰ নলবাৰী জিলাৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ।
২০০৭ চনৰ এটি গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয় চক্ৰৱৰ্তী।
3. বিহগী কবি ৰঘুনাথ চৌধাৰী সোঁৱৰণী বঁটা-২০২৩ ঘোষণা।
কবি প্রণৱ কুমাৰ বৰ্মনলৈ আগবঢ়োৱা হয় এই বিশেষ এই বঁটা।
১৮ নৱেম্বৰত নলবাৰীত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীয়ে প্রদান কৰিব এই বঁটা।
4. দুর্নীতি বিৰোধী বিভাগৰ জালত ইডি বিষয়া নৌলকিশোৰ মীনা।
১৫ লাখ টকাৰ উৎকোচলৈ গ্ৰেপ্তাৰ হয় ইডিৰ বিষয়া গৰাকী।
10. অসমত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংগচুক৷
মা কামাখ্যাৰ আশিস লয় ভূটানৰ নৃপতিগৰাকীয়ে৷
সন্ধিয়া ৫ বজাত খানাপাৰাৰ ষ্টাফ কলেজৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে ভূটানৰ নৃপতি গৰাকী।
11. সোণাৰিত আৰক্ষী জোৱানৰ আকস্মিক মৃত্যু।
কৰ্তব্যৰত অৱস্থাতে মৃত্যু হয় জোৱান ৰবীন গগৈ।
মৃত জোৱান জনৰ ঘৰ ডিমৌত ।
12. নৃত্যৰত অৱস্থাত দেখা যায় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াক।
কানাড়া সাংস্কৃতিক মন্ত্ৰালয়ে হাম্পিত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত নাচে ছিদ্দাৰামায়াই।
18. মহানগৰীৰ হেঙেৰাবাৰীত পিষ্টল দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিয়ে চেইন।
বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড।
আনহাতে, চচলতো পিষ্টল দেখুৱাই চেইন টনাৰ চেষ্টা দুৰ্বৃত্তৰ।